মধ্যপ্রাচ্যত যুদ্ধ -ৰ জুই
মধ্যপ্রাচ্যত যুদ্ধ -ৰ জুই
ইউক্রেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধই তিনি বছৰ অতিক্রম কৰিছে৷ এতিয়াও দুয়োখন দেশৰ মাজত অব্যাহত আছে ৰক্তক্ষয়ী যুদ্ধ৷ ইতিমধ্যে বিশ্ব অর্থনীতিত ভয়াৱহ প্রভাৱ পেলাইছে ইউক্রেইন–ৰাছিয়াৰ যুদ্ধই৷ বিভিন্ন খাদ্যশস্যৰ ভঁৰাল হিচাপে চিহ্ণিত ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই ইউৰোপৰ বজাৰত বিগত তিনি বছৰ ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ দাম অভাৱনীয়ভাৱে বঢ়াই আহিছে৷ ইয়াৰ মাজতে গাজাত হামাছ আৰু ইজৰাইলৰ যুদ্ধই বিভীষিকাৰ ৰূপ ধাৰণ কৰে৷ ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ অভ্যন্তৰত প্রৱেশ কৰি পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছে নৰসংহাৰ সংঘটিত কৰাৰ লগতে বহু ইজৰাইলী লোকক অপহৰণ কৰাৰ পিছতে হামাছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে ইজৰাইলী সেনাই৷ ইতিমধ্যে হামাছৰ লগতে গাজাৰ বিস্তৰ ক্ষতিসাধন কৰিছে এই যুদ্ধই৷ ইজৰাইলী সেনাৰ হিংস্র আক্রমণত শিশু–মহিলাসহ গাজাত ৫৫ সহস্রাধিক নিৰীহ পেলেষ্টাইনীয়ে প্রাণ হেৰুৱাইছে৷ অকল সেয়াই নহয়, গাজাত থকা শিক্ষানুষ্ঠান, হাস্পতালকে ধৰি সকলো প্রতিষ্ঠান ইজৰাইলে বোমা–ক্ষেপণাস্ত্রৰে ধ্বংস কৰি পেলাইছে৷ গাজাৰ পৰিস্থিতি এতিয়া অবর্ণনীয়৷ বিশ্ব সম্প্রদায় আৰু আন্তর্জাতিক মানৱাধিকাৰ সংগঠনসমূহে গাজাত মানৱতাৰ অপমৃত্যু ঘটা বুলি অভিযোগ কৰি আহিছে৷ ইয়াৰ মাজতো ইজৰাইলে সঘনে নিৰীহ পেলেষ্টাইনীৰ ওপৰত চলাই আছে আক্রমণ৷ এই ভয়াৱহ পৰিস্থিতি অব্যাহত থকাৰ সময়তে এইবাৰ ইজৰাইল আৰু ইৰানৰ মাজত আৰম্ভ হৈছে অন্য এক যুদ্ধ৷ ইৰানৰ পাৰমাণৱিক কার্যসূচীত বাধা দিবলৈ ইজৰাইলে আৰম্ভ কৰা যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে ইজৰাইলৰ বোমা–ক্ষেপণাস্ত্রত ইৰানত দেশখনৰ শীর্ষ সেনা বিষয়াৰ লগতে ৯গৰাকী পৰমাণু বিজ্ঞানীসহ পাঁচ শতাধিক লোকৰ মৃত্যু হৈছে৷ কিন্তু মধ্যপ্রাচ্যত দীর্ঘদিন ধৰি এক অবিনাশী শক্তি হিচাপে চিহ্ণিত হৈ থকা ইজৰাইলো এইবাৰ ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইৰানে নিক্ষেপ কৰা বিধ্বংসী বেলিষ্টিক ক্ষেপণাস্ত্রই ইজৰাইলৰ লৌহ প্রাচীৰ হিচাপে চিহ্ণিত আইৰন ডোমৰ প্রতিৰোধ প্রতিহত কৰি দেশখনৰ অভ্যন্তৰত সৃষ্টি কৰিছে ধ্বংসলীলা৷ আনকি ইজৰাইলত প্রতিৰক্ষা মুখ্য কার্যালয়ত ইৰানৰ ড্রোনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ইৰানে বিশ্বৰ প্রথম স্থানত থকা চোৰাংচোৱা সংস্থা হিচাপে চিহ্ণিত হোৱা ইজৰাইলৰ গুপ্তচৰ সংস্থা ‘মোছাড’ৰ মুখ্য কার্যালয়তো আঘাত কৰিছে৷ ইজৰাইল চৰকাৰে সদৰী কৰা অনুসৰি ইৰানৰ ক্ষেপণাস্ত্রৰ আঘাতত ইতিমধ্যে দেশখনত ২৩গৰাকী লোক নিহত হোৱাৰ উপৰি শতাধিক আহত হৈছে৷
ইৰানে দাবী কৰা অনুসৰি ইজৰাইলে ক্ষয়–ক্ষতিৰ হিচাপ গোপন কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে, ইৰানৰ বিৰুদ্ধে ইজৰাইলে আক্রমণ তীব্রতৰ কৰাৰ সময়তো আশংকাৰ সন্মুখীন হৈছে ইহুদী ৰাষ্ট্রখনৰ সেনা৷ কাৰণ ইৰানৰ সমান্তৰালকৈ য়েমেনৰ পৰা সশস্ত্র সংগঠন হুঠীয়ে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্রৰে আক্রমণ আৰম্ভ কৰিছে৷ দুয়োখন দেশৰ মাজত এনে আক্রমণ–প্রত্যাক্রমণ চলি থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ভূমিকাই বিশ্বজুৰি কঢ়িয়াই আনিছে অশনি সংকেত৷ ট্রাম্পে কানাডাত আয়োজন কৰা জি–৭ গোষ্ঠীৰ বৈঠকৰ পৰা আধাতে গৃহভূমিলৈ প্রত্যাৱর্তন কৰি ইৰানত থকা মার্কিন নাগৰিকসকলক শীঘ্রে নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ নির্দেশ দিয়ে৷ অকল সেয়াই নহয়, মধ্যপ্রাচ্যৰ মার্কিন দূতাৱাস বা সামৰিক ঘাটিত ইৰানে আক্রমণ চলালে পৰিণতি ভয়াৱহ হ’ব বুলি ট্রাম্পে ঘোষণা কৰিছে৷ ইফালে, ইজৰাইলে ইৰানৰ শীর্ষ নেতা আয়াতুল্লা আলী খোমেইনিক হত্যা কৰিলে যুদ্ধৰ শীঘ্রে অৱসান ঘটিব বুলি ঘোষণা কৰাৰ লগে লগে পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ ইতিমধ্যে ইজৰাইলৰ এই ভাবুকিৰ মাজতে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে খোমেইনি ক’ত নিৰাপদে আশ্রয় লৈ আছে, সেই কথা জানে বুলি উল্লেখ কৰি এতিয়াই খোমেইনিক হত্যা কৰা নহয় বুলি উল্লেখ কৰিছে৷ ইয়াৰ পিছতে ইৰানৰ শীর্ষ নেতাগৰাকীয়ে ইজৰাইলৰ বিৰুদ্ধে পূর্ণাংগ যুদ্ধ আৰম্ভ হোৱা বুলি ঘোষণা কৰিছে৷ লগে লগে বিশ্ব অর্থনীতিলৈ পুনৰ নামি আহিছে অশনি সংকেত৷ ইতিমধ্যে তেলৰ বজাৰত পৰিছে এই যুদ্ধৰ প্রভাৱ৷ মাত্র পাঁচ দিনৰ সামৰিক সংঘাতত ইতিমধ্যে প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য ৬ ডলাৰ বৃদ্ধি পাইছে৷ অর্থাৎ এই ভয়ংকৰ যুদ্ধই আকৌ এবাৰ বিশ্ব অর্থনীতিত মোক্ষম আঘাত হনাৰ আশংকাই দেখা দিছে৷