অপাৰেচন সিন্ধু : ইৰানৰ পৰা ১১০ ভাৰতীয় শিক্ষাৰ্থীৰ সুকলমে দেশলৈ প্ৰত্যাৱৰ্তন
ভাৰতে সংঘাতৰ অঞ্চলৰ পৰা নিজৰ নাগৰিকক ঘূৰাই অনাৰ বাবে ‘অপাৰেচন সিন্ধু’ আৰম্ভ কৰিছে
অপাৰেচন সিন্ধু : ইৰানৰ পৰা ১১০ ভাৰতীয় শিক্ষাৰ্থীৰ সুকলমে দেশলৈ প্ৰত্যাৱৰ্তন
নিউজ ডেস্ক, ১৯ জুন : উত্তৰ ইৰানৰ পৰা ১১০জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ এখন বিমান আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে, যিহেতু ভাৰতে সংঘাতৰ অঞ্চলৰ পৰা নিজৰ নাগৰিকক ঘূৰাই অনাৰ বাবে ‘অপাৰেচন সিন্ধু’ আৰম্ভ কৰিছে।
এক বিবৃতিত এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এক্সত পোষ্ট কৰে, “অপাৰেচন সিন্ধু আৰম্ভ। ভাৰতে ইৰানৰ পৰা ভাৰতীয় নাগৰিকক উলিয়াই অনাৰ বাবে অপাৰেচন সিন্ধু আৰম্ভ কৰে। ভাৰতে উত্তৰ ইৰানৰ পৰা আৰ্মেনিয়াত পাৰ হৈ যোৱা ১১০জন ছাত্ৰ-ছাত্ৰীক ১৭ জুনত ইৰান আৰু আৰ্মেনিয়াত থকা আমাৰ মিছনৰ তত্ত্বাৱধানত উদ্ধাৰ কৰে। তেওঁলোক য়েৰেভানৰ পৰা বিশেষ বিমানেৰে যাত্ৰা আৰম্ভ কৰে।” আৰু আজি পুৱা নতুন দিল্লীত উপস্থিত হয়।”
ভাৰত চৰকাৰে কয় যে ভাৰতে বিদেশত থকা নিজৰ নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে।