প্রথম টেষ্টৰ পূর্বে ইংলেণ্ডক সকীয়নি শ্বার্দুলৰ
🔹 শৃংখলাৰ পূর্বে বাকযুদ্ধত লিপ্ত দুয়ো দেশৰ খেলুৱৈ
নিউজ ডেস্ক, ১৯ জুন : কাইলৈৰ পৰা পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটো আৰম্ভ হোৱাৰ আগতেই বাকযুদ্ধত লিপ্ত হৈছে ভাৰত আৰু ইংলেণ্ডৰ খেলুৱৈ৷ শৃংখলাৰ প্রথমখন টেষ্টৰ দুদিন পূর্বে ইংলেণ্ড দলৰ অধিনায়ক বেন ষ্ট’কছক একপ্রকাৰ সতর্ক কৰি দিলে ভাৰতীয় দলটোৰ পেচ বলাৰ শ্বার্দুল ঠাকুৰে৷ প্রতিপক্ষক চমক দিবলৈ ভাৰতীয় দলটো সম্পূর্ণৰূপে সাজু বুলি ব্যক্ত কৰিলে টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰগৰাকীয়ে৷
মঙলবাৰে অনুশীলনৰ সময়ত শ্বার্দুলে কয়- আগন্তুক টেষ্ট শৃংখলাটোত ভাৰতীয় দলৰ ফলাফলক লৈ আমি আশাবাদী৷ ইংলেণ্ডত ক্রিকেট খেলাটো সদায় অতি ৰোমাঞ্চকৰ৷ ইয়াত বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ প্রথমতে আমি ইয়াৰ বতৰৰ কথা ক’ব লাগিব৷ কেতিয়াবা আকাশ ডাৱৰীয়া, কেতিয়াবা ৰ’দ৷ ইয়াত সকলো ক্রিকেটাৰকে খাপ খুওৱাৰ বাবে কিছু সময়ৰ প্রয়োজন হয়৷ বেটাৰ বা বলাৰ সকলোৱে নিজৰ খেলত প্রয়োজনীয় পৰিৱর্তন কৰিব লাগে৷ যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটো সন্দর্ভত অলৰাউণ্ডাৰগৰাকীয়ে লগতে কয় যে দলটোৰ প্রতিগৰাকী খেলুৱৈ শৃংখলাটোৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে৷ শৃংখলাটোক অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে সতীর্থসকলে৷ ইংলেণ্ডে এতিয়া বেলেগ ধৰণৰ ক্রিকেট খেলে৷ আমি তেওঁলোকক প্রত্যাহ্বান জনাবলৈ সাজু আছোঁ৷ দেশ–বিদেশৰ বাহিৰত শৃংখলা জয় কৰাৰ আনন্দ বেলেগ৷ যদি আমি আশা কৰাধৰণে সফলতা লাভ কৰিব পাৰোঁ, তেন্তে সেয়া হ’ব এক বৃহৎ কথা৷
২০২০–২১ চনত ইংলেণ্ডত টেষ্ট খেলাৰ অভিজ্ঞতা আছে শ্বার্দুল ঠাকুৰৰ৷ পূর্বৰ অভিজ্ঞতা ব্যৱহাৰ কৰি এইবাৰ আৰু উন্নত প্রদর্শন কৰাৰ লক্ষ্য লৈছে পেচ বলাৰগৰাকীয়ে৷ উল্লেখ্য যে পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ প্রথমখন টেষ্ট শুকুৰবাৰৰ পৰা হেডিংলেত অনুষ্ঠিত হ’ব৷ এই শৃংখলাটোৰ জৰিয়তে ভাৰতীয় দলটোৱে ২০২৫–২৭ বর্ষত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চক্র আৰম্ভ কৰিব৷