🔹 নার্ছিং হোমৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ
বিশেষ বাৰ্তা, ১৯ জুন : চিকিৎসা ব্যয়ৰ টকা আদায় দিব নোৱাৰিলে ৰোগীক অতিৰিক্ত দিন থাকিবলৈ বাধ্য কৰোৱা বা মৃতদেহ পৰিয়ালক গতাই নিদিয়া নার্ছিং হোমৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰ৷ এই সন্দর্ভত দুই–এদিনতে কেবিনেটত আলোচনা কৰি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্রহণৰ দিশে অগ্রসৰ হৈছে৷- কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে সদৰী কৰে৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয়- নার্ছিং হোমসমূহে মৃত্যুৰ পাছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত পৰিয়ালক মুকলি কৰি নিদিয়ে৷ দ্বিতীয়তে, তেওঁলোকে বহু ৰোগীক টকা দিব নোৱাৰাৰ বাবে অতিৰিক্ত দিন নার্ছিং হোমত থাকিবলৈ বাধ্য কৰায়৷ মই স্বাস্থ্যমন্ত্রীক কৈছোঁ– এটা কল চেণ্টাৰৰ নম্বৰ দিব লাগে৷ ১০২ হওক বা ১০৩ হওক৷ যিসকলে এনে অসুবিধা পায়, তেওঁলোকে যাতে সেই কল চেণ্টাৰত ফোন কৰি দিব পাৰে আৰু আৰক্ষীয়ে গৈ সংশ্লিষ্টজনক লৈ আহিব পাৰে৷ কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ বা কোনো ৰোগীক টকা দিব নোৱাৰাৰ কাৰণে ৰাখি থোৱাৰ অনুমতি নিদিয়ে৷
মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, কোনোবাই যদি টকা দিয়া নাই, সেইক্ষেত্রত চুক্তি কৰিব–আদালতলৈ যাব, ঘৰ-গাড়ী বাজেয়াপ্ত কৰিব, সেইটো বেলেগ কথা৷ কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়ম নাই৷ এয়া ভাৰতৰ সংবিধানৰ ২১নং অনুচ্ছেদত লিখা আছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়- জীৱন সকলোৰে অধিকাৰ৷ ইয়াত কাকো কোনেও ধৰি ৰাখিব নোৱাৰে৷ আৰক্ষীয়েও কাৰোবাক ধৰি ৰাখিলে আদালতক জনাব লাগে৷ কিন্তু নার্ছিং হোমে মানুহক ধৰি ৰাখে, অথচ আদালতকো নজনায়, আৰক্ষীকো নজনায়৷ মাটি–বাৰী বিক্রী কৰিবলৈ বাধ্য কৰায়৷ গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ৷ আপোনালোকে ভাল খবৰ এটা পাব৷ দুই–এদিনতে ইয়াৰ ওপৰত কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল’ম৷ যাতে নার্ছিং হোমত ৰোগী আৰু মৃতদেহ ধৰি ৰাখিব নোৱাৰে৷ টকা–পইচাৰ ক্ষেত্ৰত অহাৰ আগতে আগধন লওক৷ তাত আমাৰ ক’বলগীয়া নাই৷ এইক্ষেত্রত আমি কঠোৰ সিদ্ধান্ত ল’বলৈ গৈ আছোঁ৷
চিকিৎসকৰ সা–সুবিধা সমান কৰাৰ প্রসংগও তেওঁ দোহাৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাৰ ভাষ্য আছিল এনেধৰণৰ– সা–সুবিধা সমান কৰাৰ কাৰণে আমি কেতবোৰ চিন্তা কৰি আছোঁ৷ চিকিৎসকসকলক একোখনকৈ গাড়ী দিয়া– বিশেষ ইনক্রিমেণ্ট দিয়া, তাৰ ওপৰত আমি ইতিমধ্যে কাম কৰিছোঁ৷ সেইবোৰ কথা চিকিৎসকসকলে জানে কাৰণে আমাৰ তাত যোগদান কৰিছে৷ যিসকলে চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰিব তেওঁলোকক দুবছৰৰ মূৰত বিদেশত প্রশিক্ষণ দিয়া, এবছৰৰ মূৰত ৰাষ্ট্রীয় পর্যায়ত ছেমিনাৰ আদিত যোগদানৰ ব্যৱস্থা কৰা হৈছে৷ লগতে যোগদান কৰাৰ লগে লগে একোখনকৈ গাড়ী দিয়া হ’ব৷ এনে বহু সুবিধা দিয়াৰ কাৰণে চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎকসকল আহিছে বুলি তেওঁ মন্তব্য কৰে৷
ইফালে, ৰাজ্যত সম্প্রতি ২৫খন চিকিৎসা মহাবিদ্যালয় হয় সম্পূর্ণ হৈছে, নহ’লে নির্মীয়মাণ অৱস্থাত থকাৰ কথাও তেওঁ সদৰী কৰে৷