এখন আজব গ্ৰন্থমেলা… গ্ৰন্থ বিপণী নথকা গ্ৰন্থমেলাত ডেকা-গাভৰুৰ ভিৰ
নিয়মীয়া বাৰ্তা, ২০ জুন : ৰাজ্যৰ বিদ্যালয় সমূহত চৌদিশে পৰীক্ষা চলি থকাৰ সময়তে ধর্মীয় সংখ্যালঘু অধ্যুষিত জুৰীয়া অঞ্চলত গ্ৰন্থমেলাৰ নামত আনন্দ মেলা চলি কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য আৰু অভিযোগ অনুসৰি, জুৰীয়া থানাৰ অন্তৰ্গত তেলিয়া বেবেজীয়া গাঁৱত স্থানীয় এখন নামঘৰ পৰিচালনা সমিতিৰ সাহাযাৰ্থে গ্ৰন্থ মেলাৰ অনুমতি আনি অৱশেষত আয়োজন কৰিছে আনন্দ মেলা। য’ত আছে কেবল দোকান-পোহাৰ। নাই এখনো গ্ৰন্থ বিপনী।
তথাকথিত গ্ৰন্থমেলাখনত জড়িত হোৱা নাই কোনো শিক্ষিত মানুহ। তাত হোৱা নাই কোনো সাহিত্য- সংস্কৃতিৰ চৰ্চা। এনে এখন আজৱ গ্ৰন্থমেলাত বিশেষকৈ নিশাৰ ভাগত দোকান-পোহাৰ সমুহত দেখা গৈছে প্ৰচণ্ড ভিৰ।
ইপিনে, জিলা প্ৰশাসনে নিশা ৰাতি ন বজালৈ চলিবলৈ অনুমতি দিয়া এই মেলা চলিছে ওৰে নিশা। জুৰীয়া আৰক্ষী থানাৰ নাকৰ তলত চলা এই কাৰ্যক সকলোৱে শেহতীয়াকৈ সমালোচনা । আনকি, একাংশ সচেতন লোকে চছিয়েল মিডিয়া যোগে তীব্ৰ ক্ষোভ উজাৰিছে। মনকৰিবলগীয়া বিষয় যে, এই অপকৰ্মৰ বিৰোধিতা কৰা সকলক একাংশ উদণ্ড লোকে ভয়-ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উঠিছে।
জুৰীয়া মহাবিদ্যালয়ৰ নিচেই কাষতে যোৱা তিনি জুনৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থমেলাৰ নামত চলা আনন্দ মেলাখন শেহতীয়াকৈ ডেকা -গাভৰু আৰু মহিলাৰ অহেতুক বিচৰণ স্থলীলৈ পৰ্যবসিত কৰা কাৰ্য্যক লৈ বিভিন্ন দল সংগঠন আৰু সচেতন মহলৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অহা ২৫ জুনলৈকে চলিব লগা এই আনন্দ মেলখন শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে সচেতন মহলে। ঘটনা সংক্রান্তত আৰক্ষী -প্ৰশাসনক অৱগত কৰোৱাৰ পিছতো স্থানীয় আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক ভূমিকাক লৈ সচেতন মহলত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ উৎকট গৰমৰ বতৰত চলা এনে আজৱ কাৰ্যক স্থানীয় সচেতন মহলে মুকলিকৈ বিৰোধিতা কৰিবলৈ সাহস গোটাব নোৱাৰি সমাজ বিৰোধী শক্তিটোৰ সুমতি বিচাৰি প্ৰাৰ্থনা জনাইছে।