আজি দিনটোৰ ৰাশিফল, আজি ২১ জুন, আহাৰ মাহৰ ৬ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা দশমী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : দিনটোত বিশেষ সাৱধানে চলা ভাল৷ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
বৃষ : বন্ধু–ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে৷ দাম্পত্যত মতবিৰোধ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷
মিথুন : পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব৷ বিদ্যাত মধ্যম৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
কর্কট : পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক৷ আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত বাধা৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
সিংহ : ঘৰুৱাত কিছু ভালেই দেখা যায়৷ দুই–এটা ওপৰুৱা বিষয়ত অশান্তি আহিব পাৰে৷ কর্মক্ষেত্রত মানসিক অশান্তিৰ কাৰকতা৷ প্রেমত আনন্দ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
কন্যা : কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰোঁ বুলিও অলপ বাধাগ্রস্ত হ’ব৷ দাম্পত্যত বাধা৷ ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
তুলা : প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৩৷
বৃশ্চিক : কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম৷ আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷
ধনু : খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ বিদ্যাত বেয়া নহ’ব৷ প্রেমত বাধা৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
মকৰ : ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
কুম্ভ : পুৱাৰ ভাগতকৈ আবেলিৰ ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যায়৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷
মীন : কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংককর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ প্রেম–প্রণয়ত সাময়িক বাধা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷