IND vs ENG : জয়ছোৱাল–গিলৰ শতকেৰে প্রথম দিনা ভাৰতৰ সংগ্রহ ৩৫৯/৩
🔹 IND vs ENG : জয়ছোৱাল–গিলৰ শতকেৰে প্রথম দিনা ভাৰতৰ সংগ্রহ ৩৫৯/৩
🔹প্রথম ভাৰতীয় অ’পেনাৰ হিচাপে লীডছত শতৰান যশস্বীৰ
🔹প্রথম দিনা উইকেটৰ বাবে হাবাথুৰি ইংলেণ্ডৰ বলাৰৰ
নিউজ ডেস্ক, ২১ জুন : ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলা প্রথমখন টেষ্টৰ প্রথম দিনাই খোপনি পুতিলে টীম ইণ্ডিয়াই৷ হেডিংলেত কালিৰে পৰা আৰম্ভ হোৱা টেষ্টখনত প্রতিভাৱান অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু অধিনায়ক শুভমন গিলৰ দর্শনীয় শতকৰ সহায়ত ভাৰতে প্রথম দিনাই সবল স্থিতিত উপনীত হৈছে৷ কালি প্রথম দিনৰ খেলৰ অন্তলৈকে টীম ইণ্ডিয়াই ৩টা উইকেট হেৰুৱাই ৩৫৯ ৰান সংগ্রহ কৰিছে৷ দিনান্তত গিলে ১২৭ আৰু ঋষভ পণ্টে ৬৫ ৰান কৰি ক্রিজত আছে৷
ইনিংছ মুকলি কৰিবলৈ আহি জয়ছোৱাল আৰু লোকেশ ৰাহুলে ভাৰতীয় দলটোক প্রত্যয়জনক আৰম্ভণি দিয়ে৷ প্রথম উইকেটৰ যুটিত ৯১ ৰান সংগ্রহ হোৱাৰ সময়তে ৰাহুলে ব্যক্তিগত ৪২ ৰানত পেভিলিয়নমুখী হয়৷ ৰাহুলৰ ৭৮টা বলত ইনিংছটোত আছিল ৮টাকৈ দৃষ্টিনন্দন বাউণ্ডেৰী৷ অৱশ্যে ৰাহুল আউট হোৱাৰ খন্তেক পিছতেই সাই সুদর্শনৰ উইকেট হেৰুৱাই বিপদত পৰিছিল ভাৰতীয় দলটো৷ কেৰিয়াৰৰ প্রথমখন টেষ্ট খেলা সুদর্শনে ৪টা বলৰ সন্মুখীন হৈ কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ অৱশ্যে টেষ্ট কেৰিয়াৰত পঞ্চমটো শতক অর্জন কৰা জয়ছোৱালে অধিনায়ক গিলৰ সৈতে লগ লাগি ভাৰতীয় দলটোক সবল স্থিতিত উপনীত কৰায়৷
তৃতীয় উইকেটত জয়ছোৱাল আৰু গিলে ১২৯ ৰান সংগ্রহ কৰাৰ সময়তে জয়ছোৱালে ১০১ ৰান কৰি বিদায় লয়৷ অ’পেনাৰগৰাকীৰ ১৫৯টা বলৰ ইনিংছটোত আছিল ১৬টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী৷ লীডছত শতক অর্জন কৰি ভাৰতৰ প্রথমগৰাকী অ’পেনাৰ হিচাপে কৃতিত্ব অর্জন কৰে জয়ছোৱালে৷ জয়ছোৱাল আউট হোৱাৰ পিছত অধিনায়ক গিলে ঋষভ পণ্টৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰায়েই নহয়, দলটোক সবল স্থিতিতো উপনীত কৰায়৷ গিল আৰু পণ্টে চতুর্থ উইকেটত অপৰাজিতভাৱে ১৩৮ ৰান সংগ্রহ কৰি ভাৰতীয় দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ অধিনায়ক গিলে ১৭৫টা বলত ১৬টা চাৰি আৰু এটা ছয়েৰে অপৰাজিতভাৱে ১২৭ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ ইফালে, ঋষভ পণ্টে ১০২ বলত ৬টা চাৰি আৰু ২টা ছয়েৰে ৬৫ ৰান কৰি অপৰাজিত হৈ থাকে৷
মন কৰিবলগীয়া যে ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব গ্রহণ কৰি শতক অর্জন কৰা গিল হ’ল পঞ্চমগৰাকী অধিনায়ক৷ গিলৰ পূর্বে এই কৃতিত্ব অর্জন কৰা আনকেইগৰাকী অধিনায়ক হ’ল বিজয় হাজাৰে, সুনীল গাভাস্কাৰ, দিলীপ ভেংচৰকাৰ আৰু বিৰাট কোহলি৷ ইফালেস কালি ইংৰাজ বলাৰসকলক নিষ্প্রভ দেখা যায়৷ উইকেট দখলৰ বাবে হাবাথুৰি খাই ঘৰুৱা দলটোৰ বলাৰসকলে৷ অধিনায়ক বেন ষ্ট’কছে দুটা উইকেট দখল কৰাৰ লগতে ব্রাইডন কার্ছেই এটা উইকেট লাভ কৰিবলৈ সক্ষম হয়৷