Israel-Iran War Update : ইৰানৰ নিউক্লিয়াৰ প্লাণ্টত ইজৰাইলৰ আক্ৰমণ ‘যুদ্ধাপৰাধ’
জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ইৰানৰ পাৰমাণৱিক ঘাটিত ইজৰাইলে আক্ৰমণ এক গুৰুতৰ যুদ্ধাপৰাধ
Israel-Iran War Update : ইৰানৰ নিউক্লিয়াৰ প্লাণ্টত ইজৰাইলৰ আক্ৰমণ ‘যুদ্ধাপৰাধ’
নিউজ ডেস্ক, ২১ জুনঃ ইজৰাইলৰ আক্ৰমণৰ পিছত উত্তেজিত হৈছে ইৰান। টেল আভিভত অহৰহ ক্ষেপণাস্ত্ৰ বিস্ফোৰণ কৰিছে ইৰানে। ইজৰাইলৰ ওপৰত আন এক ক্ষেপণাস্ত্ৰৰ ঢৌ নিক্ষেপ কৰিছে।
শুকুৰবাৰে দুয়োখন দেশৰ মাজত একেৰাহে অষ্টম দিন ধৰি প্ৰচণ্ড গুলীচালনা অব্যাহত আছে। ইফালে জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ইৰানৰ পাৰমাণৱিক ঘাটিত ইজৰাইলে আক্ৰমণ এক গুৰুতৰ যুদ্ধাপৰাধ বুলি কয়।
ইজৰাইলৰ সেনাই নিশাৰ ভিতৰতে কেইবাটাও আক্ৰমণত ইৰানৰ কেইবাটাও সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে। ইফালে ইৰানৰ ৰিভল্যুচনেৰী গাৰ্ডে জনোৱা মতে, চহৰখনৰ ছ’ৰোকা হাস্পতালত আক্ৰমণৰ এদিন পিছতে বৃহস্পতিবাৰে ইজৰাইলৰ বিৰুদ্ধে ১০০ৰো অধিক যুঁজাৰু আৰু আত্মঘাতী ড্ৰ’ন নিক্ষেপ কৰা হয়।
ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰিবলৈ শুকুৰবাৰে জেনেভাত ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আঘ্ৰাচীক সাক্ষাৎ কৰিছে ইউৰোপৰ শীৰ্ষ নেতাসকলে। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ইৰানৰ এজন জ্যেষ্ঠ বিষয়াই দেশখনে পাৰমাণৱিক সমৃদ্ধিৰ সীমাৰ বিষয়ে আলোচনা কৰিবলৈ সাজু হোৱা বুলি প্ৰকাশ কৰে।
ইৰানৰ ক্ষেপণাস্ত্ৰই বৃহস্পতিবাৰে দক্ষিণ ইজৰাইলৰ সৰ্ববৃহৎ চিকিৎসালয় ছ’ৰোকা হাস্পতাল আৰু টেল আভিভৰ আৱাসিক অট্টালিকাত আক্ৰমণ চলাই ২৪০জন লোক আহত হোৱাৰ লগতে বহু ক্ষতিসাধন কৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰানৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইক দোষাৰোপ কৰি যিকোনো মূল্যৰ বিনিময়ত ইৰানত নিজৰ লক্ষ্যত উপনীত হ’বলৈ সেনাক নিৰ্দেশ দিয়ে।
কাটজে এক্সত পোষ্ট কৰি কয় যে, “ইজৰাইল প্ৰতিৰক্ষা বাহিনীক (আইডিএফ) নিৰ্দেশনা দিয়া হৈছে আৰু তেওঁলোকে জানে যে তেওঁলোকৰ সকলো লক্ষ্যত উপনীত হ’বলৈ হ’লে এই মানুহজনৰ অস্তিত্ব একেবাৰেই উচিত নহয়।”
ইফালে হোৱাইট হাউছে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা দুসপ্তাহৰ ভিতৰত ইৰানক আক্ৰমণ কৰিব নে নকৰে সেই সিদ্ধান্ত ল’ব। ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ দাবী আলোচনাৰ জৰিয়তে পূৰণ কৰিব পৰাৰ যথেষ্ট সম্ভাৱনা ট্ৰাম্পে এতিয়াও দেখিছে বুলি আমেৰিকাই কয়।
ইৰানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণৰ পিছত বৃহস্পতিবাৰে ইৰানৰ পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰ কেন্দ্ৰত পুনৰ বোমা বিস্ফোৰণ কৰে, য’ত বেৰশ্বেবাৰ এখন চিকিৎসালয়ৰ ক্ষতি।
ইৰানৰ আক্ৰমণত ইজৰাইলত ২৭০জনতকৈ অধিক লোক আহত হৈছে, দেওবাৰৰ পৰা ইৰানে হতাহতিৰ পৰিসংখ্যা আপডেট কৰা নাই। ইজৰাইলে চিকিৎসালয়খনৰ আক্ৰমণত ইৰাণক ক্লাষ্টাৰ মিউনিয়ন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
আমেৰিকাৰ দূত ষ্টিভ উইটকফ আৰু ইৰানৰ বৈদেশিক মন্ত্ৰীৰ মাজত বেক চেনেল আলোচনাৰ মাজতে ইজৰাইলৰ পক্ষত আমেৰিকাই হস্তক্ষেপ কৰিব নে নকৰে সেই বিষয়ে দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
বাতৰি অনুসৰি ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ যথেষ্ট ক্ষতি হৈছে যদিও ধ্বংস হোৱা নাই। ইজৰাইলে তেহৰানে পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিবলৈ বিমান আক্ৰমণ অব্যাহত ৰাখিছে, যিটো ইৰানে অনুসৰণ কৰা বুলি অস্বীকাৰ কৰিছে।
ইজৰাইলৰ নেতাসকলে তেহৰানৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ আহ্বান জনাইছে আৰু ইৰানৰ সৰ্বোচ্চ নেতাৰ ভৱিষ্যতক লৈ মুকলিকৈ প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে ইৰানেও “সংকট”ৰ সতৰ্কবাণী দিছে।