ফিফাৰ প্রতিযোগিতাত সর্বাধিক গ’ল কৰাৰ নজিৰ লিঅ’নেল মেছি-ৰ
ক্লাব বিশ্বকাপত মেছিৰ গ’লেৰে জয় ইণ্টাৰ মিয়ামিৰ
নিউজ ডেস্ক, ২১ জুনঃ ফিফা ক্লাব বিশ্বকাপত প্রথমটো জয়ৰ সোৱাদ লাভ কৰিলে লিঅ’নেল মেছিৰ ইণ্টাৰ মিয়ামিয়ে৷ আটলাণ্টাৰ মার্চিডেছ–বেঞ্জ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ ‘এ’ৰ তীব্র উত্তেজনাপূর্ণ মেচখনত ইণ্টাৰ মিয়ামিয়ে প’র্টোক ২–১ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷
মেচখনত এগ’লত পিছ পৰিও মেছি বাহিনীয়ে পৰৱর্তী সময়ত প্রত্যাৱর্তন ঘটাই দুটাকৈ গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হয়৷ মেচখনৰ ৮ মিনিটত প’র্টোই গ’ল স্ক’ৰ অগ্রগতি লাভ কৰিছিল৷ প্রথমার্ধত প’র্টোই অগ্রগতি লাভ কৰিলেও দ্বিতীয়ার্ধত মেছি বাহিনীয়ে আক্রমণৰ চোক বৃদ্ধি কৰি বিপক্ষ দলটোক চাপত ৰাখিবলৈ সক্ষম হৈছিল৷
৪৭ মিনিটত টেলাস্কো ছেগোভিয়াই গ’ল স্ক’ৰ কৰাত মেচখনত ইণ্টাৰ মিয়ামিয়ে ১–১ গ’লত সমতা স্থাপন কৰে৷ ইয়াৰ ঠিক ৭ মিনিট পিছতেই অর্থাৎ ৫৪ মিনিটত মেছিয়ে দর্শনীয় ফ্রি কিকেৰে গ’ল স্ক’ৰ কৰি ইণ্টাৰ মিয়ামিক ২–১ গ’লত অগ্রগতি প্রদান কৰায়েই নহয়, দলটোৰ জয়তো মুখ্য ভূমিকা লয়৷
বিশ্বকাপ বিজয়ী আর্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে ইণ্টাৰ মিয়ামিৰ হৈ ৫০সংখ্যক গ’লটো কৰে৷ মেচখনত গ’ল স্ক’ৰ কৰি ফিফাৰ প্রতিযোগিতাৰ ইতিহাসত সর্বাধিক গ’ল কৰা খেলুৱৈৰ তালিকাৰ শীর্ষ স্থান দখল কৰে মেছিয়ে৷ এতিয়ালৈকে ফিফাৰ ১০খন ভিন্ন প্রতিযোগিতাত মেছিয়ে ২৫টা গ’ল স্ক’ৰ কৰিছে৷
ইয়াৰ পূর্বে ব্রাজিলৰ মহিলা ফুটবলাৰ মার্টাই এই তালিকাৰ শীর্ষস্থান দখল কৰি আছিল৷ ব্রাজিলৰ কিংবদন্তি ফুটবলাৰগৰাকীয়ে ফিফাৰ ভিন্ন প্রতিযোগিতাত ২৪টা গ’ল স্ক’ৰ কৰিছে৷ ইফালে যোৱানিশা হৈ যোৱা আন দুখন খেলত এটলেটিকো মাদ্রিদে জয়লাভ কৰে যদিও পেৰিছ ছেইণ্ট জার্মেইনে অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হয়৷