নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অম্বুবাচী মহাযোগক লৈ উথপথপ নীলাচল পাহাৰ

🔹 অম্বুবাচী মহাযোগক লৈ উথপথপ নীলাচল পাহাৰ

🔹 আজি দিনৰ ২.৫৬ বজাৰ প্রবৃত্তিৰ পিছতে বন্ধ হ’ব কামাখ্যা ধামৰ মূল দ্বাৰ

বিশেষ বাৰ্তা, ২২ জুন : আয়তীৰ উৰুলি, সাধু–সন্তৰ শংখধ্বনি তথা মন্ত্রোচ্চাৰণৰ মাজেৰে আজিৰ পৰা দেৱী কামাখ্যাৰ উপাসনাৰে মুখৰ হ’ব দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম নীলাচল পাহাৰৰ কামাখ্যা ধাম৷ আজি দিনৰ ২.৫৬ বজাত প্রবৃত্তি আৰম্ভ হোৱাৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব বহুপ্রতীক্ষিত অম্বুবাচী মহাযোগ৷ কামাখ্যা ধামৰ অন্যতম উৎসৱ অম্বুবাচী মাথোঁ এক আয়োজনেই নহয়, তান্ত্রিক আৰাধনাৰ অন্যতম সময়৷

আজি প্রবৃত্তিৰ পাছতে অহা ২৫ জুনলৈ বন্ধ থাকিব কামাখ্যা ধামৰ মূল দ্বাৰ৷ ২৬ জুনৰ পুৱা নিত্য–নৈমিত্তিক পূজা–অর্চনাৰ পাছতে পুনৰ ভক্ত–দর্শনার্থীৰ বাবে মুকলি কৰা হ’ব দেৱী কামাখ্যাৰ দর্শন৷ অম্বুবাচী মহাযোগক লৈ সাধু–সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম৷ একপ্রকাৰ ক’বলৈ হ’লে, দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা কামাখ্যা ধামৰ এতিয়া চৌপাশে মাথোঁ আৰাধনা, পূজা আৰু ভক্তিৰ আধ্যাত্মিক পৰিৱেশ৷ প্রকৃতিৰ সৈতে তুলনা কৰা নাৰীশক্তিৰ অন্যতম গুৰুত্বপূর্ণ সময়ছোৱাক আধ্যাত্মিকতাৰ দিশেৰে প্রতিফলিত কৰা হয় কামাখ্যা ধামৰ অম্বুবাচী মহাযোগৰ জৰিয়তে৷ ৰজঃস্বলা প্রকৃতিৰ এই সময়ছোৱা ধর্মীয় কাম–কাজৰ বাবে অশুচি বুলি গণ্য কৰিলেও আধ্যাত্মিক তথা তান্ত্রিক শক্তি লাভৰ অন্যতম সময় বুলি গণ্য কৰা হেতুকে আজি অম্বুবাচী মহাযোগৰ অংশীদাৰ হ’বলৈ দেশ–বিদেশৰ পৰা অহা লক্ষ লক্ষ ভক্তই উবুৰি খাই পৰিছে৷ সকলোৰে আশা– দেৱী কামাখ্যাৰ এই সময়ছোৱাত কৰা আৰাধনাই মনোবাঞ্ছিত ফল প্রদান কৰাৰ লগতে সকলোৰে জীৱন মংগলময় কৰি তুলিব৷ অম্বুবাচী মহাযোগৰ সময়ছোৱাত কামাখ্যালৈ অহা ভক্ত–দর্শনার্থীসকল যাতে কোনোধৰণৰ বিপদৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ তথা প্রশাসনে সকলোধৰণৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷

আজি সন্ধিয়া ৬.৩০ বজাত পাণ্ডু বন্দৰত পর্যটন বিভাগৰ মন্ত্রী ৰঞ্জিত দাসৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অম্বুবাচী মহাযোগ ২০২৫ৰ শুভাৰম্ভণি কৰিব৷ ইয়াৰ লগে লগে আজি পৰাই ৪ দিনলৈ আধ্যাত্মিক পৰিৱেশেৰে জীপাল হৈ পৰিব নীলাচল পাহাৰ৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া অম্বুবাচী মহাযোগত উপস্থিত হোৱা ভক্তগণক বিভিন্ন প্রকাৰে সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ অসম প্রদেশ৷ এক বিবৃতিযোগে পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰ’ল্ড মহনে স্বাস্থ্য, জল, স্বচ্ছতা আদিকে ধৰি বিভিন্ন দিশত ভক্ত–দর্শনার্থীসকলক সেৱা আগবঢ়াবলৈ বিদ্যার্থী পৰিষদৰ কার্যকর্তাসকলে যৎপৰোনাস্তি চেষ্টা কৰিব৷ মা কামাখ্যা ধামত উপস্থিত হোৱা ভক্তক সেৱা কৰিব পৰাটো সকলোৰে বাবে মা কামাখ্যাৰ আশীর্বাদ বুলি মন্তব্য কৰিছে ৰাজ্যিক সম্পাদকগৰাকীয়ে৷

যি কি নহওক, আজিৰ পৰা নীলাচল পাহাৰত কামাখ্যা ধামৰ লগতে সমগ্র গুৱাহাটী মহানগৰী ব্যস্ত হৈ পৰিব অম্বুবাচী মহাযোগক লৈ৷ দেৱী কামাখ্যাই সকলোকে আশীর্বাদ দিয়ক–এয়াই ৰাইজৰ আশা৷

You might also like