নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰ ক্ষেপণাস্ত্রত তেল আভিভত তাচপাতৰ ঘৰৰ দৰে খহি পৰিল ইমাৰট

🔹 আমেৰিকাৰ আক্রমণৰ পিছতে ইজৰাইলত প্রত্যাঘাত

নিউজ ডেস্ক, ২৩ জুন : আমেৰিকাৰ ভয়ংকৰ আক্রমণৰ পিছত ইউৰোপীয় দেশসমূহৰ সৈতে পৰমাণু চুক্তিৰ বিষয়টোক লৈ ইৰানে আলোচনা কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে যদিও মার্কিন আঘাতৰ প্রত্যাক্রমণ চলোৱাৰ ক্ষেত্রত কোনোধৰণে পিছ হোঁহকি নাযাব বুলি ঘোষণা কৰিছে ইৰানৰ বিদেশ মন্ত্রী আব্বাছ আর্ঘচিয়ে৷ সেই অনুসৰি কালি তেল আভিভসহ ইজৰাইলৰ বিভিন্ন চহৰত ক্ষেপণাস্ত্রৰে আক্রমণ চলায় ইৰানৰ সেনাই৷ ভয়ংকৰ বেলিষ্টিক ক্ষেপণাস্ত্রৰ আঘাতত ইজৰাইলৰ বহু ইমাৰট তাচপাতৰ ঘৰৰ দৰে খহি পৰা বুলি দাবী কৰিছে ইৰানী সেনাই৷ আনকি ইৰানৰ মতে, এই আঘাতত থানবান হৈ পৰিছে ইজৰাইলৰ বহু গুৰুত্বপূর্ণ চৰকাৰী প্রাসাদ৷

ইজৰাইলৰ তৰফৰ পৰা দাবী কৰা অনুসৰি এই আক্রমণত ১১জন নাগৰিক আহত হৈছে৷ ইফালে, ধ্বংসস্তূপত চলিছে উদ্ধাৰ অভিযান৷ ইজৰাইলৰ তৰফৰ পৰা হতাহতৰ সংখ্যা গোপন কৰা হৈছে বুলি ইৰানৰ চৰকাৰী সূত্রই দাবী কৰিছে৷ লক্ষণীয়ভাৱে ইৰানৰ এই আক্রমণৰ সময়তে ইজৰাইলে পুনৰ ইৰানৰ বিভিন্ন স্থানত কালি বোমা আৰু ক্ষেপণাস্ত্রৰে আক্রমণ চলায়৷ ইফালে, এই আক্রমণ–প্রত্যাক্রমণৰ মাজতে আমেৰিকাই পুনৰ ইৰানৰ ওপৰত আক্রমণ চলাব নে নাই এই সন্দর্ভত বিভিন্ন মহলে সন্দেহ প্রকাশ কৰাৰ সময়তে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ঘোষণা কৰিছে যে যি উদ্দেশ্য লৈ ইৰানৰ পৰমাণু কেন্দ্রত আক্রমণ চলোৱা হৈছে সেয়া ইতিমধ্যে সফল হৈছে৷ কিন্তু ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ এই বোমাবর্ষণৰ পিছত আতংকিত হৈছে দেশখনৰ প্রদেশসমূহৰ প্রশাসন৷ আনকি নিউয়র্ক, ৱাশ্বিংটনসহ গুৰুত্বপূর্ণ মার্কিন চহৰসমূহত ইৰানে যিকোনো সময়তে আক্রমণ চলাব পাৰে বুলি আশংকা প্রকাশ কৰিছে এই চহৰসমূহৰ স্থানীয় প্রশাসনে৷ সেইবাবে জাৰি কৰা হৈছে সতর্কতা৷ ইৰানৰ যিকোনো আক্রমণৰ পৰা হাত সাৰিবলৈ মার্কিন নাগৰিকসকলক সতর্ক হৈ থকাৰ নির্দেশ দিয়া হৈছে৷ লক্ষণীয়ভাৱে ৱাশ্বিংটন, নিউয়র্কসহ বিভিন্ন মহানগৰত মোতায়েন কৰা হৈছে অতিৰিক্ত বাহিনী৷

You might also like