বিশ্বৰ তৈলবাহী জাহাজ চলাচলৰ কৰিড’ৰ Strait of Hormuz বন্ধৰ সিদ্ধান্ত ইৰানৰ
ইৰানৰ সংসদত অনুমোদন, Strait of Hormuz-ৰে এছিয়ালৈ আহে ৮০ শতাংশ তেল, চীন–ভাৰত–জাপান–দক্ষিণ কোৰিয়ালৈ ইয়াৰ ৬৫ শতাংশ, বিশ্বৰ তেল আৰু এলএনজিৰ সৰবৰাহ হয় ২০ শতাংশ, বিগত সময়ছোৱাত বহু সংঘাতৰ মাজতো বন্ধ কৰা নাছিল হৰমুজ প্রণালী
বিশ্বৰ তৈলবাহী জাহাজ চলাচলৰ কৰিড’ৰ Strait of Hormuz বন্ধৰ সিদ্ধান্ত ইৰানৰ
নিউজ ডেস্ক, ২৪ জুনঃ ইৰান-ইজৰাইলৰ মাজৰ যুদ্ধত আমেৰিকাৰ প্রৱেশ৷ আমেৰিকাই ইৰানৰ ওপৰত কৰা আক্রমণৰ পাছতেই যুঁজখন তৃতীয় বিশ্বযুদ্ধৰ দিশে অগ্রসৰ হোৱাৰ শংকা ঘনীভূত হৈছে৷
ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ তীব্র উত্তেজনাৰ সময়তে চর্চাৰ মাজলৈ আহিছে হৰমুজ প্রণালী৷ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়াৰ লগে লগে বিশ্বজুৰি শংকাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ইৰানৰ সংসদে হৰমুজ প্রণালী বন্ধ কৰি দিয়াত অনুমোদন জনাইছে৷
সংসদে অনুমোদন জনোৱাৰ পাছত যিকোনো মুহূর্ততে বন্ধ হ’ব পাৰে হৰমুজ প্রণালী৷ বিশ্বৰ তেল সৰবৰাহকে ধৰি বাণিজ্যিক ক্ষেত্রত অতিকে গুৰুত্বপূর্ণ হৰমুজ প্রণালী ইৰানে বন্ধ কৰিলে এছিয়াৰ দেশসমূহৰ লগতে বিশ্বৰ আন দেশৰ মাজতো তেলকে ধৰি বিভিন্ন সামগ্রীৰ নাটনিৰ সম্ভাৱনা বৃদ্ধি পাব৷ ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্রেক্ষিতত খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে৷
ফলশ্রুতিত বিশ্বৰ আমদানিকৃত তেলৰ ওপৰত নির্ভৰশীল দেশসমূহত তেলৰ নাটনিৰ লগতে মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ হৰমুজ প্রণালী হৈছে পাৰস্য উপসাগৰৰ পৰা ওমান উপসাগৰৰ মাজৰ এটা প্রণালী৷ বিশ্বৰ তেল সৰবৰাহকে ধৰি বাণিজ্যিক ক্ষেত্রত কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ হৰমুজ প্রণালী ইৰান আৰু ইউএইৰ দ্বাৰা পৰিচালিত৷
ইৰানে বন্ধ কৰি দিলে এছিয়াৰ দেশসমূহৰ মাজত তেল আমদানিকে ধৰি বিভিন্ন সামগ্রী আমদানিত প্রতিবন্ধকতাৰ সৃষ্টি হ’ব৷ উল্লেখ্য হৰমুজ প্রণালী ১৬৭ কিলোমিটাৰ দৈর্ঘ্য, ৯২ৰ পৰা ৩৯ কিলোমিটাৰ প্রস্থৰ৷ বিগত সময়ত বিভিন্ন সংঘর্ষ আৰু সংঘাতৰ মাজতো হৰমুজ প্রণালী বন্ধ কৰি দিয়া নাছিল ইৰানে৷ কিন্তু এইবেলি ইৰানে এই হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ পক্ষত থিয় দিছে৷ যিকোনো সময়তে হৰমুজ প্রণালীটো বন্ধ কৰিব পাৰে৷ হৰমুজ প্রণালীৰে বিশ্বৰ ২০ শতাংশ তেল আৰু এলএনজি সৰবৰাহ হয়৷
ইয়াৰ উপৰি এই প্রণালীৰে এছিয়া মহাদেশলৈ ৮০ শতাংশ তেলৰ সৰবৰাহ হয়৷ চীন, ভাৰত, জাপান আৰু দক্ষিণ কোৰিয়ালৈ ইয়াৰে ৬৫ শতাংশ তেল সৰবৰাহ হৈ আহিছে৷ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিলে বিশ্বৰ সবাতোকৈ ব্যস্ত জাহাজ চলাচলৰ প্রণালীটোৱে বন্ধ হৈ পৰিব৷ পৰিপ্রেক্ষিতত আন্তর্জাতিক বাণিজ্যত প্রচণ্ড আঘাত পৰিব৷ গোলকীয় অর্থনীতিৰ ওপৰত বিৰূপ প্রভাৱ পৰিব৷
ইতিহাস চালে ২০২৩ চনত প্রথম ছয়মাহতে এই প্রণালীটোৰে প্রতিদিনে ২০ নিযুত বেৰেল খাৰুৱা তেল সৰবৰাহ হৈছিল৷ পৰৱর্তী সময়ত এই তেলৰ সৰবৰাহ বৃদ্ধি পাই আহিছে৷ অকল ইৰানেই এই প্রণালীৰে ১.৭ নিযুত বেৰেল খাৰুৱা তেল সৰবৰাহ কৰে৷ প্রণালীটো বন্ধ হ’লে বিশ্বৰ আমদানিকৃত তেলৰ ওপৰত নির্ভৰশীল দেশৰ অর্থনীতিৰ ওপৰত প্রভাৱ পৰাৰ দৰে ইৰানৰ অর্থনীতিৰ ওপৰতো প্রভাৱ পৰিব৷
ভাৰতেও এই প্রণালীটোৰে দেশত প্রয়োজনীয় তেলকে ধৰি বিভিন্ন সামগ্রী আমদানি কৰি আহিছে৷ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ প্রস্তুতি চলি থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রই এই সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰিছে৷ আমেৰিকাৰ বৈদেশিক সচিব মার্কো ৰুডি’ই এই সন্দর্ভত চীনৰ সৈতে বার্তালাপ কৰিছে৷ হৰমুজ প্রণালী যাতে ইৰানে বন্ধ নকৰে তাৰ বাবে চীনক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে আমেৰিকাই৷
কিয়নো ইৰানৰ সৈতে চীনৰ আছে মধুৰ সম্পর্ক৷ যিহেতুকে চীনেও হৰমুজ প্রণালীৰ জৰিয়তে দেশলৈ তেল সৰবৰাহ কৰে, গতিকে প্রণালীটো বন্ধ কৰিলে চীনৰো ক্ষতি হ’ব৷ এনে প্রসংগৰেই চীনক ইৰানে ল’ব খোজা হৰমুজ প্রণালী বন্ধৰ সিদ্ধান্ত সলনি কৰিবলৈ ইৰানক হেঁচা প্রয়োগৰ বাবে চীনক আহ্বান জনাইছে আমেৰিকাই৷
মার্কিন বৈদেশিক সচিব ৰুডি’ই প্রকাশ কৰা মতে ইৰানে হৰমুজ প্রণালী বন্ধ কৰা মানে অর্থনৈতিক আত্মহত্যা কৰা হ’ব বুলি চীনক বুজনি দিছে৷ স্মর্তব্য যে ১৯৮০ চনৰ শেষৰফালে ইৰান আৰু ইৰাকৰ মাজত চলি থকা ৮ বছৰীয়া যুদ্ধৰ সময়ত হৰমুজ প্রণালী বন্ধ কৰাৰ ব্যৱস্থা লৈছিল যদিও তেল সৰবৰাহকাৰী প্রকাণ্ড জাহাজসমূহ বন্ধ হোৱা নাছিল৷ উক্ত সময়ছোৱাত টেংকাৰ যুদ্ধ বুলি চর্চিত হৈছিল৷ আমেৰিকাই যুদ্ধ জাহাজেৰে নিৰাপত্তা দি হৰমুজ প্রণালীৰে তেলৰ টেংকাৰসমূহ চলাচল কৰাইছিল৷