নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধবিধ্বস্ত ইৰান-ইজৰাইলৰ পৰা দেশলৈ উভতিল ১,৭১৩ ভাৰতীয়

🔹 ‘অপাৰেচন সিন্ধু’ৱে লাভ কৰিছে গতি

নিউজ ডেস্ক, ২৪ জুন : ইৰান-ইজৰাইলৰ সামৰিক সংঘাতৰ মাজতে দুয়োখন দেশত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ওভতাই আনিবলৈ ‘অপাৰেচন সিন্ধু’ আৰম্ভ কৰিছে নতুন দিল্লী প্রশাসনে৷ পৰহি নিশা মাছাদৰ পৰা ২৮৫জনক দেশলৈ ওভতাই অনা হৈছে এখন বিশেষ বিমানেৰে৷ ভাৰতীয় নাগৰিকসকলক লৈ এই বিশেষ বিমানখন আহি উপস্থিত হয় নতুন দিল্লীত৷

বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি এতিয়ালৈকে যুদ্ধবিধ্বস্ত দুয়োখন দেশৰ পৰা ১,৭১৩জন ভাৰতীয়ক দেশলৈ ওভতাই অনা হৈছে৷ পৰহি বিয়লি মাছাদৰ পৰা অহা বিমানৰ যাত্রীসকলক আদৰণি জনায় বিদেশ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্র মার্ঘেৰিটাই৷

ইফালে, পুনৰ মাছাদৰ পৰা ৩১১গৰাকী যাত্রীক লৈ দেশলৈ উভতিছে অন্য এখন বিমান৷ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়াত সদৰী কৰিছে এই তথ্য৷ মুখপাত্রগৰাকীয়ে সদৰী কৰা অনুসৰি ‘অপাৰেচন সিন্ধু’ৱে সংঘাত যিমানেই তীব্রতৰ হৈছে সিমানেই গতি লাভ কৰিছে৷

You might also like