উৎক্ষেপণৰ পৰা উভতি অহালৈকে মহাকাশ যাত্ৰাৰ সময়ত কি কৰিব শুভাংশু শুক্লা-ই… জানক সবিশেষ
প্ৰতি ঘণ্টাত ২৭,০০০ কিলোমিটাৰ বেগ, প্ৰতি ৯০ মিনিটৰ মূৰে মূৰে ঘূৰিছে পৃথিৱীৰ চাৰিওফালে
ভাৰতৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা -কে ধৰি চাৰিজন মহাকাশচাৰীক লৈ যোৱা Axiom-4 অভিযান আজি দিনৰ ১২:০১ বজাত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। এই অভিযানে চাৰিওজন মহাকাশচাৰীকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ৰ দিশে লৈ গৈছে।
এই অভিযানত ভাৰতৰ শুভাংশু শুক্লা, এন মেকলেন, নিকোল আয়াৰ্ছ আৰু পেগী হুইটছন অন্তৰ্ভুক্ত। এই চাৰিজন যাত্ৰীয়ে নিম্ন পৃথিৱীৰ কক্ষপথলৈ গৈ আই এছ এছৰ হাৰমনি মডিউলৰ মহাকাশমুখী বন্দৰত ডক কৰিব। বৃহস্পতিবাৰে বিয়লি ৪:৩০ বজাত (IST) ডকিং হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ লঞ্চৰ পৰা ডকিঙলৈ যাত্ৰা প্ৰায় ২৮.৫ৰ পৰা ২৯ ঘণ্টা হ’ব। ইয়াৰ পিছত ক্ৰুৱে প্ৰায় দুসপ্তাহ আই এছ এছত থাকিব আৰু বৈজ্ঞানিক গৱেষণা আৰু শিক্ষা সম্পৰ্কীয় কাম-কাজত অংশগ্ৰহণ কৰিব।
মিছনটো কেনেকৈ আৰম্ভ হ’ল?
এই অভিযান আৰম্ভ হৈছিল ফ্ল’ৰিডাৰ নাছাৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা। এই ঠাইখনৰ পৰা নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰাভিযানৰ বাবে উৰা মাৰিছিল। Axiom-4ৰ সকলো যাত্ৰীয়ে বিশেষ স্পেচ ছুট পিন্ধি লঞ্চ পেডত উপস্থিত হৈ ড্ৰেগন কেপচুল চি২১৩ত উঠিল। উৎক্ষেপণৰ পূৰ্বে তেওঁলোকে স্পেচএক্স আৰু নাছাৰ দলৰ সৈতে প্ৰয়োজনীয় কাৰিকৰী পৰীক্ষা সম্পূৰ্ণ কৰিছিল।
উৎক্ষেপণৰ প্ৰায় ৩৫ মিনিট আগতে ইন্ধন ভৰি পৰিল
Axiom-4 মিছন উৎক্ষেপণৰ প্ৰায় ৩৫ মিনিট পূৰ্বে উৎক্ষেপণ সঞ্চালকে ৰকেটত ইন্ধন ভৰোৱাৰ অনুমতি দিছিল। ইয়াৰ পূৰ্বে সকলো ক্ৰু সদস্যৰ বাবে জৰুৰীকালীন পলায়ন ব্যৱস্থা সক্ৰিয় কৰা হৈছিল, যিয়ে যিকোনো জৰুৰীকালীন অৱস্থাত তেওঁলোকক নিৰাপদে উলিয়াই আনিব পাৰে। ইয়াৰ পিছত ফেলকন-৯ ৰকেটত ছুপাৰকুল্ড লিকুইড অক্সিজেন আৰু আৰ পি-১ কেৰাচিন ইন্ধন ভৰাই দিয়া হয়। লঞ্চৰ প্ৰায় ৫ মিনিট আগতে ড্ৰেগন কেপচুলটো ইণ্টাৰনেল পাৱাৰ মোডলৈ পৰিৱৰ্তিত হয়।
সময়মতে উৰা মাৰিলে ফেলকন-৯ ৰকেট
Axiom-4 অভিযান উৎক্ষেপণৰ সময়ত ফেলকন-৯ ৰকেটৰ ইঞ্জিন অন হৈ মহাকাশযানখনক আকাশৰ ফালে লৈ গৈছিল। ‘মেক্স কিউ’ নামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তটো আহিছিল উৎক্ষেপণৰ ৫৭ ছেকেণ্ডত, যেতিয়া মহাকাশযানখনৰ ওপৰত সৰ্বোচ্চ চাপ প্ৰয়োগ কৰা হয়। মহাকাশযানখন মহাকাশৰ ফালে গতি কৰাৰ লগে লগে ক্ৰুৱে প্ৰবল মহাকৰ্ষণ বলৰ প্ৰভাৱ অনুভৱ কৰিবলৈ ধৰিলে। এই মহাকাশযানখনে প্ৰতি ঘণ্টাত ২৭,০০০ কিলোমিটাৰ বেগেৰে উৰি আছে আৰু প্ৰতি ৯০ মিনিটৰ মূৰে মূৰে পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে।
এতিয়া Axiom-4ৰ দলটোৱে আই এছ এছৰ ওপৰত দুসপ্তাহৰ বৈজ্ঞানিক অভিযান আৰম্ভ কৰিব, য’ত ডায়েবেটিছৰ সৈতে জড়িত গৱেষণাও অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ লোকসকলে তেওঁলোকৰ শুভকামনা জনাইছে আৰু এই অভিযানৰ সফলতাৰ কামনা কৰিছে।
Niyomiya Barta Desk, Date of Published – 25-06-2025