নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রাচ্যৰ অশান্ত পৰিস্থিতি

মধ্যপ্রাচ্যৰ অশান্ত পৰিস্থিতি

ইজৰাইল–ইৰানক ভয়ংকৰ যুদ্ধৰ পৰা আঁতৰাই অনা বুলি কৃতিত্ব দাবী কৰি আছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ভয়াৱহ এই পৰিস্থিতিৰ মাজৰ পৰা দুয়োখন যুযুধান দেশক শান্তিৰ পথলৈ ওভতাই অনা বুলি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে দাবী কৰিছে যদিও ইজৰাইল আৰু ইৰান উভয়ে পৰস্পৰৰ বিৰুদ্ধে আক্রমণৰ হুংকাৰ দি আছে৷ লক্ষণীয় বিষয়টো হৈছে, ইৰানক বিশ্বৰ এক পৰমাণু শক্তি হিচাপে মূৰ দাঙি উঠিবলৈ নিদিয়াৰ সংকল্প লৈছিল ইজৰাইল তথা আমেৰিকাই৷ সেই অনুসৰি ইজৰাইলে ইৰানৰ পৰমাণু অস্ত্র নির্মাণৰ উপাদান মজুত কৰা বিভিন্ন কেন্দ্রত আঘাত কৰিছিল৷ ইজৰাইলী চোৰাংচোৱাৰ প্রতিবেদন অনুসৰি মাত্র কেইমাহমানৰ ভিতৰতে বিধ্বংসী পৰমাণু অস্ত্র নির্মাণৰ বাবে ইৰানে চেষ্টা চলোৱাৰ কথা আছিল৷ গতিকে, ইৰানক এনে আকাংক্ষাৰ পৰা বিৰত কৰিব লাগে৷ এনে পৰিস্থিতিত ইজৰাইলে ইৰানৰ সেনাঘাটি আৰু পৰমাণু কেন্দ্রসমূহত আক্রমণ চলায়৷ এই আক্রমণত দেশখনৰ শীর্ষ সেনা বিষয়া আৰু কেইবাগৰাকীও পৰমাণু বিজ্ঞানী নিহত হোৱা বুলিও ইজৰাইলে দাবী কৰে৷ ইজৰাইলৰ এই আক্রমণৰ প্রত্যুত্তৰ দি দেশখনৰ বিভিন্ন চহৰত বেলিষ্টিক আৰু হাইপাৰছ’নিক ক্ষেপণাস্ত্রৰে আক্রমণ কৰে ইৰানৰ সেনাই৷ দীর্ঘদিন ধৰি শত্রুৰ মাৰণাস্ত্রৰ পৰা ইজৰাইলক ৰক্ষা কৰা দুর্বোধ্য প্রাচীৰ হিচাপে চিহ্ণিত ইজৰাইলৰ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা ‘আইৰন ডোম’ এইবাৰ ভেদ কৰে ইৰানৰ ক্ষেপণাস্ত্রই৷ ইজৰাইলৰ ৰাজধানী তেল আভিব, জেৰুজালেমসহ বিভিন্ন চহৰত ইৰানে ধ্বংসলীলাৰ সৃষ্টি কৰে৷ ইয়াৰ লগে লগে অধিক আগ্রাসী হৈ পৰে ইজৰাইলী সেনা৷ ইৰানৰ বিভিন্ন চহৰত ধাৰাসাৰ বোমাবর্ষণ কৰে ইজৰাইলে৷ লক্ষণীয়ভাৱে ইৰান-ইজৰাইলৰ এই আক্রমণ–প্রত্যাক্রমণ অব্যাহত থকাৰ সময়তে আমেৰিকাই বি–২ বোমাৰু বিমানেৰে ইৰানৰ তিনিটা পৰমাণু কেন্দ্রত বোমাবর্ষণ কৰে৷ বাংকাৰ ব্লাষ্টাৰ নামেৰে পৰিচিত বিধ্বংসী বোমাৰে ইৰানৰ ভূ–গর্ভত থকা তিনিটা পৰমাণু কেন্দ্র বিধ্বস্ত কৰা বুলি দাবী কৰে আমেৰিকাই৷ সমান্তৰালভাৱে ইৰানত মধ্যপ্রাচ্যৰ নৌসেনাৰ ঘাটিৰ পৰা ছাবমেৰিনৰ জৰিয়তে শক্তিশালী টোমাহক ক্ষেপণাস্ত্রও নিক্ষেপ কৰে মার্কিন সেনাই৷ এই আক্রমণৰ পিছতে আমেৰিকাক ভাবুকি দি মধ্যপ্রাচ্যৰ কাটাৰ, ছিৰিয়া আৰু ইৰাকত থকা মার্কিন সেনাৰ ঘাটিত ইৰানে আক্রমণ চলায়৷
ইয়াৰ পিছমুহূর্ততে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ইৰান আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ বাবে তৎপৰতা প্রদর্শন কৰে৷ এইক্ষেত্রত কাটাৰৰ সৈতে তাৎক্ষণিকভাৱে টেলিফোনিক যোগাযোগ কৰে ট্রাম্পে৷ কাটাৰৰ চুলতানৰ জৰিয়তে ইৰানক যুদ্ধবিৰতিৰ বাবে সৈমান কৰায় মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ ইফালে, ইজৰাইলকো যুদ্ধবিৰতিৰ বাবে সহমত প্রদর্শন কৰিবলৈ বাধ্য কৰায় ট্রাম্পে৷ কিন্তু মার্কিন ৰাষ্ট্রপতি ট্রাম্পে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি আৰম্ভ হোৱা বুলি ঘোষণা কৰাৰ পিছতো পৰস্পৰৰ মাজত অব্যাহত থাকিল বোমা–ক্ষেপণাস্ত্রৰ আক্রমণ৷ অৱশ্যে কেইবাঘণ্টাও বিৰতিৰ পিছত উভয় দেশে যুদ্ধবিৰতিৰ প্রতি সহমত পোষণ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে, যুদ্ধবিৰতিত থাকিও দুয়োখন দেশে পৰস্পৰক হুংকাৰ দিছে৷ যদিহে যুদ্ধবিৰতি উলংঘা কৰা হয়, তেন্তে কোনো পক্ষ বহি নাথাকিব বুলি স্পষ্ট কৰি দিছে ইৰান আৰু ইজৰাইলে৷ ইয়াৰ মাজতে উভয় দেশক লৈ হতাশা প্রকাশ কৰিবলগীয়া হৈছে ট্রাম্পে৷ দুয়োখন দেশে যুদ্ধবিৰতিৰ চর্ত উলংঘা কৰিলে পৰিস্থিতি অতি জটিল হৈ পৰিব বুলি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ঘোষণা কৰাৰ উপৰি ইৰান ইতিমধ্যে পৰামাণু অস্ত্র নির্মাণৰ পৰা বহুদূৰ পিছপৰি গৈছে বুলিও উল্লেখ কৰে৷ ইফালে, ট্রাম্পে ইৰানৰ পৰমাণু কেন্দ্র ধ্বংস কৰি দিয়া বুলি দাবী কৰিছে যদিও হোৱাইট হাউছৰ প্রতিবেদনত স্পষ্ট হৈ পৰিছে যে পৰমাণু কেন্দ্রৰ বিশেষ ক্ষতিসাধন কৰিব পৰা নাই৷ অর্থাৎ ট্রাম্পে যি সাফল্যৰ জয়গান গাইছিল, তাক হোৱাইট হাউছেই মিছা বুলি ঘোষণা কৰিলে৷ ইয়াৰ পিছতে পুনৰ আশংকা ঘনীভূত হৈছে ইৰানক কেন্দ্র কৰি৷ ইতিমধ্যে ইৰানে চাৰিশ কিলোগ্রাম ইউৰেনিয়াম গোপন স্থানত লুকুৱাই ৰখা বুলিও চর্চা চলিছে৷ গতিকে, ভৱিষ্যতে ইৰানে পৰমাণু অস্ত্র নির্মাণৰ চেষ্টা চলাব পাৰে বুলি আশংকা কৰা হৈছে৷ এনে পৰিস্থিতিৰ মাজতে উত্থাপন হৈছে প্রশ্ণ– ইৰানৰ যদি শক্তি অটুট থাকিল, তেন্তে আমেৰিকা আৰু ইজৰাইলে দেশখনৰ বিৰুদ্ধে চলোৱা অভিযানৰ সফলতা ক’ত?

You might also like