বায়ুসেনাৰ গ্রুপ কেপ্টেইনৰ পৰা মহাকাশচাৰীলৈ সুভাংশু শুক্লাৰ ৰোমাঞ্চকৰ যাত্রা
🔹 ভাৰতৰ দ্বিতীয় মহাকাশচাৰীৰ জীৱনপঞ্জী
🔹 কার্গিল যুদ্ধৰ পৰা অনুপ্রেৰণা পাইছিল শুক্লাই
নিউজ ডেস্ক, ২৬ জুন : দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী তথা আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)লৈ যোৱা প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্টেইন সুভাংশু শুক্লা৷ ভাৰতীয় বায়ুসেনা বাহিনীৰ টেষ্ট পাইলট আৰু ইছৰোৰ মহাকাশচাৰী গ্রুপ কেপ্টেইন সুভাংশু শুক্লাৰ ১৯৮৫ চনৰ ১০ অক্টোবৰত উত্তৰ প্রদেশৰ লক্ষ্ণৌত জন্ম হয়৷
বর্তমান পৃথিৱী প্রদক্ষিণ কৰি থকা অক্সিয়ম–৪ অভিযানৰ চাৰিগৰাকীৰ অন্যতম মহাকাশচাৰী সুভাংশু শুক্লাই আলিগঞ্জৰ চিটী মণ্টেশ্বৰী স্কুলত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে৷ ১৯৯৯ চনত কার্গিল যুদ্ধৰ দ্বাৰা অনুপ্রাণিত হৈ তেওঁ স্বতন্ত্রভাৱে আবেদন জনাই ইউপিএছচি এনডিএ পৰীক্ষাত উত্তীর্ণ হৈছিল৷ সামৰিক প্রশিক্ষণৰ পাছত ২০০৫ চনত নেচনেল ডিফেঞ্চ একাডেমীৰ পৰা কম্পিউটাৰ ছায়েঞ্চত স্নাতক ডিগ্রী লাভ কৰিছিল৷ ভাৰতীয় বায়ুসেনা বাহিনীৰ একাডেমীত উৰণ শাখাত বাছনি হৈ প্রশিক্ষণ লৈছিল৷ ২০০৬ চনৰ জুনত ভাৰতীয় বায়ুসেনা বাহিনীৰ ফাইটাৰ ষ্টীমত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে৷ বিভিন্ন বিমান ২০০০ ঘণ্টা উৰণৰ অভিজ্ঞতাসপন্ন এগৰাকী দক্ষ টেষ্ট পাইলট তথা গ্রুপ কেপ্টেইন শুক্লাই সুখয়–৩০ এম পি আই, মিগ–২১, মিগ–২৯, জাগুৱাৰ, ডর্নিয়াৰ ২২৮, হক আৰু এ এন ৩২ বিমান চালনাত সিদ্ধহস্ত৷ ভাৰতীয় মানৱ মহাকাশযান কার্যসূচীৰ কাৰণে ভাৰতীয় বায়ুসেনা বাহিনীয়ে আয়োজন কৰা ইনষ্টিটিউট অৱ এৰ’স্পেচ মেডিচিন (আইএএম)ৰ দ্বাৰা ২০০৯ চনত মহাকাশচাৰী বাছনি প্রক্রিয়াত গ্রুপ কেপ্টেইন শুক্লাক অন্তর্ভুক্ত কৰা হয়৷
পিছলৈ শুক্লাক আইএএম আৰু ইছৰোই চর্তলিষ্টেড কৰে৷ ২০২০ চনত শুক্লাক প্রাথমিক প্রশিক্ষণৰ বাবে ৰাছিয়ালৈ প্রেৰণ কৰা হয়৷ তেওঁৰ লগত আন তিনিজন বাছনিকৃত মহাকাশচাৰীকো ৰাছিয়াৰ য়ুৰি গাগাৰিন কস্ম’নেট ট্রেইনিং চেণ্টাৰত মহাকাশ অভিযানৰ প্রশিক্ষণ দিয়া হয়৷ ২০২১ চনত প্রাথমিক প্রশিক্ষণ দিয়াৰ পাছত শুক্লাক ভাৰতলৈ ওভতাই অনা হয় আৰু বেংগালুৰুত এষ্ট্র’নত ট্রেইনিং ফেচিলিটীত প্রশিক্ষণ দিয়া হয়৷ এই সময়ছোৱাতে তেওঁ আইআইএছচি বেংগালুৰুৰ পৰা এৰ’স্পেচ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ ২০২৪ চনৰ ২৭ ফেব্রুৱাৰীত ভাৰতৰ মহাকাশ অভিযানত এগৰাকী সদস্য হিচাপে সুভাংশু শুক্লাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ অক্সিয়ম–৪ মিছনত শুক্লাই পাইলট হিচাপে সেৱা আগবঢ়াব৷ বিদ্যালয়ৰ সহপাঠী ডাঃ কামনা মিশ্রৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সুভাংশু শুক্লা এগৰাকী পুত্র সন্তানৰ পিতৃ৷ প্রাক্তন চৰকাৰী কর্মচাৰী সুভাংশু দয়াল শুক্লা তেওঁৰ পিতৃ আৰু তেওঁৰ মাতৃ আশা শুক্লা৷ তিনি ভাই–ভনীৰ কনিষ্ঠ সুভাংশু শুক্লা৷ আজৰিৰ সময়ত বিজ্ঞান সম্পর্কীয় গ্রন্থ অধ্যয়ন কৰা শুক্লাই শাৰীৰিক ব্যায়াম নিয়মীয়াকৈ কৰে৷