নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱিষ্যৎ যুদ্ধৰ বাবে নির্মাণ হৈছে হত্যাকাৰী ৰবট

মার্কিন সংস্থাই চলাইছে গৱেষণা, কৃত্রিম মেধানির্ভৰ ‘ফিউৰি’–‘ৰোডৰানাৰ’ক লৈ চর্চা

হত্যাকাৰী ৰবট : নিজৰ পৰাই লক্ষ্যবস্তুক বাছনি কৰি আক্রমণ চলাব পাৰে ৰবট অস্ত্রই ইয়াক ক’ব পাৰি ‘হত্যাকাৰী ৰবট’৷ কল্পবিজ্ঞানৰ কাহিনী যন্ত্রদানৱ এইবাৰ বাস্তৱলৈ আহি আছে৷ চিনেমাৰ পর্দাৰ ‘টার্মিনেটৰ’ এইবাৰ বাস্তৱ পৃথিৱীত দেখিবলৈ পোৱা যাব৷

অসম্ভৱ একোৱেই নহয়, ইতিমধ্যে গৱেষণা বহুদূৰ আগবাঢ়িছে৷ হলীউডৰ ছবিৰ দৰে এই ‘টার্মিনেটৰ’বোৰৰ হাত–ভৰি নাই আছে কৃত্রিম মেধা–যন্ত্রদানৱৰ যাক মগজু বুলি কোৱা হয়৷ এই কৃত্রিম মেধাই হৈছে টার্মিনেটৰবোৰৰ নিয়ন্ত্রক৷ অর্থাৎ হত্যাকাৰী ৰবট নিয়ন্ত্রিত হ’ব কৃত্রিম মেধাৰ জৰিয়তে৷ বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছে ‘লেথেল এটোন’মাছ ওৱেপন ছিষ্টেম’৷

অৱশ্যে হত্যাকাৰী ৰবট হিচাপেই পৰিচিত এই বিশেষ অস্ত্র৷ ভৱিষ্যৎ যুদ্ধৰ সকলো হিচাপ–নিকাচ সলনি কৰি দিব এই ৰবটে৷ স্মর্তব্য যে বিগত কেইবছৰমান ধৰি যুদ্ধত ব্যৱহাৰ হৈছে পাইলটবিহীন বিমান বা বোমাৰু ড্রোন৷ এইবোৰ মানুহে দূৰৰ পৰা নিয়ন্ত্রণ কৰি আহিছে৷ কিন্তু হত্যাকাৰী ৰবটবোৰ এবাৰ যুদ্ধত মুকলি কৰি দিলে তাৰ নিয়ন্ত্রণ মানুহৰ হাতত নাথাকিব৷ এই যন্ত্রদানৱৰ নিয়ন্ত্রণ কৰিব লাগিব কৃত্রিম মেধাই৷

অৱশ্যে বর্তমানলৈ সম্পূর্ণ স্বয়ংক্রিয় কৃত্রিম মেধাসম্পন্ন অস্ত্র কোনো দেশৰ হাতত নাই৷ তথাপি এইক্ষেত্রত গৱেষণাই নতুন মাত্রা লাভ কৰিছে৷ আমেৰিকাৰ যুদ্ধ সৰঞ্জাম নির্মাণ সংস্থা ‘এণ্ডুৰিন’–এ ইয়াক লৈ ইতিমধ্যে পৰীক্ষা–নিৰীক্ষা চলাইছে৷ বহু গৱেষণা সফল হোৱা বুলিও দাবী কৰিছে সংস্থাটোৱে৷ ইয়াৰ ভিতৰত এটা হৈছে ‘ফিউৰি’, কৃত্রিম মেধানির্ভৰ এয়া এক ৰবটিক যুদ্ধ বিমান৷ ইয়াত কোনো ককপিট নাই, নাই পাইলটো৷ কাৰো সাহায্য নোহোৱাকৈ লক্ষ্যবস্তুত আঘাত হানিব পাৰে এই যুদ্ধ বিমানে৷ ‘ৰোডৰানাৰ’ নামৰ আন এক সমৰাস্ত্রও নির্মাণ কৰিছে মার্কিন সংস্থাটোৱে৷ এই অস্ত্রবিধৰ কৃত্রিম মেধানির্ভৰ৷

এই অস্ত্রক এবাৰ মুকলি কৰি দিলে নিজে নিজে অস্ত্রবিধে লক্ষ্যবস্তুক চিনাক্ত কৰি ধ্বংস কৰিব পাৰে৷ মূলতঃ ড্রোন আক্রমণ প্রতিহত কৰিবলৈ ইয়াক নির্মাণ করা হৈছে৷ লক্ষ্যবস্তু চিহ্ণিত কৰিব নোৱাৰিলে এই অস্ত্রবিধ উভতি আহে৷ ইতিমধ্যে ফিউৰি আৰু ৰোডৰানাৰক লৈ ভৱিষ্যৎ যুদ্ধ সন্দর্ভত বিভিন্ন চর্চা চলিছে বিশেষজ্ঞসকলৰ মাজত৷

Niyomiya Barta Desk, Date of Published – 26-06-2025

You might also like