গোপনে আমেৰিকাত আঘাত কৰিব পৰা ক্ষেপণাস্ত্র নির্মাণ পাকিস্তানৰ
🔹 মার্কিন চোৰাংচোৱাৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য
নিউজ ডেস্ক, ২৬ জুন : আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র (আচিবিএম) নির্মাণ কৰি আছে পাকিস্তানে৷ এই ক্ষেপণাস্ত্র দীর্ঘ দূৰত্বভেদী৷ পাকিস্তানৰ ভূমিৰ পৰা আমেৰিকাত আক্রমণ চলাব পৰাবিধৰ এই ক্ষেপণাস্ত্র৷ শেহতীয়াকৈ আমেৰিকাৰ চোৰাংচোৱাৰ প্রতিবেদনত সদৰী হৈছে এই চাঞ্চল্যকৰ তথ্য৷
এই ধৰণৰ ক্ষেপণাস্ত্র পাকিস্তানে এবাৰ নির্মাণ কৰি পেলালেই দেশখনক পাৰমাণৱিক প্রতিপক্ষ হিচাপে ঘোষণা কৰিব লাগিব হোৱাইট হাউছ প্রশাসনে৷ অর্থাৎ পাকিস্তানক ভৱিষ্যতে আমেৰিকাই ‘বন্ধু’ আখ্যা দিব নোৱাৰিব৷ মার্কিন পত্রিকা ফৰেন এফেয়ার্ছত এই চোৰাংচোৱাৰ প্রতিবেদন প্রকাশ পাইছে৷ প্রতিবেদনত উল্লেখ কৰা হৈছে যে পাকিস্তানৰ সেনাই এনে এবিধ আইচিবিএম নির্মাণ কৰি আছে, যিয়ে মার্কিন যুক্তৰাষ্ট্রক আঘাত হানিব পাৰিব৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে ইতিমধ্যে এই তথ্য লাভ কৰিছে৷ এই ধৰণৰ ক্ষেপণাস্ত্র ভৱিষ্যতে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ’ব পাৰে বুলিও আশংকা কৰা হৈছে প্রতিবেদনত৷
প্রতিবেদনত উল্লেখ কৰা হৈছে যে পাকিস্তানে আইচিবিএম নির্মাণ কৰিলে দেশখনক ভৱিষ্যতে পাৰমাণৱিক প্রতিপক্ষ হিচাপে ঘোষণা কৰাৰ বিকল্প নাথাকিব আমেৰিকাৰ৷ উল্লেখনীয় যে ৫,৫০০ কিলোমিটাৰ অধিক দূৰত্বত থকা লক্ষ্যবস্তুক আঘাত কৰিব পৰা ক্ষেপণাস্ত্রক আইচিবিএম বুলি কোৱা হয়৷ আন্তঃমহাদেশীয় এই ক্ষেপণাস্ত্রৰ জৰিয়তে দূৰত থকা শত্রুক আঘাত কৰা হয়৷ এখন মহাদেশৰ পৰা অন্য এখন মহাদেশলৈ এই ক্ষেপণাস্ত্র নিক্ষেপ কৰিব পৰা যায়৷ সাধাৰণ ক্ষেপণাস্ত্রৰ সমান্তৰালকৈ এই ক্ষেপণাস্ত্রত পৰমাণু অস্ত্রও ব্যৱহাৰ কৰিব পৰা যায়৷ মার্কিন চোৰাংচোৱাৰ প্রতিবেদন অনুসৰি, অতি গোপনে পাকিস্তানে এই গণবিধ্বংসী ক্ষেপণাস্ত্র নির্মাণ কৰি আছে৷