দ্বিতীয় টেষ্টত বুমৰাহক জিৰণি দিলে বিপদত পৰিব ভাৰতীয় দল
প্রশিক্ষক গৌতম গম্ভীৰক সতর্কবাণী প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্রীৰ
ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া দ্বিতীয়খন টেষ্টৰ পূর্বে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক সকীয়ালে ভাৰতীয় দলটোৰে প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্রীয়ে৷ ২ জুলাইৰ পৰা বার্মিংহামত অনুষ্ঠিত হ’বলগীয়া টেষ্টখনত যদি তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহক জিৰণি দিয়া হয়, তেতিয়াহ’লে ভাৰতীয় দলটোৱে বিপর্যয়ৰ সন্মুখীন হ’ব বুলি ব্যক্ত কৰি ৰবি শাস্ত্রীয়ে কয় যে বুমৰাহে দ্বিতীয়খন টেষ্টত জিৰণি লৈ লর্ডছত হ’বলগীয়া তৃতীয়খন টেষ্টত খেলিব৷
কিন্তু সমস্যাটো হ’ল যদি দ্বিতীয়খন টেষ্টত বুমৰাহক জিৰণি দিয়া হয় আৰু উক্ত টেষ্টখনত যদি ভাৰতীয় দলটো পৰাস্ত হয়, তেতিয়াহ’লে শৃংখলাটোত ২–০ত পিছ পৰিব শুভমন গিল বাহিনী৷ প্রথম দুখন টেষ্টত পৰাস্ত হোৱাৰ পাছত শৃংখলাটোত প্রত্যাৱর্তন কৰাটো ভাৰতীয় দলটোৰ বাবে সহজসাধ্য নহ’ব বুলি উল্লেখ কৰি ৰবি শাস্ত্রীয়ে লগতে কয় যে দ্বিতীয়খন টেষ্টত বুমৰাহক প্রশিক্ষক গম্ভীৰে খেলোৱা উচিত৷
কাৰণ, বুমৰাহৰ উপস্থিতিত ইংলেণ্ড দলটো নিশ্চয়কৈ চাপত থাকিব৷ সেই বাবেই তাৰকা পেচবলাৰগৰাকীক দ্বিতীয়খন মেচত খেলোৱাটো প্রয়োজন৷ উল্লেখ্য যে হেডিংলেত সদ্যসমাপ্ত প্রথমখন টেষ্টত বুমৰাহৰ বাহিৰে আন কোনো ভাৰতীয় বলাৰে উন্নত প্রদর্শন দাঙি ধৰিব নোৱাৰিলে৷ টেষ্টখনৰ প্রথম ইনিংছত বুমৰাহে ৫টা উইকেট লয় যদিও দ্বিতীয় ইনিংছত উইকেট লাভৰ পৰা বঞ্চিত হয়৷ অ
ৱশ্যে দ্বিতীয় ইনিংছত প্রসিদ্ধ কৃষ্ণ আৰু শ্বার্দুল ঠাকুৰে দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ বুমৰাহ অবিহনে ভাৰতীয় বলিঙৰ কি হ’ব সেয়া সহজেই অনুমান কৰিব পাৰি৷ এনে পৰিস্থিতিত বুমৰাহক সকলো মেচতে খেলাৰ পোষকতা কৰিছে ৰবি শাস্ত্রীয়ে৷
Niyomiya Barta Desk, Date of published : 27 June, 2025