🔹 ৰাজ্যত ভয়াৱহ ৰূপত জাপানীজ এনকেফেলাইটিছ
বিশেষ বাৰ্তা, ২৮ জুন : ৰাজ্যত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ শিশুৰ পৰা বৃদ্ধলৈকে বহুজনক এই ৰোগে আক্রান্ত কৰিছে৷ ৰাজ্যৰ কামৰূপ মহানগৰ, কামৰূপ গ্রাম্য, নলবাৰী, মৰিগাঁও, নগাঁও, ধুবুৰী, দৰং আদিকে ধৰি বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ সংক্রমণত বহু লোক আক্রান্ত হৈছে৷ উত্তৰ–পূর্বাঞ্চলৰ অন্যতম চিকিৎসা প্রতিষ্ঠান ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিগত এপ্রিল মাহৰ পৰাই এই ৰোগত আক্রান্ত হৈ বহু লোক চিকিৎসাধীন হ’বলগীয়া হৈছে৷
ভয়ানক কথাটো এয়ে যে বর্তমানলৈকে এই ৰোগত তিনি কিশোৰসহ চাৰিজন লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ এই সন্দর্ভত জিএমচিএইচৰ মুখ্য অধীক্ষক তথা বিশিষ্ট চিকিৎসক ডাঃ অচ্যুত চন্দ্র বৈশ্যই সদৰী কৰা মতে, বিগত এপ্রিল মাহৰ পৰাই জিএমচিএইচলৈ জাপানীজ এনকেফেলাইটিছ পজিটিভ বহু ৰোগী আহিছে৷ ইয়াৰ ভিতৰত এতিয়ালৈকে ৩২জন জে ই পজিটিভ হিচাপে চিহ্ণিত হৈছে৷ উক্ত ৰোগীসকলৰ ভিতৰত সর্বাধিক ৰোগী কামৰূপ মহানগৰ আৰু গ্রাম্য জিলাৰ৷ তাৰ দ্বিতীয় স্থানত আছে নলবাৰী জিলা৷
ডাঃ বৈশ্যই জানিবলৈ দিয়া মতে, বর্তমানলৈকে জাপানীজ এনকেফেলাইটিছত কামৰূপৰ ১২জন, নলবাৰীৰ ৮জন, দৰঙৰ ৫জন, বজালীৰ ২জন, মৰিগাঁৱৰ এজন, নগাঁৱৰ এজন, ধুবুৰীৰ এজন আৰু মেঘালয়ৰ এজন লোক জে ই পজিটিভ ৰূপে চিহ্ণিত হৈছে৷ হাস্পতালখনত ভর্তি হৈ থকা ৰোগীসকলৰ ভিতৰত চলিত জুন মাহত মুঠ চাৰিজন ৰোগীয়ে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ ইয়াৰ ভিতৰত বজালীৰ এজন, বাইহাটা চাৰিআলিৰ এজন, ঘগ্রাপাৰৰ এজন আৰু নগাঁৱৰ এজন বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে বাৰিষাৰ আগমনৰ লগে লগে জাপানীজ এনকেফেলাইটিছ বীজাণু কঢ়িওৱা মহৰ বংশবৃদ্ধি হয়৷ সাধাৰণতে জীৱ–জন্তুৰ পৰা এই ৰোগ মহৰ জৰিয়তে মানৱদেহত প্রৱেশ কৰে৷ জাপানীজ এনকেফেলাইটিছ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া প্রতিষেধক প্রদান কৰি আহিছে৷ প্রতিষেধক লোৱা মানুহৰ ক্ষেত্রত এই ৰোগে একো ক্ষতি কৰিব নোৱাৰে যদিও বহুসংখ্যক লোকে প্রতিষেধক নোলোৱাৰ বাবে এই ৰোগত আক্রান্ত হৈ মৃত্যুক সাবটিবলগীয়া হৈছে৷
চিকিৎসক বৈশ্যই জানিবলৈ দিয়া মতে, জাপানীজ এনকেফেলাইটিছ আক্রান্ত ৰোগীৰ কোনোধৰণৰ নির্দিষ্ট চিকিৎসা নাই৷ সংক্রমণ প্রতিৰোধেই এই ৰোগৰ পৰা হাত সাৰি থকাৰ অন্যতম উপায়৷ এইখিনি সময়ত সাধাৰণতে মহৰ প্রাদুর্ভাৱ বৃদ্ধি হয়৷ গতিকে ঘৰৰ চৌহদৰ পৰা বীজাণু কঢ়িওৱা মহৰ প্রাদুর্ভাৱ নিয়ন্ত্রণ কৰিব পাৰিলেই ভয়ানক পৰিস্থিতিৰ পৰা হাত সাৰি থাকিব পাৰি৷ কামৰূপ জিলাৰ লগতে নলবাৰী জিলাৰ বিশেষকৈ মুকালমুৱা অঞ্চলৰ পৰা অধিকসংখ্যক ৰোগী জিএমচিএইচলৈ আহিছে বুলিও তেওঁ লগতে কয়৷
লক্ষণীয় যে বঙাইগাঁও জিলাতো জাপানীজ এনকেফেলাইটিছ জাতীয় ৰোগৰ সংক্রমণে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে৷ নলা–নর্দমাৰ পৰা মহৰ বংশবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ স্থানীয় পৌৰসভাসমূহে ব্যৱস্থা লৈছে যদিও সেয়া পর্যাপ্ত নহয় বুলি ৰাইজে অভিযোগ কৰিছে৷ গুৱাহাটী মহানগৰীতো জাপানীজ এনকেফেলাইটিছৰ বীজাণু কঢ়িওৱা মহৰ বংশবৃদ্ধি নিয়ন্ত্রণৰ বাবে গুৱাহাটী পৌৰ নিগমে সময়ে সময়ে বহু ব্যৱস্থা গ্রহণ কৰাৰ দাবী কৰি আহিছে৷ কিন্তু ইয়াৰ পাছতো ইজনৰ পিছত সিজন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈছে৷ কামৰূপ জিলাৰ হাজো ৰাজহ চক্রৰ অন্তর্গত ৰামদিয়াৰ বেজপাৰা নিৱাসী বুদৰাম ডেকাৰ পত্নী কল্পনা ডেকা (৫০)ৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ পৰহি নিশা জিএনআৰচি হাস্পতালত মৃত্যু হৈছে৷
জানিব পৰা মতে, যোৱা ২০ জুনত জ্বৰত আক্রান্ত হোৱা মহিলাগৰাকীক হাজোৰ বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসকে দিয়া দৰবৰ পাছত মহিলাগৰাকী কিছু সুস্থ হৈ উঠিছিল যদিও নিশা পুনৰ জ্বৰত আক্রান্ত হোৱাত পৰিয়ালে ২১ জুনত জিএমচিএইচত ভর্তি কৰোৱায়৷ তাৰ পাছতো মহিলাগৰাকী সুস্থ হৈ নুঠাত পৰিয়ালে জিএনআৰচি হাস্পতালত ভর্তি কৰে৷ মৃত্যুৰ সৈতে যুঁজি অৱশেষত চিকিৎসাধীন অৱস্থাত পৰহি নিশা কল্পনা ডেকাৰ মৃত্যু হয়৷ মহিলাগৰাকীৰ মৃত্যুৰ পাছতে অঞ্চলটোৰ স্থানীয় লোকে জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্রণৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে৷