আহমেদাবাদৰ বিমান দুৰ্ঘটনা-ৰ পাছত পাৰ্টীত মছগুল কৰ্মচাৰী : চাৰিজনক অপসাৰণ
ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপক সমালোচিত হয়— অনেকেই এই ঘটনাটোক "সংবেদনশীলতাৰ অভাৱ" বুলি অভিহিত কৰে
আহমেদাবাদৰ বিমান দুৰ্ঘটনা-ৰ পাছত পাৰ্টীত মছগুল কৰ্মচাৰী : চাৰিজনক অপসাৰণ
এয়াৰ ইণ্ডিয়া SATS চাৰ্ভিচেছ (AISATS)—টাটা গোটৰ অধীনস্থ এয়াৰ ইণ্ডিয়া আৰু ছিংগাপুৰৰ SATS Ltd-ৰ বিমানবন্দৰ সেৱা সংস্থা—এ আহমেদাবাদত AI 171 বিমান দুৰ্ঘটনাৰ কিছুদিনৰ ভিতৰতে কাৰ্যালয়ত পাৰ্টীৰ আয়োজন কৰাৰ বাবে চাৰিজন জ্যেষ্ঠ কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰিছে। এই তথ্য PTI-এ প্ৰকাশ কৰিছে।
এই শাস্তিমূলক ব্যৱস্থাটো এটা ভাইৰেল ভিডিঅ’ৰ প্ৰেক্ষাপটত লোৱা হয়, য’ত AISATS কৰ্মচাৰীৰে পাৰ্টীত নাচি থকা দৃশ্য দেখা গৈছে। ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপক সমালোচিত হয়— অনেকেই এই ঘটনাটোক “সংবেদনশীলতাৰ অভাৱ” বুলি অভিহিত কৰে, কিয়নো ই AI171 বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই এই দৃষ্টিকটু পাৰ্টীৰ আয়োজন হৈছিল।
AISATS-এ বিবৃতিত কয়ঃ “AI 171 বিমান মর্মান্তিক দুৰ্ঘটনাত প্ৰভাৱিত পৰিয়ালসমূহৰ সৈতে AISATS-এ একাত্মতা প্ৰকাশ কৰে আৰু আমি আমাৰ ভিতৰুৱা ভিডিঅ’ত প্ৰতিফলিত হোৱা বিৱেচনাৰ অভাৱৰ বাবে গভীৰ অনুতাপ প্ৰকাশ কৰিছোঁ। এই ব্যৱহাৰ আমাৰ সংস্থাৰ মূল্যবোধৰ সৈতে সামঞ্জস্যপূর্ণ নহয়। আমি দায়ীসকলৰ বিৰুদ্ধে দৃঢ় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সহানুভূতি, পেছাদাৰী মনোভাব আৰু জবাবদিহিতাৰ প্ৰতি আমাৰ অঙ্গীকাৰ পুনৰ নিশ্চিত কৰিছোঁ।”
AISATS-এ অভিযুক্তকৰ্মচাৰীৰ নাম ঘোষণা নকৰিলেও, এটা সূত্ৰই সংবাদ সংস্থাক নিশ্চিত কৰে যে চাৰিজন জ্যেষ্ঠ কৰ্মচাৰী পাৰ্টীটো আয়োজনত সক্ৰিয়ভাৱে জড়িত আছিল, আৰু সেইকাৰণেই তেওঁলোকক চাকৰিৰ পৰা অপসাৰণ কৰা হয়। পাৰ্টীটোৰ নিদিষ্ট তাৰিখ AISATS-এ প্ৰকাশ কৰা নাই।
উল্লেখযোগ্য যে ১২ জুনত লণ্ডনগামী Air India Boeing 787-8 (AI 171) বিমানখন আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে এখন মেডিকেল হোষ্টেল কমপ্লেক্সত খুন্দা মাৰে। উক্ত বিমানত ২৪১জন আৰোহী আছিল, যাৰ ভিতৰত মাত্ৰ একজনেই জীৱিত উদ্ধাৰ হয়। এই দুৰ্ঘটনাত ২৭০ জন লোকৰ মৃত্যু ঘটে।