নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীৰ ৮ খেলুৱৈ

এইবেলি অহা ২৪ জুলাইৰ পৰা মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া এচিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপৰ বাবে উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীৰ পৰা ৮ গৰাকী খেলুৱৈ নিৰ্বাচিত হোৱা খবৰে উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীত আনন্দৰ বন্যা বোৱাইছে।

এই আঠ গৰাকী খেলুৱৈ হ’ল ক্ৰমে  সীমান্ত দাস, চামিউল হক, ময়ূখ বৰকাকতি, নিশিতা বৰা, আকাশলীনা শৰ্মা, মৈত্ৰী শৰ্মা, প্ৰাচী সৰকাৰ আৰু ডেছডিমনা পাঠক। এয়া উত্তৰ গুৱাহাটী টাইকোৱাণ্ডো একাডেমীৰ বাবে এক অভূতপূৰ্ব সাফল্য হিচাপে পৰিগণিত হৈছে।

কামৰূপ জিলা টাইকোৱানডো এচোছিয়েশ্যনৰ সভাপতি দিগন্ত বৰা আৰু সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁইৰ তত্বাৱধানত প্ৰথম বাৰৰ বাবে ৮গকৰাকী খেলুৱৈ এচিয়ান চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে উত্তৰ গুৱাহাটীবাসী।

এতিয়া এই আঠ গৰাকী টাইকোৱাণ্ডো খেলুৱৈক উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ খেলপথাৰত দিনে নিশাই অনুশীলন কৰাই আছে প্ৰশিক্ষক প্ৰিতম কিশোৰ বৰাই। আঠোগৰাকী খেলুৱৈক কামৰূপ জিলা টাইকোৱাণ্ডো এচোছিয়েশ্যনৰ ফলৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকে যাতে এই খেলত মেডেল কঢ়িয়াই আনি অসম তথা দেশৰ নাম উজলাই তুলিব পাৰে তাৰে কামনা কৰে কামৰূপ জিলা টাইকোৱাণ্ডো এচোছিয়েশ্যনৰ সভাপতি দিগন্ত বৰা আৰু সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে।

নিয়মীয়া বাৰ্তা, উত্তৰ গুৱাহাটী, Niyomiya Barta Desk, Date of published : 28 June, 2025

You might also like