🔹 মাধ্যমিক শিক্ষা সঞ্চালকৰ গুৰুত্বপূর্ণ নির্দেশনা
বিশেষ বাৰ্তা, ২৯ জুন : বিদ্যালয়ত শিক্ষক তথা অ–শৈক্ষিক কর্মচাৰীৰ উপস্থিতিক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে শিক্ষা বিভাগে৷ শেহতীয়াকৈ এই সন্দর্ভত মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে এক গুৰুত্বপূর্ণ নির্দেশ জাৰি কৰিছে৷ সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শকলৈ প্রেৰণ কৰা এই নির্দেশনাৱলী ২০২৫–২৬ শৈক্ষিক বর্ষত প্রতিখন বিদ্যালয়ে কঠোৰভাৱে মানি চলিব লাগিব৷ নির্দেশনা অনুসৰি সকলো শিক্ষকে ৯ বজাৰ পূর্বে বিদ্যালয়ত উপস্থিত হোৱাটো এতিয়াৰে পৰা হ’ব বাধ্যতামূলক৷ সেইদৰে শৈক্ষিক দিনপঞ্জীত নির্ধাৰণ কৰি দিয়া সময়তহে বিদ্যালয় এৰিব পাৰিব৷ লগতে বিদ্যালয়লৈ অহা–যোৱাৰ সঠিক তথ্য ‘শিক্ষা সেতু’ এপত উপলব্ধ হ’ব লাগিব৷
প্রত্যেক ছাত্র–ছাত্রীৰ উপস্থিতি লিপিবদ্ধ কৰাৰ ক্ষেত্রত শ্রেণী শিক্ষকজন ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব লাগিব বুলিও স্পষ্ট কৰি দিয়া হৈছে৷ স্নাতকোত্তৰ শিক্ষকসকলে বাধ্যতামূলকভাৱে হাইস্কুল শাখা অর্থাৎ নৱম–দশম শ্রেণীত পাঠদান কৰিব লাগিব৷ বিদ্যালয়ত নিয়োজিত অ–শৈক্ষিক কর্মচাৰীসকলৰো অহা–যোৱাৰ সময় নির্ধাৰণ কৰি দিয়া হৈছে৷ এই সন্দর্ভত নির্দেশনাটোত উল্লেখ কৰা মতে, সকলো অ–শৈক্ষিক কর্মচাৰীয়ে পুৱা ১০ বজাৰ পূর্বে বিদ্যালয়ত উপস্থিত হ’ব লাগিব আৰু বিয়লি ৪.৩০ বজা পর্যন্ত থাকিব লাগিব৷ যদিহে প্রয়োজন হয়, দাখিল কৰিব পৰাকৈ তেওঁলোকৰ প্রতিবেদন প্রস্তুত কৰি ৰাখিবলৈ কোৱা হৈছে৷ এই নির্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ ক্ষেত্রত বিদ্যালয়ৰ মুৰব্বীজন দায়বদ্ধ হ’ব বুলি স্পষ্ট কৰি দিছে মাধ্যমিক শিক্ষা সঞ্চালক হোজায়ে৷
মন কৰিবলগীয়া যে বিদ্যালয়সমূহত অনলাইন উপস্থিতিক লৈ ইতিপূর্বৰে পৰা শিক্ষা বিভাগ আৰু শিক্ষক সমাজৰ মাজত সংঘাত অব্যাহত আছে৷ উপস্থিতিৰ বাবে ইতিমধ্যে বিদ্যালয়সমূহলৈ চৰকাৰীভাৱে যোগান ধৰা হৈছে টেবলেট৷ সেই টেবলেটতে শিক্ষকে ছাত্র–ছাত্রীৰ লগতে নিজৰো উপস্থিতি নিশ্চিত কৰিব লাগে৷ কিন্তু একাংশ শিক্ষকে উত্থাপন কৰি অহা অভিযোগ মতে, প্রধান শিক্ষকে সহকাৰী শিক্ষকক ব্যক্তিগত ম’বাইলেৰে নিজৰ আৰু ছাত্র–ছাত্রীৰ উপস্থিতি ল’বলৈ হেঁচা প্রয়োগ কৰিছে৷ কাৰণ সেই বিদ্যালয়সমূহৰ টেবলেটসমূহ অকামিলা হৈছে বা প্রধানসকলে টেবলেটসমূহ ৰিচার্জ কৰিবলৈ অসমর্থ৷ সমগ্র শিক্ষাই অনলাইন উপস্থিতি নাপালে ছাত্র–ছাত্রীসকলৰ বাবে দৈনিক আহাৰৰ ধন যোগান নধৰাৰ বাবেই প্রধান শিক্ষকে সহকাৰী শিক্ষকসকলক ব্যক্তিগত ম’বাইলেৰে হ’লেও উপস্থিতি দিবলৈ হেঁচা প্রয়োগ কৰে৷ প্রাথমিক পর্যায়ৰ শিক্ষাত এনেধৰণৰ পৰিৱেশ অব্যাহত থকাৰ সময়তে মাধ্যমিক পর্যায়তো শিক্ষক তথা অ–শৈক্ষিক কর্মচাৰীৰ অহা–যোৱাৰ সময়সীমা নির্ধাৰণ কৰি দিয়াত ‘শিক্ষা সেতু’ত সঠিক তথ্য উপলব্ধ কৰোৱাৰ বাবে দিয়া নির্দেশনা লক্ষণীয়ৰূপে বিবেচিত হৈছে৷