নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূঁই ৰোৱাত ব্যস্ত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ পঞ্চম ষম্মাসিকৰ মুঠ ৩৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধিনত ম’হমাইকী গাওঁ পঞ্চায়তৰ মুকলি পথাৰত ভুঁইৰোৱা কামত অংশগ্ৰহণ কৰে।

অসমৰ মূল জীৱিকা কৃষিৰ প্ৰতি উঠি অহা প্ৰজন্মই দেখুৱাই অহা উদাসীনতাৰ সময়ত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰচণ্ড ৰ’দত পথাৰত কৰা এই ভুঁই ৰোৱা কাৰ্যই সকলোৰে প্ৰশংসা পাবলৈ সক্ষম হয়।

জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ কাৰ্য্যবাহী বিষয়া তথা অধ্যাপক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত এই কাৰ্য্যসূচী আৰম্ভ কৰাৰ প্ৰাগ মূহুৰ্তত বোকাখাত আহুগাওঁ নিৱাসী তথা প্ৰাক্তন ছাত্ৰ নেতা বিপুল গগৈয়ে আৰু  বিশিষ্ট ব্যক্তি অতুল গগৈয়ে পথাৰত ভূঁই ৰোৱা ছাত্ৰ ছাত্ৰী সকলক ধন্যবাদ আৰু নিজৰ ভাষণেৰে অনুপ্ৰাণিত কৰে ৷

উল্লেখ্য যে মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধিনত ছাত্ৰ ছাত্ৰী সকলে বোকাখাতৰ বিভিন্ন গাওঁত সমাজ সেৱাৰ বিভিন্ন কাৰ্য ৰূপায়ন কৰাৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত আৱৰ্জনা পৰিস্কাৰ কৰি বন্যপ্ৰাণী সুৰক্ষাৰ বাবেও প্ৰশংসনীয় কাম কৰি আহিছে ৷

নিয়মীয়া বাৰ্তা, বোকাখাত  : Date of published : 30 June, 2025

You might also like