নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত বন্যহস্তীৰ তাণ্ডৱ : তহিলং বিদ্যালয় গৃহ, বাসগৃহ, সামৰিক বাহিনী 

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে। বালিপৰা সংৰক্ষিত বনাঞ্চল, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ঘন বনাঞ্চলৰপৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক বন্যহস্তীয়ে বৃহত্তৰ চাৰিদুৱাৰ অঞ্চলৰ ৰাইজক সন্ত্ৰস্ত কৰি ৰাখিছে। বন্যহস্তীৰ উপদ্ৰৱত অঞ্চলটোৰ ৰাইজে বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছে।

অঞ্চলটোত বন্যহস্তীৰ তাণ্ডৱ এনেদৰে অব্যাহত থকাৰ মাজতে যোৱানিশা চাৰিদুৱাৰত ননকে বাকোলাত বন্যহস্তীয়ে চৰকাৰী বিদ্যালয়ৰ লগতে কেইবাজনো লোকৰ বাসগৃহ ভাঙি তহিলং কৰে। জানিব পৰা মতে, খাদ্যৰ সন্ধানত ননকে বাকোলা অঞ্চলত প্ৰৱেশ কৰা দুটা প্ৰকাণ্ড  বন্যহস্তীয়ে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ ননকে বাকোলা মজলীয়া বিদ্যালয়ৰ চৌদহত প্ৰৱেশ কৰি বিদ্যালয়খনৰ চাইকেল ষ্টেণ্ড, ৰেলিং, চাৰিসীমাৰ বেৰ , পানী টেংকি , বাৰাণ্ডাৰ টিন পাত ,বাটাম আদি ভাঙি বিস্তৰ ক্ষতিসাধন কৰে।

লগতে বন্যহস্তী দুটাই বিদ্যালয়খনৰ সমীপৰ ক্ৰমে শিৱ প্ৰসাদ শৰ্মা আৰু ৰাজেন নেৱাৰৰ  বাসগৃহ ভঙাৰ লগতে সা-সামগ্ৰী ভাঙি তহিলং কৰে। বন্যহস্তীৰ জাকটোৱে তহিলং কৰি থকাৰ সময়ত স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়ে যদিও বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে।

পিছত ৰাইজে টিং বজাই, জুই জ্বলাই, ফটকা ফুটাই হাতীৰ জাকটোক নিৰাপদ স্থানলৈ খেদি পঠিয়ায়। একেদৰে হাতী দুটাই চাৰিদুৱাৰৰ শালবাৰীতো কেইজনমান লোকৰ বাসগৃহ, বাৰীৰ শস্য ক্ষতিসাধন কৰাৰ উপৰি ননকে বাকোলাৰ এটা সামৰিক বাহিনী চাউনীৰৰো ক্ষতিসাধন কৰা বুলিও  একাংশ ৰাইজে জনাইছে । উল্লেখ্য যে চাৰিদুৱাৰ অঞ্চলত বন্যহস্তী-মানৱৰ সংঘাত এক দীৰ্ঘদিনীয়া সমস্যা যদিও আজিপৰ্যন্ত বনবিভাগে কোনো স্থায়ী সমাধানসূত্ৰ উলিয়াই ৰাইজৰ জীৱন-জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সমৰ্থ হোৱা নাই, যাৰ ফল বছৰ বছৰ ধৰি অঞ্চলটোৰ কৃষিজীৱী গঞাই ভূগিবলগীয়া হৈছে।

নিয়মীয়া বাৰ্তা, বালিপৰা : Date of published : 30 June, 2025

You might also like