প্ৰস্তুতি পৰাশৰক মহাৰাণী-অভিজিৎ ভট্টাচাৰ্যক মহাৰাজ বঁটা প্রয়াস, বজালীৰ
বজালী জিলাৰ সদৰ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত গীত, নৃত্য, কবিতা আৰু নাটৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰে শুভাৰম্ভণি হয় প্ৰয়াস বজালীৰ৷ শুভাৰম্ভণি অনুষ্ঠানত ভিন্ন ক্ষেত্ৰৰ কেবাগৰাকীও ব্যক্তিক প্ৰদান কৰা কেবাটাও বঁটা৷
ইয়াৰ ভিতৰত ভ্ৰাম্যমাণ আৰু চলচিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰক প্ৰদান কৰে অসম গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ মহাৰাণী বঁটা, নাট্যকাৰ, নাট পৰিচালক অভিজিত ভট্টাচাৰ্যক প্ৰদান কৰে অসম গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ মহাৰাজ বঁটা৷ আনহাতে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনক কবি সুৰভি বঁটা, অসম সৌৰভ কৃষ্ণ ৰয়ক চিৰ তৰুণ বঁটা আৰু সমাজৰ হিতৰ বাবে কাম কৰি অহা পাটাছাৰকুছি প্ৰাগজ্যোতি ক্লাৱক প্ৰদান কৰে আমি অসমীয়া বঁটা৷
অধ্যাপক ড০ পৰাগ বৰ্মনে আঁত ধৰা অনুষ্ঠানত বঁটা গ্ৰহণ কৰি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে প্ৰয়াস বজালীয়ে যি উদ্দেশ্য আগত লৈ অনুষ্ঠানটো আৰম্ভ কৰিছে সেয়া প্ৰকৃত অৰ্থত প্ৰতিফলিত হৈ উঠাৰ লগতে অনুষ্ঠানটোৰ সফলতা কামনা কৰে৷ ভ্ৰাম্যমাণৰ মহাৰাণী বঁটাৰে বিভূষিত কৰাৰ বাবে অনুষ্ঠানটোৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই বঁটা সমাজৰ বাবে, দৰ্শকৰ বাবে আৰু অধিক দায়িত্বশীল কৰি তুলিলে বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে৷
অনুষ্ঠানত উপস্থিত থাকি গীত পৰিবেশনৰে দৰ্শকসকলক আপ্লুত কৰি তোলে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংগীত শিল্পী তৰালী শৰ্মাৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰে নাট্যকাৰ,পৰিচালক, চলচিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসে৷ গীত, কবিতা, নৃত্যৰ সমাহাৰ ঘটা অনুষ্ঠানৰ পাছতে ডাঃ কৃষ্ণকান্ত লহকৰ আৰু মঞ্চৰত্ন ৰতন লহকৰ সোঁৱৰণী নাট “চিন্তা” উদ্বোধন কৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই প্ৰয়াস বজালীয়ে যি উদ্দেশ্যৰে অনুষ্ঠানটোৰ জন্ম দিছে সেই উদ্দেশ্যৰ সফলতা কামনা কৰি উদ্যোক্তাসকলৰ ধন্যবাদ জ্ঞাপন কৰে৷
ভাষণ প্ৰসংগত শইকীয়াই নিজে এগৰাকী অভিনেতা, নাট্যকাৰ, পৰিচালক, কলা কুশলী নহলেও হাৰে হিমজুৱে নাট ভাল পোৱা এগৰাকী দৰ্শক বুলি নিজকে অভিহিত কৰে৷ মহাপুৰুষ শংকৰদেৱে আৰম্ভ কৰা নাটৰ যোগেদিয়েই আধুনিক নাটৰ ক্ৰমবৰ্ধমান ধাৰাৰ কথা উল্লেখ কৰি নাটকৰ জয়যাত্ৰা সদায়ে অব্যাহত থকাটো কামনা কৰি চিন্তা নাটখনত অভিনয় কৰা কলা কুশলীসকলক শুভেচ্ছা জ্ঞাপন কৰে৷
নাটকখনত অভিনয় কৰি দৰ্শকৰ মন জয় কৰে বলিষ্ঠ অভিনেতা সঞ্জীব শৰ্মা , নবজ্যোতি কাশ্যপ, শৈলেন্দ্ৰ কাকতিৰ লগতে এদল অভিজ্ঞ কলা কুশলীয়ে৷ অনুষ্ঠানত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিশিষ্ট শিক্ষাবিদ ড০ ৰণজিৎ ডেকা, বিশিষ্ট উদ্যোগপতি নিপন কুমাৰ তালুকদাৰকে ধৰে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সফলতা কামনা কৰাৰ লগতে অনুষ্ঠানটোৰ উদ্যোক্তা পংকজ দাস, বাবুল শৰ্মা, হিমাংশু কলিতা, গিৰীশ পাটগিৰীকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে৷ এই অনুষ্ঠানতে প্ৰয়াস, বজালীৰ উদ্যোগত সদৌ অসম ভিত্তিত ড০ ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী মুকলি গল্প আৰু হীৰেন ভট্টাচাৰ্য সোঁৱৰণী কবিতা প্ৰতিযোগিতাৰ বঁটাসমূহো প্ৰদান কৰা হয়৷
নিয়মীয়া বাৰ্তা, পাঠশালা : Date of published : 30 June, 2025