নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Telangana Reactor blast : ৮জনৰ মৃত্যু, বহুতো আহত

তেলেংগানাৰ সংগাৰেড্ডি জিলাৰ পশ্যামাইলাৰামস্থিত এটা কেমিকেল কাৰখানাত আজি পুৱা সংঘটিত ভয়ংকৰ বিস্ফোৰণত কমেও ৮জন লোক নিহত আৰু বহুতো লোক আঘাতপ্ৰাপ্ত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই বিস্ফোৰণ সিগাচি কেমিকেল ইণ্ডাষ্ট্রীৰ ৰিয়েক্টৰত সংঘটিত হয়, যাৰ ফলত তীব্ৰ জুইৰ সৃষ্টি হয়। বিস্ফোৰণৰ প্ৰচণ্ড শক্তিত কিছুমান কৰ্মচাৰী ১০০ মিটাৰ পৰ্যন্ত ওফৰি পৰে, আৰু বহুতে ফঁচি যায়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ লগতে উদ্ধাৰ কাৰ্যত ব্যস্ত হৈ পৰে।

আৰক্ষীৰ মতে, ঘটনাস্থলীৰ পৰা ৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আৰু অন্য দুজন কৰ্মচাৰীয়ে চিকিৎসাৰ সময়তে প্ৰাণ হেৰুৱায়। ২৬জন আহত, যাৰ ভিতৰত কিছুমানৰ অৱস্থা গম্ভীৰ। ঘটনা সন্দর্ভত পোৱা ভিডিঅ’ত দেখা গৈছে যে কেমিকেল কাৰখানাৰ পৰা ওলাই অহা কৰ্মচাৰীৰ শৰীৰ আঘাতত দগ্ধ হৈছিল।

আজি পুৱা প্ৰায় ৮:১৫ৰ পৰা ৯:৩৫ৰ ভিতৰত পশ্যামাইলাৰামৰ সিগাচি ফাৰ্মাত বিস্ফোৰণ সংঘটিত হয়। ৮জন লোকৰ মৃত্যু, আৰু ২৬জন আহত হৈছে। ২০ মিনিটৰ ভিতৰতে  ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। SDRF, NDRF আৰু ১০টা অগ্নিনিৰ্বাপক বাহিনী উদ্ধাৰ কাৰ্যত জড়িত আছে। উদ্ধাৰ অভিযান এতিয়াও চলি আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। লগতে তেওঁ PMNRF-ৰ পৰা প্ৰতিজন মৃতৰ পৰিয়ালক ২ লাখ টকাৰ অনুদান আৰু আহতসকলক ৫০ হাজাৰ টকা দিয়াৰ ঘোষণা কৰিছে।

You might also like