বড়োলেণ্ড মডেল
হিংসাজর্জৰ পৰিস্থিতিৰ অৱসান ঘটাই দেশৰ শান্তি আৰু বিকাশৰ আদর্শ ভূমিত পৰিণত হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)৷ ২৯ জুনত আকাশবাণীৰ ১২৩ সংখ্যক ‘মন কী বাত’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বড়োভূমিৰ অনন্য যাত্রাক দেশৰ এক আদর্শৰূপে অভিহিত কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে এই কথাও দেশবাসীক জনাইছে যে কিদৰে বিটিআৰৰ ৰাইজে হিংসাৰ পথ পৰিহাৰ কৰি দেশৰ ফুটবল ক্ষেত্রত নিজস্ব চিনাকি দাঙি ধৰিবলৈ সক্ষম হৈছে৷ বড়োভূমি এতিয়া হিংসা–বিদ্বেষৰ বাবে নহয়, শান্তি আৰু বিকাশৰ সমাহাৰেৰে দেশক বিৰিঙাই তোলা এক উদিত সূর্য৷ হিংসাৰ পৰিৱেশ অৱসান হোৱাৰ লগে লগে বড়োভূমিত আত্মনির্ভৰশীলতাৰ সপোন জাগ্রত হৈছে৷ বিশেষকৈ ফুটবলকে ধৰি ক্রীড়া ক্ষেত্রত প্রতিভাৱান ভূমিপুত্রসকলে নিজকে ৰাষ্ট্রীয় পর্যায়ত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈ হলিচৰণ নার্জাৰী, দুর্গা বড়ো, অপূর্ণা নাজাৰী, মনবীৰ বসুমতাৰীৰ নাম উচ্চাৰণ কৰি দেশৰ ফুটবল ক্ষেত্রখনত আগবঢ়োৱা অনবদ্য অৱদানৰ কথাই দেশবাসীক অনুপ্রাণিত কৰিব৷ ‘মন কী বাত’ত প্রধানমন্ত্রীয়ে বিটিআৰক ভূয়সী প্রশংসাই নিশ্চিতভাৱে বিটিআৰৰ মুৰব্বী প্রমোদ বড়ো প্রমুখ্যে পৰিষদৰ নেতৃত্বক উৎসাহিত কৰিব৷ কিন্তু বড়োভূমিত বসবাস কৰা প্রায় ৩৫ লাখ লোকৰ মাজত আস্থা আৰু বিশ্বাস স্থাপন কৰাটো সহজসাধ্য নাছিল৷ প্রায় চাৰি দশকজোৰা বড়ো লোকসকলৰ আত্মনিয়ন্ত্রণৰ সংগ্রামৰ মাজতে ১৯৯৩ত স্বাক্ষৰিত হৈছিল বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ গঠনৰ চুক্তি৷ কিন্তু এই চুক্তিখনেও বড়োভূমিত শান্তি স্থাপন কৰিব নোৱাৰিলে৷ বৰঞ্চ অসমক পুনৰ বিভাজনৰ দাবীত বড়োসকলৰ আত্মনিয়ন্ত্রণৰ সংগ্রাম তীব্রহে হৈছিল৷ ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰৰ পাছত পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছিল যদিও বড়োভূমিত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত আস্থা আৰু বিশ্বাসৰ পৰিৱেশ গঢ়ি উঠা নাছিল৷ ফলত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্রশাসনৰ সময়ছোৱাত কেইবাটাও সংঘর্ষ সংঘটিত হৈছিল আৰু শান্তি স্থাপনৰ বাটত প্রত্যাহ্বানে থিয় দিছিল৷ ২০২১ৰ এবছুৰ নেতৃত্বত স্বাক্ষৰিত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ) চুক্তিৰ পাছত লক্ষণীয়ভাৱে শান্তি আৰু বিকাশৰ বাট প্রশস্ত হৈছে৷ বিগত ৫ বছৰত বিটিআৰত এটাও সংঘর্ষৰ ঘটনা সংঘটিত হোৱা নাই৷ কোনো এটা বিস্ফোৰণ অথবা উগ্রপন্থীৰ আক্রমণ ঘটা নাই৷ এয়া নিশ্চিতভাৱে বিটিআৰৰ বাবেই নহয়, অসম তথা দেশৰ বাবে আশাৰ বার্তা৷
বিটিআৰত স্থায়ী শান্তিৰ বাট মুকলিৰ জৰিয়তে বিকাশৰ নতুন গতিৰেখা নির্ণয়ৰ ক্ষেত্রত প্রমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে বিগত সময়ছোৱাত এলানি যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে৷ ভাৰতীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ ইতিহাসত নতুন দিগন্তৰ সূচনাৰে চাৰি হাজাৰৰো অধিক সশস্ত্র সংগঠনৰ সদস্যক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বড়োসকলৰ আত্মনিয়ন্ত্রণৰ সংগ্রামৰ শ্বহীদসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্রদান কৰা হৈছে৷ বড়োভূমিত বসবাস কৰা লোকসকলৰ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীনতা দূৰীকৰণৰ ক্ষেত্রতো বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে৷ প্রতিটো জনগোষ্ঠীৰ লোকসকলে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে৷ ৩.২৩ লাখ লোকক ভূমিপট্টা প্রদান কৰা হৈছে৷ ২.৯২ লাখ পৰিয়ালক বাসগৃহ প্রদানৰ জৰিয়তে সামাজিক পৰিৱর্তনৰ নতুন সূচক নির্মাণ কৰা হৈছে৷ শান্তি আৰু বিকাশৰ পথ প্রশস্ত হ’লেও বড়োভূমিৰ শৈক্ষিক পৰিৱেশৰ উন্নতি ঘটোৱাটো সহজসাধ্য নাছিল৷ কিন্তু সেয়াও কম সময়ৰ ভিতৰতে বিশেষ পৰিৱর্তন দেখা গৈছে৷ ছেবাৰ অধীনস্থ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিটিআৰৰ চিৰাং জিলাই এইবাৰ শীর্ষস্থান দখল কৰি শৈক্ষিক আমূল পৰিৱর্তনৰ ছবিখন প্রকট কৰি তুলিছে৷ মিছন ছুপাৰ ৫০ৰ অধীনত মেধা ছাত্র–ছাত্রীসকলক ইউপিএছচি, এপিএছচি, জেইই, নীট আদি প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্রশিক্ষণৰ ব্যৱস্থাৰ জৰিয়তে শৈক্ষিক ক্ষেত্রখনৰ বৈপ্লৱিক পৰিৱর্তন ঘটোৱা হৈছে৷ বিশেষকৈ অনগ্রসৰতাৰ বাবে বড়োভূমিত দীর্ঘকাল চলি থকা ডাইনী সন্দেহত হত্যাৰ ঘটনা প্রতিৰোধৰ ক্ষেত্রত বিশেষ সফলতা লাভ কৰা দেখা গৈছে৷ ক্ষমতাত অধিষ্ঠিত হৈয়ে প্রমোদ বড়োৱে বডোলেণ্ড হেপীনেছ মিছনৰ অধীনত ভৌতিকতা তথা অন্ধবিশ্বাস দূৰীকৰণৰ বাবে বিশেষ সজাগতা কার্যসূচী ফলপ্রসূ হৈছে৷ গ্রেণ্ড বড়োলেণ্ড মিছনৰ অধীনত মানস ৰাষ্ট্রীয় উদ্যান, ৰাইমনা, স্বখলা ৰাষ্ট্রীয় উদ্যান সংৰক্ষণৰ লক্ষ্যৰে বিশেষ অৰণ্য নীতিও কার্যকৰী কৰা হৈছে৷ বডোফা উপেন্দ্র নাথ ব্রহ্মৰ মূর্তি নতুন দিল্লীত স্থাপন আৰু দেশৰ ৰাজধানীত কালিকাশ কলনী পথৰ নামকৰণৰ জৰিয়তে বিটিআৰৰ নেতৃত্বই বিশেষ পদক্ষেপ গ্রহণ কৰাত সফল হৈছে৷ বড়োলেণ্ডৰ শান্তি স্থাপন আৰু বিকাশৰ অগ্রগামী যাত্রা দেশৰ বাবে আজি এক আদর্শ মডেল৷ এইক্ষেত্রত প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰ আৰু তেওঁৰ নেতৃত্বাধীন ইউপিপিএল দলৰ ভূমিকাই বড়োভূমিৰ ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে বড়োভূমিৰ শাসনত থকা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ কার্যকালত সংঘটিত সীমাহীন দুর্নীতিৰ বাবে অঞ্চলটোৰ শান্তি আৰু বিকাশৰ পথ প্রশস্ত হৈছিল৷ ক্ষমতাত থকাৰ সময়ছোৱাত হাগ্রামা মহিলাৰী, চন্দন ব্রহ্ম, খাম্পা বৰগয়াৰী আদিয়ে কিদৰে অগাধ সম্পত্তি আহৰণ কৰিছে সেয়া বড়োভূমিৰ ৰাইজে দেখিছে৷ এনে পর্বতসম সম্পত্তিৰ উৎস কি হ’ব পাৰে সেয়া ৰাইজে বুজি নোপোৱাকৈ থকা নাই৷ কিন্তু বিগত ৫ বছৰত প্রমোদ বড়ো আৰু তেওঁলোকৰ সহযোগীসকলৰ বিৰুদ্ধে দুর্নীতিৰ বিশেষ অভিযোগ উত্থাপন হোৱা নাই৷ বড়োসকলৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ প্রতিষ্ঠাৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰা নিখিল বড়ো ছাত্র সন্থা (এবছু)ক যথোচিত মর্যাদা প্রদান কৰাৰ লগতে সমান্তৰালভাৱে অন্যান্য জনগোষ্ঠীৰ মাজত আস্থা আৰু বিশ্বাস স্থাপনৰো পদক্ষেপ গ্রহণ কৰা হৈছে৷ সকলো জাতি–জনগোষ্ঠীক লৈ এখন সমৃদ্ধিশালী বড়োভূমি প্রতিষ্ঠাৰ বাবে গ্রহণ কৰা নিৰলস প্রচেষ্টাৰ বাবেই দেশৰ আদর্শ হৈ উঠিছে বড়োলেণ্ড মডেল৷