বোকাখাতৰ সাপজুৰিৰ পানবাৰী গ্ৰেণেড বিস্ফোৰণত আহত ৩ জোৱানৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বোকাখাতৰ আৱৰ্ত্ত ভৱনত জোৱানকেইজনক লগ পোৱাৰ পিছত উন্নত স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটীলৈ নিয়াৰ বাবে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইফালে, ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ ক্ষেত্ৰত ২০১৩ বৰ্ষৰ পূৰ্বৰ কৰ্মচাৰীসকলক চৰকাৰে বাচনি কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে তাৰ পিছত কৰ্মৰত কৰ্মচাৰীসকলৰ দ্বায়িত্ব পৌৰসভাই ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ৷ একেদৰে তেওঁ কয় যে অহা নৱেম্বৰ মাহত পুনৰ নিযুক্তি হ’ব ৰাজ্যৰ একাধিক পদৰ। এই ঘোষণা মুখ্যমন্ত্ৰীৰ।
আনহাতে গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত দুজনক আৰক্ষীয়ে গুলীওৱা বিষয়টি তেওঁ জ্ঞাত নহয় বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে৷ আনহাতে প্ৰবীণ বিজেপি নেতা বোকাখাতৰ বিজেপিৰ পিতামহ লক্ষ্য শৰ্মাকো মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰি এদিন তেখেতৰ ঘৰলৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
কেন্দ্ৰীয় মন্ত্ৰীৰ পিছত মুখ্যমন্ত্ৰীৰ সাক্ষাৎ পাই কিছু সন্তোষ লভিলে যদিও নিজৰ দুৰ্দশাৰ বিৱৰণ দি আৱেগিক হৈ পৰিল প্ৰবীণ বিজেপি নেতাজন৷ ইফালে মুখ্যমন্ত্ৰীৰ ভ্ৰমণ কালত গোলাঘাট কংগ্ৰেছ ভৱনৰ সন্মুখত মন্ত্ৰী অতুল বৰাৰ গাড়ীলৈ অজ্ঞাত ব্যক্তিয়ে বটল দলিওৱা কাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী অতুল বৰাৰ।
লক্ষ্যণীয়ভাৱে মুখ্যমন্ত্ৰীৰ বোকাখাত আৱৰ্ত্ত ভৱনত প্ৰবেশৰ পিছতে গোলাঘাটৰ আৰক্ষী অধীক্ষক আৰু বোকাখাত সমজিলা প্ৰশাসনে সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰে৷ এই লৈ আৰক্ষী অধীক্ষক আৰু সমজিলা প্ৰশাসনেৰে সাংবাদিকৰ এক বাকযুদ্ধত লিপ্ত হয়৷ পৰৱৰ্তি সময়ত মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপত সাংবাদিকসকলক ভিতৰলৈ সোমাবলৈ দিয়া হয়।
নিয়মীয়া বাৰ্তা, বোকাখাত : Date of published : 1 July, 2025