দেশৰ স্বাধীনতা সংগ্ৰামৰ বহুকেইজন গুৰিয়াল সংগ্ৰামীৰ ঠাই এই যোৰহাট। স্বৰাজোত্তৰ দেশত ১৯৮৩ চনৰ ১ জুলাইত জিলা হিচাপে ঘোষণা কৰাৰ পিছত যোৰহাটৰ বহু সু-সন্তানে শিক্ষা, ৰাজনীতি, স্বাস্থ্য, প্ৰযুক্তিবিদ্যাকে আদি কৰি বহুক্ষেত্ৰত দেশৰ লগতে বিদেশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তেওঁলোকৰ সুগন্ধ গাঁৱে-ভূঞে বিয়পি পৰি সকলোকে উৎসাহিত কৰক।- ৪২ সংখ্যক যোৰহাট জিলা দিৱস উপলক্ষে যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত ১৩৩ নং বঙাল পুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু যোৰহাট পূৱ ৰাজহ চক্ৰৰ চেকনীধৰা গাঁৱৰ গাঁও প্ৰধান দিগন্ত বৰুৱাৰ সহযোগত বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি পুথি প্ৰকাশক তথা বিক্ৰেতা,সমাজকৰ্মী নিৰোদ চাংকাকতিয়ে এইদৰে কয়।
সভাত বহু সংখ্যক লোকে বিদ্যালয় পুথিভঁৰাললৈ শিশু উপযোগী গ্ৰন্থ আগবঢ়ায়।বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী দেৱাক্ষী শইকীয়াই আঁত ধৰা সভাত ৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অৱৰ্তীণ সৈনিক ৰবীন কুমাৰ পেগু আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পুথিভঁৰাললৈ বিনামূলীয়াকৈ বাতৰি কাকত,আলোচনী আগবঢ়াই অহা সমাজকৰ্মী নিৰোদ চাংকাকতিক সামূহিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
থলীতে প্ৰাক্তন ছাত্ৰ সুৰেন্দ্ৰ নাথ দত্তই বিদ্যালয় পুথিভঁৰাললৈ এটা বুক চেলফ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।অনুষ্ঠানটোত সমাজকৰ্মী চফল কুমাৰ খাউণ্ড,উজ্বলময় শইকীয়া,মমী হাজৰিকা, মৌচুমী চাংমাই, কাশ্মিৰী বৰগোহাঁই আদি বহু লোক উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, চিনামৰাঃ Date of published : 1 July, 2025