বাংলাদেশত হিন্দু মহিলাক ধ*র্ষণ ৰাজনীতিকৰ
🔹 ৰাজপথত হিন্দু সংগঠনৰ তীব্র প্রতিবাদ : ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰো অংশগ্রহণ
নিউজ ডেস্ক, ১ জুলাই : বাংলাদেশ নেচনেলিষ্ট পার্টী, চমুকৈ বিএনপিৰ নেতা এজনে ২১ বছৰীয়া হিন্দু মহিলা এগৰাকীক ধ*র্ষণ কৰাক লৈ দেশখনত তীব্র প্রতিবাদ সাব্যস্ত হৈছে৷ কামিলাত মহিলাগৰাকীৰ ধর্ষণৰ অভিযোগত ফজৰ আলী নামৰ বিএনপি নেতাসহ চাৰিজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷
তথ্য মতে, খালেদা জীয়া নেতৃত্বাধীন বিএনপিৰ নেতা ফজৰ আলীয়ে ২৬ জুনত মহিলাগৰাকীক ডিঙিত ছু*ৰী লগাই ধ*র্ষণ কৰিছিল৷ স্বামী বর্তমান ডুবাইত কর্মৰত হৈ থকাৰ বাবে মহিলাগৰাকী পিতৃৰ বাসগৃহত আছিল৷ হৰিসেৱা উৎসৱ চলি থকা সময়তে সন্তানৰ সৈতে পিতৃৰ বাসগৃহত থকা মহিলাগৰাকীক নিশা ১০ বজাত ফজৰ আলীয়ে বলপূর্বক প্রৱেশ কৰি মাৰধৰ কৰাৰ লগতে ধ*র্ষণ কৰে৷ স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ ধ*র্ষণকাৰীক প্রহাৰ কৰিবলৈ উদ্যত হয় যদিও কোনোৰকমে তাৰ পৰা পলাই যাবলৈ সক্ষম হয়৷
ঘটনা সন্দর্ভত আৰক্ষীয়ে অভিযুক্ত ফজৰ আলীসহ আন চাৰিজনক গ্রেপ্তাৰ কৰিছে৷ এই ঘটনাৰ প্রতিবাদস্বৰূপে হিন্দু সংগঠনসমূহ ৰাজপথলৈ ওলাই আহে৷ ৰাজধানীৰ ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলেও ধ*র্ষণকাৰীক কঠোৰ শাস্তি বিহাৰ বাবে দাবী জনায়৷