আহমেদাবাদ বিমান দুর্ঘটনা : আমেৰিকা–ব্রিটেইনৰ আইনী মেৰপেঁচত এয়াৰ ইণ্ডিয়া!
আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ শোকাৱহ বিমান দুর্ঘটনাক লৈ বিপাঙত পৰিব পাৰে এয়াৰ ইণ্ডিয়া৷ গ্রেট ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ আইনী মেৰপেঁচত সোমাব পাৰে এয়াৰ ইণ্ডিয়া৷ কেইবাটাও আন্তর্জাতিক আইনী কোম্পানীয়ে ইতিমধ্যে বিমান দুর্ঘটনাত নিহত পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে৷
আন্তর্জাতিক আইনী কোম্পানীৰ ভিতৰত আছে ব্রিটেইনৰ কিষ্টন আৰু আমেৰিকাৰ উইণ্ডছাৰ ল’ ফার্ম৷ এই আইনী কোম্পানী দুটাই মৃতকৰ পৰিয়ালৰ সৈতে আলোচনাৰ পিছত শীঘ্রে এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পূর্ণ সম্ভাৱনা আছে৷
ভাৰতীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ লগতে বিমান নির্মাণকাৰী ব’য়িঙৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব উক্ত আইনী কোম্পানী দুটা৷ উল্লেখ্য যে আহমেদাবাদৰ বিমান দুর্ঘটনাত ব্রিটেইনৰ নাগৰিকৰো মৃত্যু ঘটিছিল৷ পৰিয়ালৰ সৈতে ব্রিটেইনৰ আইন কোম্পানীটোৱে যোগাযোগ কৰি সকলো তথ্য সংগ্রহ কৰিছে৷
Niyomiya Barta Desk, Date of Published, 2 July, 2025