নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকেট উৎক্ষেপণ–ইভি মুকলি : মাস্কক সকীয়নি ট্রাম্পৰ

ঘনিষ্ঠ বন্ধুৰ পৰা এক্সপেণ্ডিং বিল তথা ৱান বিগ বিউটিফুলক লৈ শত্রুতাত পৰিণত হোৱা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ধনকুবেৰ এলন মাস্কৰ মাজত সংঘাত দিনে দিনে বৃদ্ধি পাই আহিছে৷ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি পদত ট্রাম্পক অধিষ্ঠিত কৰাত সর্বাধিক দান–প্রচাৰ অভিযানত অংশ লৈ পিছলৈ ৰাষ্ট্রপতি হোৱাৰ পিছত চৰকাৰী বিভাগৰ দায়িত্ব লোৱা ধনকুবেৰ মাস্ক ৰাষ্ট্রপতি ট্রাম্পক সমালোচনাৰ বাবে শত্রু হৈ পৰিছে৷ ৱান বিগ বিউটিফুল বিলক কঠোৰ সমালোচনা কৰাৰ বাবে ৰাষ্ট্রপতি ট্রাম্পে ধনকুবেৰ মাস্কক তেওঁৰ স্পেচ এক্স কোম্পানীৰ ৰকেট উৎক্ষেপণ বন্ধ কৰাৰ লগতে টেছলাৰ বৈদ্যুতিক বাহন (ইভি) মুকলি নকৰিবলৈও সকীয়নি দিছে৷ প্রয়োজন সাপেক্ষে মার্কিন যুক্তৰাষ্ট্র এৰি দক্ষিণ আফ্রিকালৈ উভতি যাবলৈও মাস্কক সকীয়নি দিছে ট্রাম্পে৷

You might also like