নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াত যুদ্ধজাহাজ আইএনএছ তামাল মোতায়েন ভাৰতীয় নৌসেনাৰ

ৰাছিয়াত ভাৰতীয় নৌবাহিনীয়ে যুদ্ধজাহাজ আইএনএছ তামাল মোতায়েন কৰে৷ দেশৰ বাহিৰত নির্মাণ কৰা এইখনেই হ’ব অন্তিম যুদ্ধজাহাজ৷ মোতায়েন কার্যসূচীত অধ্যক্ষতা কৰে ভাৰতীয় নৌবাহিনীৰ ৱেষ্টার্ন নাভাল কমাণ্ড, ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ, ভাইচ এডমিৰেল সঞ্জয় সিঙে৷

ভাৰত আৰু ৰাছিয়াৰ প্রতিৰক্ষা বিভাগৰ কেইবাজনো শীর্ষ বিষয়াৰ উপস্থিতিত এই যুদ্ধজাহাজখন মোতায়েন কৰা হয়৷ উল্লেখ্য যে ইয়াৰ পূর্বে ৰাছিয়াত ২০২৪ চনৰ ৯ ডিচেম্বৰত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত আইএনএছ তুশিল মোতায়েন কৰা হৈছিল৷

ভাৰতীয় যুদ্ধজাহাজ আইএনএছ তামালে ৰাডাৰৰ চকুত ধূলি দিব পৰা৷ বহু ভূমিকা গ্রহণ কৰিব পৰা শক্তিসম্পন্ন নীৰৱ ঘাতক৷ ভাৰত আৰু ৰাছিয়াৰ যৌথ পদক্ষেপত এই জাহাজখন নির্মাণ কৰা হৈছে৷ জাহাজখনত ২৬ শতাংশ দেশীয় উপাদান আছে৷

ৰাছিয়াৰ কালিনিনগ্রেডত মোতায়েন কৰা জাহাজখনে ব্রাহ্মছ ছুপাৰছনিক ক্রুইজ মিছাইল স্থলভাগৰ পৰা আকাশলৈ উলম্বভাৱে নিক্ষেপ কৰিব পৰা ক্ষমতালব্ধ৷ পাৰমাণৱিক, জৈৱিক আৰু ৰাসায়নিক প্রতিৰক্ষাৰ কাৰণে অত্যাধুনিক স্বয়ংক্রিয় ব্যৱস্থাৰে শক্তিশালী এই জাহাজখন৷

Niyomiya Barta Desk, Date of Published, 2 July, 2025

You might also like