নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ পৰা চেংডু জে–১০ চি যুদ্ধবিমান ক্রয় কৰিব ইৰানে

ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ আকাশমার্গেৰে আক্রমণ, ৰাছিয়াৰ সৈতে ছুখয়–৩৫ৰ চুক্তি স্থগিত হোৱাৰ পিছত ইৰানে চীনৰ পৰা অত্যাধুনিক যুদ্ধবিমান ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চীনৰ চেংডু জে–১০ চি যুদ্ধবিমান ক্রয় কৰাৰ বাবে তেহৰানে বেইজিঙৰ সৈতে আলোচনাত মিলিত হৈছে৷

দুয়োখন দেশৰ মাজত চীনৰ বহুমুখী যুদ্ধবিমানখন ক্রয় কৰাৰ ক্ষেত্রত চুক্তি স্বাক্ষৰিত হোৱাৰ দিশেও আগবাঢ়িছে৷ ইৰানৰ বাতৰিকাকত খৰাচানত প্রকাশ কৰা মতে, তেহৰানে দেশৰ সেনাক আধুনিকীকৰণ আৰু বায়ুসেনাৰ পুৰণি হোৱা বিমান আৰু যুদ্ধবিমান আঁতৰাই নতুন অত্যাধুনিক যুদ্ধবিমান হিচাপে চীনৰ চেংডু জে–১০ চি বিমানখন ক্রয় কৰিব৷ দেশখনৰ প্রতি ভাবুকি আহি পৰাৰ পৰিপ্রেক্ষিততে ইৰানে তীব্রগতিসম্পন্ন যুদ্ধৰ বাবে অতি দক্ষ বিমান ক্রয়ৰ বাবে প্রয়োজনীয়তা আহি পৰিছে৷

উল্লেখ্য যে ৰাছিয়াই চুক্তি অনুসৰি ইৰানক বিমান যোগান ধৰাত বিলম্ব কৰাৰ বাবে চুক্তি স্থগিত ৰখা হৈছে৷

Niyomiya Barta Desk, Date of Published, 2 July, 2025

You might also like