বার্মিংহাম টেষ্ট : গিলৰ শতকেৰে প্রথম দিনা ভাৰতৰ ৩১০/৫
ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে আৰম্ভ হোৱা বার্মিংহাম টেষ্টৰ প্রথম দিনাই সন্মানজনক স্থিতিত উপনীত হৈছে টীম ইণ্ডিয়া৷ অধিনায়ক শুভমন গিলৰ অপৰাজিত শতক আৰু অ’পেনাৰ যশস্বী জয়ছোৱালৰ দর্শনীয় অর্ধশতকৰ সহায়ত ভাৰতে প্রথম দিনৰ খেলৰ শেষলৈকে প্রথম ইনিংছত ৫টা উইকেট হেৰুৱাই ৩১০ ৰান সংগ্রহ কৰিছে৷
দিনান্তত গিলে ১১৪ আৰু ৰবীন্দ্র জাদেজাই ৪১ ৰান কৰি ক্রিজত আছে৷ ইংৰাজ বাহিনীৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৰ আৰম্ভণি মুঠেই সুখকৰ নাছিল৷ দলীয় স্ক’ৰ ১৫ ৰানতে তাৰকা বেটাৰ লোকেশ ৰাহুলক হেৰুৱাই বিপদত পৰে৷
ৰাহুলে মাত্র ২ ৰান কৰি পেভিলিয়নমুখী হয়৷ অৱশ্যে আনগৰাকী অ’পেনাৰ জয়ছোৱালে কৰুণ নায়াৰৰ সৈতে দ্বিতীয় উইকেটত ৮০ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় কিছু ৰোধ কৰাৰ সময়তে নায়াৰে ব্যক্তিগত ৩১ ৰানত বিদায় লয়৷ ইফালে ১০৭টা বলত ১৩টা বাউণ্ডেৰীৰে ৮৭ ৰানৰ দর্শনীয় ইনিংছ খেলা জয়ছোৱালে অধিনায়ক গিলৰ সৈতেও ৬৬ ৰানৰ যুটি বান্ধে৷
জয়ছোৱাল আউট হোৱাৰ পাছত গিলে ঋষভ পণ্টৰ সৈতে লগ লাগি দলক সবল স্থিতিত উপনীত কৰাৰ চেষ্টা চলোৱাৰ সময়তে পণ্টে ব্যক্তিগত ২৫ ৰানত বিদায় লয়৷ অৱশ্যে আউট হোৱাৰ পূর্বে পণ্টে গিলৰ সৈতে ৪৯ ৰান সংগ্রহ কৰে৷
আনহাতে নীতিশ কুমাৰ ৰেড্ডীয়ে বিশেষ অৰিহণা যোগোৱাত ব্যর্থ হয়৷ মাত্র ১ ৰানত বিদায় লয় নীতিশে৷ ২১৬টা বলত ১২টা বাউণ্ডেৰীৰে ১১৪ ৰানত অপৰাজিত হৈ থকা গিলে জাদেজাৰ সৈতে ষষ্ঠ উইকেটত অপৰাজিতভাৱে ৯৯ ৰান সংগ্রহ কৰি দলক সন্মানজনক স্থিতিত উপনীত কৰায়৷ ইংলেণ্ডৰ হৈ ক্রিছ ৱ’কছে ২টা, ব্রাইডন কার্ছে, বেন ষ্ট’কছ আৰু ছোৱাইব বছিৰে ১টাকৈ উইকেট লয়৷
Niyomiya Barta Desk, Date of Published, 3 July, 2025