নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯,০০০ৰ চাকৰি শেষ! দ্বিতীয়বাৰৰ বাবে বৃহৎসংখ্যক কৰ্মচাৰী আঁতৰালে মাইক্র’ছফ্টে

মাইক্র’ছফ্টে পুনৰ হাজাৰ হাজাৰ কৰ্মচাৰী আঁতৰাইছে। এই বছৰত দ্বিতীয়বাৰৰ বাবে বৃহৎসংখ্যক চাটাই কৰিছে মাইক্র’ছফ্টে আৰু বিগত দুই বছৰত কোম্পানীটোৰ আটাইতকৈ এয়া ডাঙৰ চাটাই অভিযান।

কোম্পানীটোৱে চাটাইৰ জাননী প্ৰেৰণ আৰম্ভ কৰে, যিয়ে Xbox ভিডিঅ’ গেম ব্যৱসায় আৰু আন কেইবাটাও বিভাগত প্ৰভাৱ পেলায়।

মাইক্র’চফ্টে কিমান লোকক চাকৰি এৰাব লাগিব সেয়া নক’লে, কিন্তু ক’লে যে এই সংখ্যা যোৱা বছৰৰ কৰ্মীবৰ্গৰ ৪%ৰো তলত থাকিব। কোম্পানীটোৱে কয় যে এই চাটায়ে বিশ্বজুৰি কেইবাটাও দলেৰে সৈতে বিক্ৰয় বিভাগতো প্ৰভাৱ পেলাব।

এক বিবৃতিত কোম্পানীটোৱে কয়- “আমাৰ দলে আৰু কোম্পানীটোক এটা সজীৱ বজাৰত সফল কৰি তুলিবলৈ প্ৰয়োজনীয় সংগঠনত্মক পৰিৱৰ্তন অব্যাহত ৰাখিছোঁ।”

Xbox-ৰ CEO ফিল স্পেন্সাৰে কৰ্মচাৰীক এখন মেম’ প্ৰেৰণ কৰি ক’লে যে চাটায়ে ভিডিঅ’ গেম ব্যৱসায়ক “দীৰ্ঘম্যাদী সফলতাৰ বাবে” সুস্থিৰ স্থানত ৰাখিব আৰু কৌশলগত বৃদ্ধি-ক্ষেত্ৰত কেন্দ্ৰীভূত হ’বলৈ সহায় কৰিব।

লগতে বিবৃতিটোত কয়- “মাইক্র’চফ্টৰ দৃষ্টান্ত অনুসৰণ কৰি অধিক কাৰ্যক্ষমতা আৰু ফলপ্ৰসূতাৰ বাবে ব্যৱস্থাপনা স্তৰ কমোৱা হৈছে।”

মাইক্র’চফ্টৰ তথ্য অনুসৰি, ২০২৩ চনৰ জুন মাহত কোম্পানীটোৰ সম্পূৰ্ণ কৰ্মীবল ২,২৮,০০০ আছিল। ঘোষণা কৰা চাটায়ে প্ৰায় ৪% লোক, অৰ্থাৎ প্ৰায় ৯,০০০জনৰ চাকৰি যাব বুলি অনুমান কৰা হৈছে। যদিও এই বছৰত কোম্পানীটোৱে ইতিমধ্যেই কমেও তিনিবাৰ চাটাই কৰিছে আৰু নতুন নিয়োগৰ সংখ্যা সেই অনুপাতে নহ’বও পাৰে।

এই বছৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ চাটাই হৈছিল মে’ মাহত, যেতিয়া প্ৰায় ৬,০০০জনৰ চাকৰি গৈছিল— এই সংখ্যা মাইক্র’চফ্টৰ গ্ল’বেল কৰ্মীবলৰ প্ৰায় ৩%। ইয়াৰ পাছত জুন মাহত ৰেডমণ্ড, ৱাশ্বিংটনত অবস্থিত মাইক্র’চফ্টৰ মুখ্য কাৰ্যালয়ৰ ৩০০জনক আৰু মে’ মাহত Puget Sound অঞ্চলৰ প্ৰায় ২,০০০জনক আঁতৰোৱা হয়।

মে’ মাহত হোৱা চাটাইত মূলত ছফ্টৱেৰ ইঞ্জিনীয়াৰ আৰু প্ৰডাক্ট মেনেজমেণ্ট ৰ’লত থকা লোকেই বেছি প্ৰভাৱিত হৈছিল। ইয়াৰ পৰা উদ্বেগ জন্ম লয় যে মাইক্র’চফ্টৰ AI ভিত্তিক কোড-লেখা সজীৱ ব্যৱস্থাই ভবিষ্যতে প্ৰগ্ৰেমাৰসকলৰ প্ৰয়োজন হ্ৰাস কৰিব পাৰে।

মাইক্র’চফ্টৰ CEO সত্য নাডেলাই এই বছৰৰ আগতে কয় : “সম্ভৱত কিছুমান প্ৰজেক্টৰ কোডৰ ২০-৩০% ছফ্টৱেৰে লিখা হৈছে।”

তথাপিও, নতুন চাটাই মাইক্র’চফ্টৰ ধীৰগতিত চলি থকা বিভাগসমূহত কেন্দ্ৰীভূত বুলি Wedbush Securities-ৰ বিশ্লেষক ডেন আইভছে কৈছে।

তেওঁ কয় : “তেওঁলোকে এতিয়া AI, ক্লাউড আৰু মাইক্র’চফ্টৰ আগামী প্ৰজন্মলৈ অধিক কেন্দ্ৰীভূত হৈছে, আৰু Xbox তথা আন পৰম্পৰাগত ব্যৱসায়ত খৰচ কমাবলৈ চেষ্টা কৰি আছে। তেওঁলোকে অতিমাত্ৰা নিয়োগ কৰিছিল আগতে, এতিয়া নাডেলা আৰু তেওঁৰ দল Wall Street-ৰ দৃষ্টিত কাৰ্যক্ষমতা বজাই ৰাখিবলৈ চাটাই কৰিছে।”

Xbox বিভাগৰ এই চাটাই হৈছে মাইক্র’চফ্টৰ বহু বছৰ ধৰি চলি অহা গেমিং ব্যৱসায় বৃদ্ধিৰ অংশ, যাৰ শীৰ্ষবিন্দু আছিল ২০২৩ চনত Activision Blizzard (Call of Duty আৰু Candy Crush-ৰ সৃষ্টি) ক্ৰয় — যাৰ মুল্য আছিল ৭৫.৪ বিলিয়ন ডলাৰ। তদুপৰি Sony PlayStation-ৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ মাইক্র’চফ্টে ৭.৫ বিলিয়ন ডলাৰত ZeniMax Media (Bethesda Softworks-ৰ মূল সংস্থা) ক্ৰয় কৰিছিল।

You might also like