নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞাপনৰ বজাৰত বৈভৱক লৈ টনা–আঁজোৰা

ভাৰতীয় ক্রিকেটৰ নতুন বিস্ময় বৈভৱ সূর্যবংশী৷ আইপিএলৰ পিছত দেশৰ জার্ছীতো সুন্দৰ প্রদর্শন অব্যাহত ৰাখিছে কিশোৰ ক্রিকেটাৰগৰাকীয়ে৷ স্বাভাৱিকতে তেওঁলৈ আহিছে কোটি কোটি টকাৰ বিজ্ঞাপনৰ প্রস্তাৱ৷

এই প্রস্তাৱক যিদৰে আয়ৰ উপায় আছে, তেনেদৰে প্রলোভনৰ ফান্দত ভৰি দি চিৰদিনলৈ হেৰাই যোৱাৰ সম্ভাৱনাও আছে৷ সেইবাবে ১৪ বছৰীয়া তাৰকাগৰাকীক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে ৰাহুল দ্রাবিড়৷ বৈভৱে ১৯ বছৰ অনূর্ধ্ব ক্রিকেটত ইংলেণ্ডৰ বিৰুদ্ধে মাত্র ৫২টা বলত শতৰান কৰিছে৷ সৃষ্টি কৰিছে বিশ্ব অভিলেখৰ৷ আইপিএলত কনিষ্ঠতম অভিষেককাৰী হিচাপে ইতিহাস গঢ়িছে বৈভৱে৷ প্রচুৰ বিজ্ঞাপনৰ প্রস্তাৱো আহিছিল সেই সময়ত৷

কিন্তু দ্রাবিড়ে কিদৰে তেওঁক এই প্রলোভনৰ পৰা ৰক্ষা কৰিছিল সেই কথা সদৰী কৰিছে ৰবি শাস্ত্রীয়ে৷ ধাৰাভাষ্য দিয়াৰ সময়ত প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্রীয়ে কয়– ছাংগাকাৰৰ পৰা জানিব পৰা গৈছিল যে বৈভৱ বিজ্ঞাপনৰ প্রস্তাৱত ভাহি গৈছে৷ কিন্তু তেওঁৰ ভাগ্য ভাল যে তেওঁৰ ওচৰত আছে ৰাহুল দ্রাবিড়ৰ দৰে এজন অভিভাৱক৷ এতিয়া দ্রাবিড়েই তেওঁৰ প্রশিক্ষক আৰু মেণ্টৰ৷ দ্রাবিড়ৰ হাতত থকা বাবেই উদ্বিগ্ণ নহয় ৰবি শাস্ত্রী৷ তেওঁৰ বিশ্বাস ভাৰতীয় দলৰ প্রাক্তন প্রশিক্ষকগৰাকীয়ে সঠিক পথ দেখুৱাই নিব বৈভৱক৷ ১৪ বছৰীয়া বেটাৰগৰাকীৰ মূৰ ঘূৰাবলৈ নিদিব দ্রাবিড়ে৷

Niyomiya Barta Desk, Date of Published, 7 July

You might also like