এছিয়া কাপলৈ যোগ্যতা অর্জন ভাৰতীয় মহিলা ফুটবল দলৰ
দীর্ঘদিনীয়া আধৰুৱা সপোন পূর্ণ কৰি এছিয়া কাপ ফুটবললৈ যোগ্যতা অর্জন কৰিছে ভাৰতীয় মহিলা দলে৷ আজি অনুষ্ঠিত এখন মেচত থাইলেণ্ডক ২–১ গ’লত পৰাজিত কৰি প্রতিযোগিতাখনৰ মূল পর্বত খেলাৰ যোগ্যতা অর্জন কৰে ভাৰতে৷
তিনিখন মেচ খেলি ২২ গ’ল দিয়া ভাৰতীয় দলটোৱে থাইলেণ্ডৰ বিপক্ষে মৰণপণ যুঁজত অৱতীর্ণ হৈছিল৷ গুৰুত্বপূর্ণ কথাটো এই যে থাইলেণ্ডৰ মহিলা দলটো ভাৰততকৈ ৰেংকিঙত যথেষ্ট উন্নত৷ থাইলেণ্ড দলৰ বর্তমানৰ ফিফা ৰেংকিং ৪৬৷
ইয়াৰ বিপৰীতে ভাৰতৰ ৰেংকিং ৭০৷ সেইবাবে মেচখন যে ভাৰতৰ বাবে অতিশয় কঠিন আছিল সেই কথা প্রমাণিত হ’ল মেচখনৰ সময়ত৷ তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ মেচখনৰ ২৪ মিনিটত ভাৰতে গ’ল দিয়াৰ এটি সহজ সুযোগ নষ্ট কৰে৷ ২৯ মিনিটত দূৰৰ পৰা লোৱা শ্বটেৰে গ’ল দিয়ে সংগীতা বাছফৰে৷ ৩৫ মিনিটত থাইলেণ্ডে গ’ল দিয়াৰ সুযোগ পাইছিল যদিও ভাৰতীয় গ’লকীপাৰগৰাকীয়ে সেই সুযোগ প্রতিহত কৰে৷
বিৰতিলৈ ১–০ গ’লত আগবাঢ়ি থকা ভাৰতে দ্বিতীয়ার্ধৰ আৰম্ভণিতে নিজৰ ভুলৰ বাবে গ’ল খাবলগীয়া হয়৷ ইয়াৰ পিছত গ’ল দিয়াৰ বাবে দুয়োটা দলে আপ্রাণ চেষ্টা চলায় যদিও ৭৩ মিনিটত কর্নাৰৰ সৎ ব্যৱহাৰ কৰি সংগীতাই ভাৰতৰ হৈ দ্বিতীয় তথা বিজয়সূচক গ’লটো দিয়ে৷ উল্লেখ্য যে ২০০৩ চনত অন্তিমবাৰ যোগ্যতাৰ ভিত্তিত ভাৰতে প্রতিযোগিতাখনৰ যোগ্যতা অর্জন কৰিছিল৷ ২০২২ চনত আয়োজক হিচাপেও এছিয়ান কাপ খেলিছিল ভাৰতে৷
Niyomiya Barta Desk, Date of Published, 7 July