আইচিচিচিৰ নতুন CEO হিচাপে নিযুক্ত সংযোগ গুপ্তা
আইচিচিচিয়ে (ICC) সংযোগ গুপ্তাক মুখ্য কাৰ্যবাহী বিষয়া (CEO) ৰূপে নিযুক্ত কৰাৰ কথা ঘোষণা কৰিছে। সংযোগ হৈছে বিশ্ব মিডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰৰ এটা পৰিচিত মুখ। তেওঁ আজিৰ পৰা নিজৰ দায়িত্ব গ্রহণ কৰিছে। সংযোগে ICC-ৰ ইতিহাসৰ সপ্তম CEO হিচাপে দায়িত্ব গ্ৰহণ কৰিছে।
আইচিচিচিৰ চেয়াৰমেন জয় শ্বাহে তেওঁৰ নিযুক্তিৰ বিষয়ে কৈছে : “খেল কৌশল আৰু বাণিজ্যিকীকৰণ ক্ষেত্ৰত সংযোগৰ বিস্তৃত অভিজ্ঞতা আছে, যিয়ে ICC-ৰ বাবে অমূল্য সম্পদ হব।”
অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ সময়ত নিযুক্তি
সংযোগৰ নিযুক্তি এনেকুৱা সময়ত হৈছে, যেতিয়া ক্ৰিকেটক ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে। সংযোগেও বিশ্বাস কৰে যে অলিম্পিকত অন্তৰ্ভুক্ত হোৱাটো ক্ৰিকেটৰ বিশ্বজনীন স্বীকৃতি আৰু জনপ্রিয়তা বৃদ্ধিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
এই পদৰ বাবে ২৫খন দেশৰ পৰা ২,৫০০তকৈ অধিক আবেদন আহিছিল। ICC-ৰ HR আৰু ৰেমুনেৰেশ্বন কমিটিয়ে ১২জন প্ৰাৰ্থীক চূড়ান্ত কৰিছিল, আৰু শেষত নমিনেশ্বন কমিটীৰ পৰামৰ্শত বোর্ডে সংযোগ গুপ্তাক নিযুক্তি দিয়ে।
নিযুক্তিৰ সময়ত সংযোগে কয় : “এই দায়িত্ব লাভ কৰাটো মোৰ বাবে এক গৰ্বৰ বিষয়, বিশেষকৈ তেনে সময়ত যেতিয়া ক্ৰিকেট এক অভূতপূৰ্ব বিকাশৰ দিশে আগবাঢ়ি আছে আৰু বিশ্বজুৰি প্ৰায় ২ বিলিয়ন অনুৰাগীৰ সমৰ্থন লাভ কৰিছে। খেলখনৰ বাবে এইটো এক উত্তেজনাপূৰ্ণ সময় – ডাঙৰ প্ৰতিযোগিতাসমূহৰ প্ৰভাৱ বৃদ্ধি, বাণিজ্যিক পথ মুকলি হোৱাৰ লগতে মহিলাৰ খেলো আৰু বহুলভাৱে জনপ্রিয় হৈ উঠিছে। অলিম্পিক অন্তৰ্ভুক্তিৰে ক্ৰিকেটৰ বিশ্বজনীনতা আৰু উচ্চতালৈ লৈ যোৱা সম্ভাৱনা আছে। মই ICC-ৰ সদস্য বোর্ডবোৰৰ সৈতে একেলগে কাম কৰি, ক্ৰিকেটৰ ব্ৰান্ড, অনুৰাগী অভিজ্ঞতা আৰু বিশ্বজুৰি প্ৰভাৱ বৃদ্ধি কৰিবলৈ আগ্ৰহী।”
সংযোগ গুপ্তা কোন?
সংযোগ গুপ্তা এতিয়া নিযুক্ত হোৱাৰ আগতে JioStar-ত CEO – Sports and Experience হিচাপে কাৰ্যৰত আছিল। তেওঁৰ ২০ বছৰতকৈ অধিক মিডিয়া আৰু স্প’ৰ্টছ অভিজ্ঞতা আছে। তেওঁ ২০০৪ চনত Star News Indiaৰ সৈতে সাংবাদিক হিচাপে যাত্ৰা আৰম্ভ কৰে। তাৰ পিছত তেওঁ বহুতো শীৰ্ষস্থানীয় মিডিয়া প্ৰতিষ্ঠানত কাম কৰে। ২০২০ চনত Disney Star-ৰ Sports Head হিচাপে নিযুক্ত হৈছিল। ২০২৪ চনত Disney Star আৰু Viacom-18 মাৰ্জ হোৱাৰ পিছত তেওঁ JioStarৰ CEO হয়।
Niyomiya Barta Desk, Date of Published, 7 July