অসম তথা উত্তৰ পূবৰ ৰেল যাত্ৰীৰ বাবে সু-খবৰ। শীঘ্ৰে আৰম্ভ হ’ব ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটত দ্বিতীয়খন ৰেলৰ দলংৰ নিৰ্মাণৰ কাম। দুখলপীয়া ৰেলৰ দলংখনত থাকিব দ্বৈত ৰেলপথ আৰু ৩ লেন যুক্ত পথ। ইতিমধ্যে নিবিদাৰ সমাপ্ত হৈছে ৰেল বিভাগৰ তৰফৰ পৰা।
নিবিদাৰ কাম সমাপ্ত হোৱাৰ পাছতে এই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব শৰাইঘাটত দ্বিতীয়খন ৰেলৰ দলংৰ নিৰ্মাণৰ কাম। ২০২৯ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব দলংৰ কাম। আগিয়াঠুৰী আৰু কামাখ্যা সংযোগী দ্বৈতপথ PROJECT ৰ আধাৰত নিৰ্মাণ হবলগীয়া দলংখনৰ মুঠ খৰচৰ পৰিমাণ ১,৪৭৭ কোটি টকা।
১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলৰ দলংখনৰ মুঠ খুটা হ’ব ১২টা। ৰেলৰ দ্বিতীয়খন দলং মুকলি হ’লেই ৰাজ্যত ৰেল ব্যৱস্থা খৰতকীয়া হোৱাৰ লগতে নতুন নতুন ৰেল চলাচল হ’ব বুলি ৰেল বিভাগৰ মূখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিনৰ্জ্জল কিশোৰ শৰ্মাই সাংবাদিকক জানিব দিয়ে।
নিয়মীয়া বাৰ্তা,উত্তৰ গুৱাহাটীঃ Date of Published, 8 July, 2025