নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ৰোনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ক্ৰমাত ভাৰতত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা । দেওবাৰে দিনটোত ভাৰতত মৃত্যু হয় তিনিজনকৈ লোকৰ । গুজৰাট, মুম্বাই আৰু বিহাৰত মৃত্যু হয় এই তিনিজন লোকৰ । মুম্বাইত মৃত্যু হোৱা লোকজনৰ বয়স ৬৫ বছৰ হোৱাৰ বিপৰীতে বিহাৰত মৃত্যু হোৱা লোকজনৰ বয়স হৈছে ৩৪ বছৰ ।

ইফালে, বৰ্তমানলৈকে ভাৰতত মুঠ ৩৪১ গৰাকী লোকৰ শৰীৰত লাভ কৰা হৈছে ক’ৰোনা ভাইৰাছ । উল্লেখ্য যে, ইয়াৰ পূৰ্বে দিল্লী, কৰ্ণাটক, কেৰালা আৰু ৰাজস্থানত মৃত্যু হৈছিল চাৰিজন লোকৰ । ভাৰতত বৰ্তমানলৈকে সৰ্বাধিক ৬৫ জন লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ ৰাজ্যত ।

ক’ৰোনাৰ ভাইৰাছৰ এই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ পাচতেই এতিয়া দেশত ৩১ মাৰ্চ পৰ্যন্ত বাতিল কৰা হৈছে ৰে’লসেৱা । ইফালে , জনতা কাৰ্ফিউৰ সময়সীমা বৃ্দ্ধি কৰা হৈছে সোমবাৰে পুৱা ৮ বজালৈ ।

You might also like