ক্রিকেটৰ মক্কা লর্ডছত অনন্য অভিলেখ ৰাহুলৰ
নিউজ ডেস্ক, ১৩ জুলাই : ক্রিকেটৰ মক্কা লর্ডছত আন এক শতক অর্জন টীম ইণ্ডিয়াৰ ষ্টাইলিছ বেটাৰ লোকেশ ৰাহুলৰ৷ ইয়াৰ লগে লগে ভাৰতীয় দলটোৰ তাৰকা বেটাৰগৰাকীয়ে ইতিহাসৰ পাতত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়৷
লর্ডছৰ ঐতিহাসিক খেলপথাৰত দুটা শতক অর্জন কৰি ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে নজিৰ গঢ়ে ৰাহুলে৷ ইয়াৰ পূর্বে এই অভিলেখ আছিল দিলীপ ভেংচৰকাৰৰ নামত৷ অৱশ্যে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা বেটাৰগৰাকীয়ে লর্ডছত তিনিটা শতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ইংলেণ্ডৰ বিপক্ষে লর্ডছত খেলি থকা শৃংখলাৰ তৃতীয়খন টেষ্টৰ কালি তৃতীয় দিনা ৰাহুলে শতক কৰি অনন্য কৃতিত্বটো অর্জন কৰে৷ দ্বিতীয় দিনা ৫৩ ৰানত অপৰাজিত হৈ থকা ৰাহুলে কালি ১০০ ৰান কৰি পেভিলিয়নমুখী হয়৷ জ’ফ্রা আর্চাৰৰ বলত এক ৰান সংগ্রহ কৰি ৰাহুলে এই অনন্য কৃতিত্বৰ অধিকাৰী হয়৷ ইয়াৰ পূর্বে লোকেশ ৰাহুলে ২০২১ চনত লর্ডছত ১২৯ ৰানৰ দর্শনীয় ইনিংছ খেলিছিল৷ ইফালে, দিলীপ ভেংচৰকাৰে ১৯৭৯, ১৯৮২ আৰু ১৯৮৬ চনত লর্ডছত শতক অর্জন কৰিছিল৷