আপোনাৰ আজিৰ দিনটো
মেষ : শুভ ৰং গুলপীয়া, সংখ্যা ৩, টকা–পইচাৰ অভাৱৰ পৰা সামান্য সকাহ পাব৷ সন্দেহে পাৰিবাৰিক অশান্তি বৃদ্ধি কৰিব৷ হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে৷ ব্যৱসায়ত লোকচান দেখা যায়৷ প্রতিকাৰ– পকেটত তিনিটা পাত থকা এটা বেলপাত ৰাখিব৷
বৃষ : শুভ ৰং হালধীয়া, সংখ্যা ৫, ঘৰৰ কোনো ব্যক্তিৰ চাকৰিৰ খবৰ আহিব পাৰে৷ কুগ্রহৰ প্রভাত টকা–পইচাৰ খৰচ বাঢ়িব৷ সহকর্মীৰ দ্বাৰা উপকৃত হোৱাৰ আশা আছে৷ প্রতিকাৰ– ঘৰলৈ অহা ভিক্ষাৰীক ৰঙা বস্ত্র, ফল দান কৰিব৷
মিথুন : শুভ ৰং হালধীয়া, সংখ্যা ৬, আপুনি আজি অলপ সাৱধানে চলাফুৰা কৰিব, হাত–ভৰিত আঘাত পাব পাৰে৷ ব্যৱসায়ীসকলে বিচৰা মতে ফল নাপাব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– কপালত চন্দনৰ ফোঁট ল’ব আৰু ভিক্ষাৰীক খোৱা বস্তু দান কৰিব৷
কর্কট : শুভ ৰং বেঙুনীয়া, সংখ্যা ২, মূৰত আঘাত পাব পাৰে৷ চাকৰিৰ পদোন্নতিত বাধা দেখা যায়৷ হাতলৈ টকা–পইচা আহিব৷ কিন্তু খৰচ বাঢ়িব৷ আনক সহায় কৰি সন্মান পাব৷ প্রতিকাৰ– বেলপাত, গাখীৰ লৈ শিৱলিংগত পূজা কৰিব৷
সিংহ : শুভ ৰং ৰঙা, সংখ্যা ৬, যান–বাহনৰ লগত জড়িতসকল অলপ সাৱধান হ’ব৷ ক্ষতিৰ আশংকা দেখা যায়৷ হাতলৈ টকা–পইচা আহিব, কিন্তু জমা ৰাখিব নোৱাৰিব৷ কর্মসংস্থাপন হ’ব পাৰে৷ বন্ধু বিচ্ছেদ হোৱাৰ ভয়৷ প্রতিকাৰ– ঘৰলৈ ভিক্ষাৰী আহিলে ভোজন কৰাই অর্থদান কৰিব৷
কন্যা : শুভ ৰং নীলা, সংখ্যা ৭, চাকৰিৰ ক্ষেত্রত বেমেজালি দেখা যায়৷ দুর্ঘটনা হৈ আঘাত পোৱাৰ আশংকা আছে৷ কর্মত আনৰ সহায়ে ক্ষতি কৰিব৷ প্রতিকাৰ– ফুল, তুলসী, বেলপাত, সেন্দূৰ আগলি কলপাত এখনত লৈ বোৱঁতী পানীত উটুৱাই দি সূর্যক প্রণাম কৰি পাছলৈ নোচোৱাকৈ ঘৰলৈ আহিব৷
তুলা : শুভ ৰং হালধীয়া, সংখ্যা ৪, পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ সন্তানৰ ভুল কামে সন্মান লাঘৱ কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ প্রতিকাৰ– হনুমান মন্দিৰত মিঠা ফল দান কৰিব৷
বৃশ্চিক : শুভ ৰং গেৰুৱা, সংখ্যা ৯, আজি টকা ধাৰলৈ নিদিব বা নল’ব৷ পৰিয়ালৰ সমস্যাৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ ব্যৱসায়ৰ স্থানক লৈ সমস্যা হ’ব পাৰে৷ প্রতিকাৰ– নৱগ্রহ মন্দিৰত নৱগ্রহৰ পূজা কৰিব পাৰিলে ভাল৷
ধনু : শুভ ৰং সেউজীয়া, সংখ্যা ৬, আকস্মিক দুর্ঘটনাত পতিত হোৱাৰ ভয়৷ আত্মীয়ৰ সমস্যাৰ কথা শুনি দুখ পাব পাৰে৷ পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ বেয়া কৰিব৷ প্রতিকাৰ– শনি মন্দিৰত ধূপ চাকি জ্বলাই শনিৰ জঁপ কৰিব৷
মকৰ : শুভ ৰং নীলা, সংখ্যা ৭, শুভাকাংক্ষীৰ সহায়ত আগুৱাই যাব পাৰিব৷ প্রাকৃতিক দুর্যোগত ক্ষতিৰ আশংকা আছে, কর্মস্থানৰ পৰিৱর্তনৰ বাবে সমস্যাত পৰিব পাৰে৷ অবাবত অর্থ ব্যয় বৃদ্ধি পাব৷ প্রতিকাৰ– পুৱা গা ধুই হনুমান চালিচা পাঠ কৰিব৷
কুম্ভ : শুভ ৰং সেউজীয়া, সংখ্যা ৫, কোনো বিশেষ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে৷ আপুনি কৰা ভাল কামৰ বাবে সন্মান পাব পাৰে৷ সন্তানৰ পৰা আর্থিক ক্ষতি হ’ব পাৰে৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– পুৱা গা ধুই তুলসীৰ গছত পানী ঢ়ালি সূর্য প্রণাম কৰিব৷
মীন : শুভ ৰং ৰঙা, সংখ্যা ৩, দূৰ ভ্রমণ কৰিব লগা হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে৷ খং দমাই ৰাখক নহ’লে বিপদত পৰিব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– পূব দিশলৈ চাই গা ধুব আৰু সূর্য প্রণাম কৰিব৷