নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ভূমি সংৰক্ষণ আঁচনি ৰূপায়ণত দুর্নীতি

বিল উন্নয়ন–প্রকৃতি সংৰক্ষণ–পুখুৰী উন্নয়নৰ নামত লাখ লাখ টকা লুণ্ঠন

নিয়মীয়া বার্তা, ২৩ মার্চঃ দুর্নীতিকেই নীতি হিচাপে সাৰোগত কৰি চৰকাৰী ধনৰ ওপৰত অবাধ লুণ্ঠন অব্যাহত ৰাখিছে নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলে ৷ উত্থাপিত অভিযোগ মতে, এই বিভাগটোৱে বিভিন্ন আঁচনিৰ বিপৰীতে প্রতিবর্ষতে চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকাৰ ওপৰত অবাধ লুণ্ঠন চলাই আহিছে ৷ নগাঁও চহৰৰ দাঁতি–কাষৰীয়া কাটিমাৰীত নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলৰ সংমণ্ডল বিষয়াৰ কার্যালয়টো অৱস্থিত যদিও সেই কার্যালয়টোৰ লগত জিলাখনৰ সর্বসাধাৰণৰ কোনোধৰণৰ সম্পর্কই নাই ৷ নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলটোৱে প্রতিটো বিত্তীয় বর্ষতে কোটি কোটি টকাৰ আবণ্টন লাভ কৰি আহিছে যদিও আবণ্টিত ধনেৰে ৰাইজৰ চকুত লগাকৈ কোনো কামেই কৰা পৰিলক্ষিত হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলে অবিভক্ত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত কেতবোৰ আঁচনি ৰূপায়ণৰ বাবে বিগত ২০১৩–১৪ বর্ষৰ পৰা ২০১৭–১৮ বর্ষ পর্যন্ত মুঠ ১১ কোটি ৫৫ লাখ ৬৯ হাজাৰ ৮৯৫ টকা চৰকাৰৰ পৰা আবণ্টন লাভ কৰিছিল ৷ ইয়াৰে ২০১৩–১৪ বর্ষত ৪ কোটি ৩ লাখ ৫৪ হাজাৰ ৪৭৫ টকা, ২০১৪–১৫ বর্ষত ১ কোটি ১৮ লাখ ১০ হাজাৰ ৫০০ টকা, ২০১৫–১৬বর্ষত ২ কোটি ২১ লাখ ৬৮ হাজাৰ টকা, ২০১৬–১৭বর্ষত ২ কোটি ২০ লাখ ৮৬ হাজাৰ ৯২০ টকা আৰু ২০১৭–১৮বর্ষত ১ কোটি ৯১ লাখ ৫০০ টকা লাভ কৰিছিল৷ নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলটোৱে ২০১৩–১৪ বর্ষৰ পৰা ২০১৬–১৭ বর্ষ পর্যন্ত আটাইকেইটা বিত্তীয় বর্ষতে লাভ কৰা সমুদায় ধনেই খৰচ কৰা বুলি বিভাগীয় তথ্যত উল্লেখ কৰা হৈছে যদিও বাস্তৱ ক্ষেত্রত ছবিখন সম্পূর্ণ বিপৰীত ৷

নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলে ২০১৩–১৪ বর্ষত ৰাজ্যিক পৰিকল্পনা, ইনটাইড এছ চি এ আৰু এছ চি এছ পি শিতানৰ অধীনত লাভ কৰা ৪ কোটি ৩ লাখ ৫৪ হাজাৰ ৪৭৫ টকাৰে ৰবৰ বাগিচা স্থাপন, ভূমি উন্নয়ন প্রকল্প, প্রকৃতি সংৰক্ষণ, ৰাজহুৱা পুখুৰী উন্নয়ন আৰু বিল উন্নয়নৰ মুঠ ২০খন আঁচনি ৰূপায়ণ কৰা বুলি বিভাগীয় তথ্যত উল্লেখ কৰিছে৷ আনহাতে, ২০১৪–১৫বর্ষত ৰাজ্যিক পৰিকল্পনা, টিএছপি, এছচিএছপি আৰু আৰআইডিএফ শিতানৰ অধীনত লাভ কৰা ১,১৮,১০,৫০০ টকাৰে জল এলেকা উন্নয়ন, জল সংৰক্ষণ, ৰবাৰ বাগান স্থাপন, ভূমি উন্নয়ন আৰু ৰাজহুৱা পুখুৰী উন্নয়নৰ ৮খন আঁচনি ৰূপায়ণ, ২০১৫–১৬বর্ষত আৰআইডিএফ শিতানৰ অধীনত লাভ কৰা ২,২১,৬৮,০০০ টকাৰে হোজাইত খহনীয়া প্রতিৰোধৰ চাৰিখন আঁচনি ৰূপায়ণ, ২০১৬–১৭ বর্ষত আৰআইডিএফ শিতানৰ অধীনত লাভ কৰা ২,২০,৮৬,৯২০ টকাৰে জল সংৰক্ষণ তথা বিতৰণ প্রকল্প, খহনীয়া প্রতিৰোধ আৰু জল সংৰক্ষণৰ ৩খন আঁচনি ৰূপায়ণ আৰু ২০১৭–১৮ বিত্তীয় বর্ষত এছ’পিডি (সাধাৰণ), এছ’পি ডি (এছচি এছপি), এছ’পিডি (টিএছপি) আৰু এছ’পিডি (ৰাজহ) শিতানৰ অধীনত লাভ কৰা ১,৯১,৫০,০০০ টকাৰে প্রকৃতি সংৰক্ষণ, ভূমি উন্নয়ন, জল উন্নয়ন, পতিত মাটি উন্নয়ন আৰু নলা নির্মাণৰ ১৩খন আঁচনি ৰূপায়ণ কৰা বুলি নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলৰ তথ্যত উল্লেখ কৰা হৈছে৷

বিভাগীয় নথিত সেই আঁচনিসমূহৰ কাম সঠিকভাৱেই ৰূপায়ণ হৈছে বুলি দেখুওৱা হৈছে যদিও বাস্তৱ ক্ষেত্রত এই আঁচনিসমূহ ৰূপায়ণৰ নামত নগাঁও ভূমি সংৰক্ষণ বিভাগৰ একাংশ বিষয়া–কর্মচাৰী আৰু মধ্যভোগী দালালৰ পৃষ্ঠপোষকতাত অবাধ দুর্নীতি–নিয়ম সংঘটিত হৈছিল৷ আনকি একাংশ আঁচনিৰ কামেই বিভাগীয় প্রাক্কলন আৰু নীতি–নির্দেশনা অনুসৰি হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ তদুপৰি এই আঁচনিসমূহৰ কামত যিমান ধন খৰচ হোৱা বুলি নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলৰ নথিত উল্লেখ কৰা হৈছে, প্রকৃততে তাৰ চল্লিশ শতাংশ ধনো খৰচ হোৱা নাছিল বুলি ৰাইজে অভিযোগ তুলিছে৷ আঁচনি ৰূপায়ণৰ নামত সংঘটিত দুর্নীতি–নিয়মৰ পৰিপ্রেক্ষিতত অধিকাংশ আঁচনিয়েই চৰম প্রহসনত পৰিণত হোৱা বুলিও ৰাইজে অভিযোগ তুলিছে৷ নগাঁও ভূমি সংৰক্ষণ সংমণ্ডলটোৱে আঁচনি সঠিক ৰূপায়ণতকৈ চৰকাৰী আঁচনিৰ ধন লুটপাত কৰাতহে বিশেষ দক্ষতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে বুলি অবিভক্ত জিলাখনৰ বিভিন্ন স্তৰৰ ৰাইজৰ মাজত চর্চা হৈছে৷

You might also like