নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱতাৰ বধ্যভূমি ছুডান

চৌদিশে শিশু–নাৰীৰ আর্ত চিৎকাৰ৷ প্রাণৰক্ষাৰ বাবে প্রতিমুহূর্ততে দুর্গত জনতাই উদ্যত কামানৰ সন্মুখৰ পৰা পলায়ন কৰিবলগীয়া হৈছে৷ এক নৃশংস হত্যালীলাৰ ভয়াৱহ ছবি৷ জনপদসমূহৰ পথত যেনিয়ে–তেনিয়ে পৰি আছে ক্ষত–বিক্ষত মৃতদেহবোৰ৷ এয়াই আজি দেশখনৰ পৰিস্থিতি৷ দেশখন গৃহযুদ্ধবিধ্বস্ত ছুডান৷ ২০২৩ চনৰ এপ্রিল মাহৰ পৰা আফ্রিকান এই দেশখনত সেনা আৰু অর্ধসেনা ‘ৰেপিড ছাপোর্ট ফোর্চ’ (আৰএছএফ)ৰ মাজত ক্ষমতাকেন্দ্রিক গৃহযুদ্ধ চলি আছে৷ এই গৃহযুদ্ধৰ মূল্য ভৰিবলগীয়া হৈছে দেশখনৰ দুর্ভিক্ষাক্রান্ত জনতাই৷ ইতিমধ্যে যুদ্ধৰ হিংস্রতাৰ বাবে লাখ লাখ লোক গৃহহীন হৈছে৷ কেইবালাখেও গৈ বিদেশত শৰণার্থীৰ জীৱন কটাবলগীয়া হৈছে৷ ইফালে, প্রতিদিনে এই ভয়াৱহ যুদ্ধই কাঢ়িছে শ শ নিৰীহ প্রজাৰ প্রাণ৷ শেহতীয়াকৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷ মাত্র এদিনৰ হিংস্রতাতে তিনি শতাধিক লোকে প্রাণ হেৰুৱাইছে৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকেই শিশু আৰু নাৰী৷ দেশখনৰ ৰাজধানী খাৰটুম আছে সেনাৰ দখলত৷ সেনাৰ প্রত্যক্ষ হস্তক্ষেপত গঠিত হৈছে অন্তর্ৱর্তী চৰকাৰ৷ ৰাজধানীৰ পৰা সেনা আৰু এই অন্তর্ৱর্তী চৰকাৰক উৎখাতৰ বাবে অর্ধসেনাই সঘনে চলাই আহিছে নৃশংস আক্রমণ৷ এই আক্রমণৰ লক্ষ্য হিচাপে অর্ধসেনা ‘আৰএছএফ’–এ বাছি লৈছে নিৰীহ অসামৰিক লোকসকলক৷ শেহতীয়া এই আক্রমণে সৃষ্টি কৰিছে দেশখনত নৃশংসতাৰ নতুন নজিৰ৷ দেশখনৰ উত্তৰ কৰডোফান প্রদেশত সংঘটিত এই ভয়াৱহ আক্রমণৰ ঘটনাই বিশ্ববাসীক হতচকিত কৰি তুলিছে৷ সেনা আৰু আৰএছএফৰ এই আক্রমণ–প্রত্যাক্রমণৰ ঘটনাক আন্তর্জাতিক সম্প্রদায়ে গৰিহণা দিয়াৰ লগতে এই ৰক্তস্নান শীঘ্রে বন্ধ কৰাৰ দাবীও জনাই আহিছে৷ কিন্তু পৰিস্থিতি অধিক ভয়াৱহহে হৈ পৰিছে৷ ২০২৩ চনৰ এপ্রিল মাহত দেশখনত সূচনা হোৱা ৰক্তক্ষয়ী গৃহযুদ্ধৰ প্রতিপক্ষ হৈছে জেনেৰেল আব্দেল আল–ফাটাহ আল–বুৰহান আৰু জেনেৰেল মহম্মদ হামদাদ জগালো৷ জেনেৰেল আল–বুৰহান দেশখনৰ সেনাৰ মুৰব্বী৷ আনফালে জেনেৰেল মহম্মদ হামদাদ জাগালো হৈছে দেশখনৰ অর্ধসামৰিক বাহিনী আৰএছএফৰ মুৰব্বী৷ দুয়োগৰাকী শীর্ষ সেনা বিষয়াৰ বিৰুদ্ধে আছে মানৱাধিকাৰ ভংগ, লুণ্ঠন, নৃশংসতা আৰু গণধর্ষণত সহায় কৰাৰ অভিযোগ৷ বিগত প্রায় আঢ়ৈ বছৰ ধৰি দুয়োজন জেনেৰেলৰ ক্ষমতা দখলৰ যুদ্ধত কেইবাহাজাৰো লোকে প্রাণ হেৰুৱাইছে৷ আৰম্ভণিতে দেশখনৰ ৰাজধানী খাৰটুম দখল কৰিছিল আৰএছএফে৷ কিন্তু তুমুল যুদ্ধৰ মাজতে আৰএছএফৰ হাতৰ পৰা খাৰটুম কাঢ়ি লয় সেনাই৷ ৰাজধানী খাৰটুম দখল কৰাৰ পিছতে সেনা মুৰব্বী জেনেৰেল আল–বুৰহানে ছুডানৰ নতুন প্রধানমন্ত্রী হিচাপে ৰাষ্ট্রসংঘৰ প্রাক্তন উচ্চপদস্থ কূটনীতিক আল–তায়েব ইদ্রিছ আব্দেল হাফিজৰ নাম ঘোষণা কৰে৷ যোৱা মে’ মাহত হাফিজৰ নেতৃত্বত দেশখনত গঠন হয় অন্তর্ৱর্তী চৰকাৰ৷
ইয়াৰ পিছতে আৰএছএফৰ নিয়ন্ত্রণত থকা অঞ্চলসমূহ মুক্ত কৰাৰ বাবে আক্রমণ তীব্রতৰ কৰে জেনেৰেল আল–বুৰহানৰ বাহিনীয়ে৷ ইতিমধ্যে কেইবাখনো চহৰ আৰএছএফৰ হাতৰ পৰা সেনাই নিজৰ দখললৈ নিবলৈ সক্ষমো হৈছে৷ সেনাৰ হাতত ইখনৰ পিছত সিখন চহৰ হেৰুৱাবলগীয়া হোৱা বাবেই যোৱা ১৪ জুলাইত আৰএছএফৰ বাহিনীয়ে দেশখনৰ উত্তৰ কৰডোফান প্রদেশৰ বাৰা চহৰ আৰু ইয়াৰ সমীপৱর্তী গাঁওসমূহত গণহত্যা চলায়৷ অতি নৃশংসভাৱে নিৰীহ লোকসকলক হত্যা কৰি মৃতদেহবোৰ ৰাজপথত পেলাই যায় আৰএছএফৰ যোদ্ধাই৷ এই হিংস্রতাৰ পৰা পৰিত্রাণ পাবলৈ নিশাৰ ভিতৰতে পঞ্চাশ সহস্রাধিক লোকে অঞ্চলটোৰ পৰা ঘৰ এৰি পলায়ন কৰে৷ এনে পাশৱিকতাক লৈ সৰৱ হৈছে ৰাষ্ট্রসংঘ৷ আন্তর্জাতিক মানৱাধিকাৰ সংগঠনসমূহে এনে বর্বৰতাক গৰিহণা দিছে৷ প্রশ্ণ উঠিছে– ক্ষমতা দখলৰ বাবে চলা এই যুদ্ধত নিৰীহ অসামৰিক লোকসকলক কিয় হত্যা কৰা হৈছে? কিন্তু এই প্রশ্ণৰ উত্তৰ দিবলৈ ছূডানত এতিয়া সেনা–অর্ধসেনাৰ মাজত মানৱীয় প্রমূল্য বর্তি থকা নাই৷ উত্তৰ আফ্রিকান দেশ ছুডানৰ জনসংখ্যা প্রায় পাঁচ কোটি পাঁচ লাখ৷ গৃহযুদ্ধৰ ফলত দেশখনত বাসগৃহ এৰি পলায়ন কৰিছে এক কোটি বিশ লাখ লোকে৷ ইয়াৰ উপৰি দুর্ভিক্ষ যেন দেশখনৰ জন্মলগ্ণৰে অভিশাপ৷ অনাহাৰ–অপুষ্টিত ইতিমধ্যে দেশখনত প্রাণ হেৰুৱাবলগীয়া হৈছে বহু শিশুৱে৷ কেইবাদশক ধৰি দেশখনত চলি আছে অভাৱনীয় খৰাং৷ কৃষিশস্যৰ উৎপাদন অতি নিম্নগামী৷ অৰণ্য অঞ্চলবোৰ শুকাই গৈ আছে৷ পশুপালনৰ সৈতে জড়িত লোকসকলৰ গৰিষ্ঠসংখ্যকৰ এতিয়া জীৱিকাশূন্য৷ আফ্রিকাৰ দুর্ভিক্ষাক্রান্ত দেশসমূহৰ অভ্যন্তৰত ৰাজনৈতিক অস্থিৰতা দীর্ঘদিনীয়া৷ ছুডানো তাৰ ব্যতিক্রম নহয়৷ দেশখনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে সেনা আৰু অর্ধসেনাৰ মাজত চলিছে ক্ষমতা দখলৰ যুঁজ৷ এনে পৰিস্থিতিত দেশখনত সুস্থিৰ চৰকাৰ, সু–শাসন, বহুদলীয় গণতন্ত্র আদি বিষয়বোৰ কল্পনাতীত৷ দেশৰক্ষাৰ বাবে থকা সেনা তথা অন্যান্য নিৰাপত্তা সংস্থাসমূহে যেতিয়া দেশবাসীৰ ওপৰত পাশৱিক অত্যাচাৰ চলায়, তেতিয়া সেই দেশখনৰ পৰিস্থিতি কেনে হ’ব পাৰে! সেনা–অর্ধসেনাৰ বিৰুদ্ধে পাইকাৰী হাৰত গণহত্যা, গণধর্ষণৰ অভিযোগ উঠিছে কিন্তু তাৰ বিচাৰ কৰিবলৈ দেশখনত ন্যায়ব্যৱস্থা এতিয়া শূন্য৷ সাধাৰণ জনতাৰ ঘৰত সোমাই সেনা–অর্ধসেনাৰ জোৱানে যদি সকলো লুট কৰি নিয়ে, তাত মানুহৰ জীৱন–সম্পত্তিৰ নিৰাপত্তা ক’ত? ছুডান এতিয়া মানৱতাৰ বধ্যভূমি৷ দেশখনত মানৱতাৰ অপমৃত্যু ঘটিছে৷ প্রতিদিনে মানৱতাক হত্যাৰ নজিৰ সৃষ্টি কৰা হৈছে দেশখনত৷ এই ঘটনাক সকলোৱে কেৱল গৰিহণা দিয়েই দায়িত্ব সামৰিছে৷ ৰাষ্ট্রসংঘৰ দৰে বিশ্বৰ সর্বোচ্চ সংস্থায়ো ছুডানৰ দুর্দশাগ্রস্ত জনতাক ৰক্ষা কৰাৰ ক্ষেত্রত বিশেষ দায়িত্ব পালন কৰা নাই৷ পৰিণতিত এক ‘নৰক’ত প্রাণটো হাতৰ মুঠিত লৈ আতংকত দিন কটাবলগীয়া হৈছে ছুডানবাসীয়ে৷ নজিৰবিহীন নৈৰাশ্য আৰু স্বৈৰাচাৰৰ কবলত পৰা ছুডানৰ ভৱিষ্যৎ কি হ’ব, সেয়া এই মুহূর্তত ডাঙৰ প্রশ্ণ৷

You might also like