নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাঃ ৩০ এপ্রিললৈ চলিত বিত্তীয় বর্ষ বৃদ্ধিৰ পৰামশ

নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ চলিত বিত্তীয় বর্ষ সমাপ্ত হ’বলৈ মাজত মাত্র ৯টা দিন বাকী ৷ বিত্তীয় বর্ষটো শেষ হ’বলৈ কেইটামান দিন বাকী থকা অৱস্থাতে সমগ্র বিশ্বৰ লগতে ভাৰততো মহামাৰী ক’ৰোনাই ত্রাসৰ সৃষ্টি কৰিছে ৷ ক’ৰোনা ত্রাসৰ পৰিপ্রেক্ষিতত চলিত বিত্তীয় বর্ষৰ সমাপ্তিৰ সময় অহা ৩১ মার্চৰ পৰা অহা ৩০ এপ্রিললৈ বৃদ্ধিৰ পৰামর্শ দিয়া হৈছে ৷ আয়কৰ এমপ্লয়িজ ফেডাৰেচন আৰু আয়কৰ গেজেটেড অফিচার্ছ এছ’চিয়েচনৰ জইণ্ট কাউঞ্চিল অৱ একচন কমিটীয়ে চেণ্ড্রেল ব’ড অৱ ডাইৰেক্ট টেক্সচেছৰ অধ্যক্ষলৈ দিয়া এক পত্রত সেই প্রস্তাৱ দিছে ৷ পত্রখনত চেণ্ড্রেল ব’ড অৱ ডাইৰেক্ট টেক্সচেছ (চি বি ডি টি)ক কেন্দ্রীয় বিত্তমন্ত্রীৰ জৰিয়তে কেন্দ্রীয় কেবিনেটক ২০১৯–২০ বিত্তীয় বর্ষৰ সমাপ্তি অহা ৩১ মার্চৰ পৰিৱর্তে অহা ৩০ এপ্রিললৈ বৃদ্ধিৰ পৰামর্শ দিবলৈ প্রস্তাৱ দিয়া হৈছে ৷ সেইদৰে ২০২০–২১ বিত্তীয় বর্ষ অহা ১ এপ্রিলৰ পৰিৱর্তে অহা ১ মে’ৰ পৰা আৰম্ভ কৰাৰ প্রস্তাৱ দিয়া হৈছে ৷ দেশত সাম্প্রতিক পৰিস্থিতিৰ বাবে এয়া জৰুৰী হৈ পৰিছে ৷

You might also like