নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্দেহযুক্ত উচ্ছেদিতক ঘৰ সাজি দিব কংগ্রেছে

🔹 অসমৰ অস্তিত্ব বিপন্নকাৰী বেদখলকাৰীৰ পক্ষত মল্লিকার্জুন খার্গে

বিশেষ বার্তা, ১৭ জুলাই : সংখ্যালঘুৰ ত্রাণকর্তা হিচাপে থিয় দি ভোটবেংক গঢ়িবলৈ চেষ্টা কৰা কংগ্রেছ এইবাৰ নামি পৰিল চৰকাৰী ভূমি–সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিবলৈ৷ আগন্তুক বিধানসভা নির্বাচনৰ ৰণডংকা বজাবলৈ আহি কালি অসমৰ অস্তিত্ব বিপন্ন কৰা অবৈধ বেদখলকাৰীৰ পক্ষত থিয় দিলে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভাপতি মল্লিকার্জুন খার্গে আৰু সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধী ৷

কামৰূপ জিলাৰ বকোৰ বনগাঁৱত অনুষ্ঠিত কর্মীসভাত ভাষণ দি দলটোৰ ৰাষ্ট্রীয় সভাপতি খার্গেই অবৈধ বেদখলকাৰী তথা সন্দেহজনক নাগৰিকলৈ মুকলি সমর্থন আগবঢ়ায়৷ সংৰক্ষিত বনাঞ্চল তথা চৰকাৰী ভূমিত ব্যাপকভাৱে বেদখল কৰা সন্দেহজনক নাগৰিকক ৰক্ষণাবেক্ষণ দিবলৈও চেষ্টা কৰা পৰিলক্ষিত হ’ল দলটোৰ ৰাষ্ট্রীয় সভাপতিগৰাকীক৷ কর্মীসভাত ভাষণ দি খার্গেই ধুবুৰীত উচ্ছেদিতক পুনৰ ঘৰ নির্মাণ কৰাৰ প্রতিশ্রুতিও দিয়ে৷

তেওঁ কয়– ‘যোৱা সপ্তাহত ধুবুৰীত দুই হাজাৰ পৰিয়ালৰ ঘৰ বুলড’জাৰ লগাই ভাঙি দিলে৷ কিন্তু এওঁলোকে মনত ৰখা উচিত যে কংগ্রেছ চৰকাৰ আহিলে যিসকল লোকৰ ঘৰ ভাঙিছে তেওঁলোকৰ ঘৰ পুনৰ নির্মাণ কৰি দিম৷ তেওঁলোকক সহায় কৰিম৷’ তদুপৰি ভাষণ প্রসংগতে ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেতবোৰ বিষয়ক লৈ আক্রমণাত্মক হৈ পৰে৷ চাহ বাগিচাৰ শ্রমিকসকলে ন্যূনতম মজুৰি লাভ নকৰাৰ পৰা আৰম্ভ কৰি কেন্দ্রীয় চৰকাৰ সংস্থাপন প্রদানত ব্যর্থ হোৱা পর্যন্ত বিভিন্ন বিষয়ক লৈ তেওঁ সমালোচনা কৰে৷

খার্গেই কয়– ‘চাহ বাগিচাৰ শ্রমিকসকলে ন্যূনতম মজুৰি লাভ নকৰে৷ তেওঁলোকক আটাইতকৈ কম মজুৰি দিয়া হয়৷ বর্তমান চাহ বাগিচাৰ শ্রমিকসকলে ২৫০ টকা মজুৰি লাভ কৰে৷’ ইফালে, অসমত অনুপ্রৱেশকাৰীৰ নাম লৈ সকলোকে ভয় খুৱাবলৈ আহিছে বুলিও তেওঁ মন্তব্য কৰে৷ খার্গেই কয় যে যিসকল অনুপ্রৱেশকাৰী তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰক৷ কিন্তু আইন মতে তেওঁলোকে কাম কৰিব নোৱাৰে৷ উন্নয়নৰ নামত লুণ্ঠন কৰা হৈছে৷ শিক্ষা, স্বাস্থ্য আদিৰ দৰে বুনিয়াদী অধিকাৰসমূহ ব্যক্তিগতকৰণ কৰা হৈছে৷ অসমক সঠিক দিশে আগুৱাই নিবলৈ হ’লে আমি সকলোৱে একেলগে কাম কৰিব লাগিব৷ অসমৰ লোকসকলৰ মূৰৰ ওপৰত দুই লাখ কোটি টকাৰ ঋণ আছে৷ যোৱা ১০ বছৰত ৰাজ্যখনত ইমান ঋণ সৃষ্টি কৰা হৈছে৷ যদি আপোনালোকৰ ওচৰত ধন আছে, তেনেহ’লে দুই লাখ কোটি টকাৰ ঋণ কিদৰে সৃষ্টি হ’ল? তদুপৰি কেন্দ্রীয় চৰকাৰ যুৱপ্রজন্মক চাকৰি প্রদানৰ ক্ষেত্রত ব্যর্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে৷

ইফালে, একেখন সভাতে ভাষণ দি ৰাহুল গান্ধীয়েও কেন্দ্রীয় চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয় যে কিছুদিন পূর্বে মহাৰাষ্ট্রত নির্বাচন অনুষ্ঠিত হ’ল৷ মহাৰাষ্ট্রত বিজেপিয়ে প্রৱঞ্চনা কৰিলে৷ লোকসভা আৰু বিধানসভা নির্বাচনত এক কোটি নতুন ভোটাৰৰ সৃষ্টি হ’ল৷ চাৰি মাহৰ ভিতৰত ইমান ভোটাৰ ক’ৰ পৰা সৃষ্টি হ’ল নাজানো৷ আমি নির্বাচন আয়োগক সুধিলোঁ – এই এক কোটি ভোটাৰ ক’ৰ পৰা আহিল? আমাক ভোটাৰ তালিকা দেখুওৱাক৷ নির্বাচন আয়োগে আজিপর্যন্ত আমাক ভোটাৰ তালিকা নিদিলে৷ সেই একেই কাম তেওঁলোকে বিহাৰতো কৰিবলৈ চেষ্টা কৰিছে৷ বিহাৰত নতুন ভোটাৰ তালিকা প্রস্তুতৰ কাম আৰম্ভ কৰিছে৷ এই ভোটাৰ তালিকাত কেইবা লাখ লোকৰ নাম কর্তন কৰিছে৷ দুখীয়া লোক, শ্রমিক, খেতিয়ক, অর্থাৎ যিসকল কংগ্রেছ তথা আৰজেডিৰ ভোটাৰ তেওঁলোকৰ নাম কর্তন কৰিছে৷ মহাৰাষ্ট্র আৰু বিহাৰৰ দৰে একেই কাম তেওঁলোকে অসমতো কৰিবলৈ চেষ্টা কৰিব৷ কিন্তু অসমত আমি এই কাম কৰিবলৈ নিদিওঁ৷ আমি সাৱধান হ’ব লাগিব৷ বিজেপি আৰু নির্বাচন আয়োগে একেলগে কাম কৰি আছে৷ নির্বাচন আয়োগে নিজৰ দায়িত্ব পালন কৰা নাই৷

ইফালে, ৰাহুল গান্ধীয়ে চৰকাৰক সমালোচনা কৰি কয় যে ভাৰতৰ যুৱপ্রজন্মই সংস্থাপন লাভ কৰা নাই৷ দেশত মূল্যবৃদ্ধি হৈছে৷ পেট্র’ল–ডিজেলৰ দাম বাঢ়ি গৈ আছে৷ খাদ্য সামগ্রীৰ দাম বৃদ্ধি পাইছে৷ আমি দৰিদ্র, কৃষক, শ্রমিকৰ বাবে যুঁজ দিওঁ৷ বিজেপিয়ে আৰবপতিৰ বাবে কাম কৰে৷ অৱশ্যে ৰাহুল গান্ধীৰ ভাষণত বিৰোধী ঐক্যৰ বিষয়ে এটা শব্দও উচ্চাৰণ হোৱা পৰিলক্ষিত নহ’ল৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সমালোচনা কৰাতে সীমাবদ্ধ থকা ভাষণত আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছ দল কিদৰে আগবাঢ়িব সেই বিষয়ে বিশেষ পৰিকল্পনা উল্লেখ কৰাৰ পৰা তেওঁ বিৰত থাকে৷ বিৰোধী দলসমূহে আগন্তুক নির্বাচন একত্রিতভাৱে খেলিবলৈ পোষকতা কৰি অহাৰ সময়তে ৰাহুল গান্ধীয়ে এই সন্দর্ভত কোনোধৰণৰ মতামত প্রকাশ নকৰিলে৷ বৰঞ্চ কংগ্রেছে অকলশৰীয়াকৈ নির্বাচন খেলাৰহে তেওঁ ইংগিত প্রদান কৰে৷

এই প্রসংগত তেওঁ কয়– ‘কিছুদিন পিছতে নির্বাচন অনুষ্ঠিত হ’ব৷ কংগ্রেছ দলে ছুুইপ কৰি জয়ী হ’ব৷ ইয়াত আমি এটা নতুন টীম থিয় কৰাইছোঁ৷ মই গৌৰৱ গগৈ আৰু তেওঁৰ টীমক শুভেচ্ছা জনাইছোঁ যে আপোনালোকে কাম আৰম্ভ কৰিছে৷ ইয়াৰ ফলাফল অসমৰ জনতাই নিশ্চয় দেখিব, আমি সকলোৱে দেখিম৷’ আনহাতে, কর্মীসভাখনৰ প্রচাৰলৈ যোৱা সংবাদ মাধ্যমৰ বিৰুদ্ধেও তেওঁ সৰৱ হোৱা পৰিলক্ষিত হয়৷ গান্ধীয়ে কয়– ‘সংবাদ মাধ্যমৰ লোকসকলক আমাৰ বন্ধুসকল বুলি সম্বোধন কৰিছোঁ৷ কিন্তু এওঁলোক আমাৰ বন্ধু নহয়৷ কিয়নো, এওঁলোকৰ অভ্যাস হৈ গৈছে যে সঁচা কথা নেদেখুৱায়৷ আম্বানি, আদানিয়ে যি কয়, মুখ্যমন্ত্রীয়ে যি কয়, তাকেই ২৪ ঘণ্টাই দেখুৱায়৷ নৰেন্দ্র মোদী, অমিত শ্বাহৰ চেহেৰা দেখুৱায়৷ কিন্তু ইয়াৰ কোনো প্রভাৱ নপৰে৷ কিয়নো, সত্য অসমৰ মানুহে জানে৷’

উল্লেখ্য যে কালি দিনৰ প্রায় ১১ বজাত মল্লিকার্জুন খার্গে আৰু ৰাহুল গান্ধী বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰে৷ ইয়াতে প্রদেশ কংগ্রেছ নেতৃবৃন্দ আৰু কংগ্রেছ কর্মীসকলে দুয়োগৰাকী নেতাক উষ্ম অভিনন্দন জনায়৷ বিমানবন্দৰৰ পৰা তেওঁলোক পোনে পোনে উপস্থিত হয় কিৰণশ্রী গ্রেণ্ড হোটেলত৷ য’ত দুয়োগৰাকী নেতাই ৰাজনৈতিক পৰিক্রমা কমিটী, প্রদেশ কংগ্রেছৰ বিষয়ববীয়া, সাংসদ, বিধায়ক, ফ্রণ্টেল হেডছ আৰু জিলা কংগ্রেছৰ সভাপতিসকলৰ সৈতে সতীর্থ সন্মিলনত মিলিত হয়৷ কেইবাটাও সামাজিক সংস্থাৰ সৈতেও নেতা দুগৰাকী মিলিত হয়৷ সতীর্থ সন্মিলনত আগন্তুক বিধানসভা নির্বাচনৰ প্রস্তুতি সম্পর্কে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে৷ বিশেষকৈ নির্বাচনৰ সময়ত কংগ্রেছৰ মূল ইছ্যুসমূহ কিধৰণৰ হ’ব সেই বিষয়ে বিশদভাৱে আলোচনা হয়৷ অৱশ্যে এই আলোচনালৈও আমন্ত্রণ কৰা নহ’ল কোনো বিৰোধী দলৰ নেতাক৷ অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ সমান্তৰালকৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইকে ধৰি অসম নাগৰিক সমাজে কংগ্রেছৰ সৈতে সকলো বিৰোধী দল একত্রিত হৈ বিধানসভা নির্বাচনত অৱতীর্ণ হ’ব লাগে বুলি মতপোষণ কৰিছে৷ কিছুদিন পূর্বে বিৰোধীক একত্রিত কৰাৰ লক্ষ্যৰে নাগৰিক সমাজৰ উদ্যোগত এখন সন্মিলনো গুৱাহাটীত অনুষ্ঠিত হৈছিল৷ যাৰ পৰিপ্রেক্ষিতত মল্লিকার্জুন খার্গে আৰু ৰাহুল গান্ধীৰ ভ্রমণৰ সময়ত বিৰোধী দলৰ নেতৃবৃন্দৰ সৈতে মিত্রতা প্রসংগত আলোচনা হোৱাৰ সম্ভাৱনাও প্রকট হৈছিল৷ কিন্তু দুয়োগৰাকী নেতাই কালি কোনো বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰাৰ পৰা বিৰত থাকে৷

বকোৰ বনগাঁৱত অনুষ্ঠিত সভাখনত কংগ্রেছৰ ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক কে চি বেণুগোপাল, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াকে ধৰি দলটোৰ শীর্ষ নেতৃবৃন্দ উপস্থিত থাকে৷

You might also like