নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ বিপজ্জনক ব্যস্ততা

বিশ্বজুৰি সকলো শ্রেণীৰ লোকে পর্দাত ব্যস্ত থকাৰ সময় বৃদ্ধি পাইছে৷ এইক্ষেত্রত শিশুসকলো পিছপৰি থকা নাই৷ ভাৰতত শিশু বিশেষকৈ পাঁচ বছৰৰ অনূর্ধ্ব শিশুসকলৰ মাজত পর্দা চাই সময় কটোৱাৰ প্রৱণতা ভয়াৱহ ৰূপত বৃদ্ধি হৈছে৷ আনকি পর্দাৰ সৈতে সংপৃক্ত হৈ থকাৰ নির্ধাৰিত সময়ো অতিক্রম কৰিছে৷ নতুন গৱেষণা মতে পাঁচ বছৰৰ অনূর্ধ্ব শিশুৱে বিশেষজ্ঞই নির্ধাৰণ কৰি দিয়া নিৰাপদ সময় অতিক্রম কৰিছে৷ ভাৰতীয় শিশু বিশেষকৈ পাঁচ বছৰ অনূর্ধ্বই প্রতিদিনে ২.২ ঘণ্টা পর্দাৰ সন্মুখত অর্থাৎ পর্দা চাই সময় অতিবাহিত কৰে৷ ই হৈছে বিশেষজ্ঞই নির্ধাৰণ কৰি দিয়া নিৰাপদ সময়ৰ দুগুণ৷ ৰায়পুৰ এইমছৰ গৱেষণাত এই তথ্য পোহৰলৈ আহিছে৷ গৱেষণাত লাভ কৰা অনুসৰি ভাৰতীয় শিশুৱে বিশেষকৈ পাঁচ বছৰৰ অনূর্ধ্বই বিশ্ব স্বাস্থ্য সংস্থা আৰু ইণ্ডিয়ান একাডেমী অৱ পেডিয়ট্রিকছ (আইএপি)–এ নির্ধাৰণ কৰি দিয়া নিৰাপদ সময়ৰ মাত্রা দুগুণ অতিক্রম কৰিছে৷ ভাৰতত ১০ পৃথক অধ্যয়নত মুঠ ২,৮৪৭ শিশুক সাঙুৰি ৰায়পুৰ এইমছে এই গৱেষণা চলাইছে৷ গৱেষণাত ২ বছৰ অনূর্ধ্ব শিশুৱে প্রতিদিনে গড়ে ১.২৩ ঘণ্টা পর্দাৰ সন্মুখত কটোৱা তথ্য লাভ কৰিছে৷ যিটো অতিকে নেতিবাচক, কিয়নো বিশ্ব স্বাস্থ্য সংস্থা আৰু আইএপিয়ে এনে শিশুৰ ক্ষেত্রত নিৰাপদ সময় শূন্য নির্ধাৰণ কৰি দিছে৷ শিশুসকলে পর্দাত ব্যস্ত থকা ক্ষতিকাৰক অভ্যাসেই নহয়, গৱেষণা মতে মাত্রাধিক পর্দাত ব্যস্ত থাকিলে শিশুসকলৰ ভাষা দক্ষতাত বিলম্ব হ’ব পাৰে৷ দুর্বল সামাজিক আচৰণ, মেদবহুলতা বৃদ্ধিৰ বিপদ, টোপনিত ব্যাঘাত আৰু সুস্থিৰতাত সমস্যা আহিব পাৰে৷ দেশত বহুতো পৰিয়ালত খাদ্য সেৱন কৰাৰ সময়ত শিশুসকলক মোবাইল আৰু টেবলেট হাতত তুলি দিয়ে৷ মোবাইল আৰু টেবলেটৰ পর্দাত কিবাকিবি দেখুৱাই খাদ্য খুৱায়৷
তেনেদৰে শিশুটিক ব্যস্ত ৰাখি শান্ত কৰিবলৈ পর্দাৰ আশ্রয় লয়৷ ইয়ে ভালতকৈ অধিক ক্ষতিহে কৰে৷ গৱেষণাত জড়িত চিকিৎসকৰ মতে পৰামর্শক আওকাণ কৰি দেশৰ ৬০ৰ পৰা ৭০ শতাংশ শিশুক পর্দাত অধিক সময় ব্যস্ত ৰখাৰ ফলত শিশুটিৰ শাৰীৰিক আৰু আচৰণমূলক বিষয়ত সমস্যা আহি পৰিছে৷ ঠিক তেনেদৰে পিতৃ–মাতৃয়ে যদি অধিক সময় শিশুৰ সন্মুখত পর্দাত ব্যস্ত থাকে, তেতিয়া শিশুটিৰো তাৰ প্রতি আকর্ষণ বাঢ়ে৷ ৫ বছৰৰ অনূর্ধ্ব শিশুৰ ক্ষেত্রত দেখা দিয়া নেতিবাচক দিশটোৰ পৰা ৰেহাই পাবলৈ গৱেষকৰ দলটোৱে উপায়ো পৰামর্শৰ ৰূপত দাঙি ধৰিছে৷ শিশুক পর্দাৰ প্রতি আসক্তি হ্রাস কৰা আৰু পর্দাত ব্যস্ত ৰখাৰ পৰা আঁতৰত ৰখা আদি সন্দর্ভত ৰায়পুৰ এইমছে পিতৃ–মাতৃলৈ কেইবাটাও পৰামর্শ আগবঢ়াইছে৷ এইমছৰ গৱেষকৰ দলৰ এই ব্যৱহাৰিক ধাৰণাই পিতৃ–মাতৃক উপকৃত কৰিব পাৰে৷ পৰামর্শ অনুসৰি বাসগৃহ প্রযুক্তিমুক্ত কৰি গঢ়িব লাগিব৷ বিশেষকৈ শোৱনি কোঠা অথবা খাদ্য গ্রহণ কৰা স্থানক প্রযুক্তিমুক্ত কৰিব লাগিব৷ সাধাৰণতে এই পৰামর্শ সহজ নহয় যদিও শিশুটিৰ স্বার্থত কৰিব পাৰিলে মংগলজনক৷ শিশুৰ বয়সৰ ওপৰত গুৰুত্ব দি পর্দাত কটোৱা সময় কঠোৰ ৰূপত নিয়ন্ত্রণ কৰিব পাৰিব লাগিব৷ খেলা–ধূলাত সক্রিয় কৰি তোলাৰ প্রয়াস কৰিব লাগিব আৰু প্রতিদিনে শিশুটিক খেলা–ধূলাৰ সৈতে জড়িত কৰাত গুৰুত্ব দিব লাগিব৷ তেনেদৰে খাদ্য গ্রহণৰ সময়ত মোবাইল, টেবলেট আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব৷ শিশুক সন্তুষ্ট কৰিবলৈ পর্দাৰ সহায় নোলোৱাটো ইতিবাচক৷ পিতৃ–মাতৃয়ে শিশুক পাৰিলে ঘৰৰ বাহিৰত বেছি সময় কটোৱাৰ লগতে সামাজিক কার্যকলাপত জড়িত কৰিব পাৰিলে ভাল৷ এনে কৰিলে ডিজিটেল সঁজুলিৰ পৰা আঁতৰাই ৰাখিব পাৰি৷ পর্দাত সময় কটোৱাটো বর্ধিত সমস্যা যদিও ইয়াক সমাধান কৰিব নোৱাৰা নহয়৷ বিশেষজ্ঞৰ মতে, ডিজিটেল সঁজুলি ব্যৱহাৰৰ ক্ষেত্রত অতি দায়বদ্ধ হোৱা উচিত, তেতিয়া শিশুক এই সমস্যাৰ পৰা আঁতৰত ৰাখিব পৰা যাব৷ শিশুৰ সুস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি নির্ধাৰিত নিৰাপদ সময়ক অতিক্রম কৰাকৈ পর্দাত ব্যস্ত ৰাখিব নালাগে, ইয়াৰ বাবে সজাগ-সতর্ক হ’ব লাগিব৷

You might also like