আমেৰিকাত গ্রেপ্তাৰ আপৰ সমর্থক মালহি
🔹 পঞ্জাবৰ মুখ্যমন্ত্রীৰ ঘনিষ্ঠ শিশু পর্ন’গ্রাফীত জড়িত
নিউজ ডেস্ক, ১৮ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রত শিশু পর্ন’গ্রাফী নির্মাণৰ অভিযোগত ভাৰতীয় নাগৰিক এজনক গ্রেপ্তাৰ কৰা হৈছে৷ ধৃত ভাৰতীয় নাগৰিকজন পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ ঘনিষ্ঠ আৰু আপৰ সমর্থক হোৱা বাবে পঞ্জাবত এই ঘটনাই ৰাজনীতি উত্তাল কৰি তুলিছে৷ কংগ্রেছ আৰু বিজেপিয়ে আপক মুখ্যমন্ত্রী মানৰ সৈতে ধৃত আপৰ সমর্থকৰ আলোকচিত্র প্রচাৰ কৰি কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ সামাজিক মাধ্যমত আপৰ বিৰুদ্ধে সৰৱ হৈ আছে কংগ্রেছ আৰু বিজেপি৷
তথ্য মতে, শুকুৰবাৰে শিশু পর্ন’গ্রাফী ৰখাৰ অভিযোগত ভাৰতীয় নাগৰিক গুৰজিৎ সিং মালহি -ক আমেৰিকাত প্রব্রজন আৰু শুল্ক বিভাগে যৌথভাৱে অভিযান চলাই গ্রেপ্তাৰ কৰে৷ শুল্ক বিভাগে প্রকাশ কৰা মতে, ভাৰতীয় নাগৰিক মালহিৰ হাতত শিশু পর্ন’গ্রাফী জব্দ কৰা হৈছে৷ ৱাশ্বিংটনৰ পৰা মালহিক গ্রেপ্তাৰ কৰা হৈছে৷ পর্ন’গ্রাফী নির্মাণৰ অভিযানত মালহিক গ্রেপ্তাৰ কৰাৰ তথ্য প্রকাশ হোৱাৰ পিছতে বিৰোধী দল কংগ্রেছ আৰু বিজেপিয়ে ধৃত মালহিৰ আলোকচিত্র প্রচাৰ কৰিছে৷ এই আলোকচিত্রসমূহত আপৰ মুখ্যমন্ত্রী, বিধানসভাৰ অধ্যক্ষ, বিত্তমন্ত্রীকে ধৰি কেইবাজনো মন্ত্রীৰ ঘনিষ্ঠ হিচাপে মালহিক দেখা গৈছে৷
কংগ্রেছ নেতা সুখপাল সিং খাইৰাই পঞ্জাবৰ মুখ্যমন্ত্রী মানৰ পৰা মালহিৰ গ্রেপ্তাৰক লৈ স্পষ্টীকৰণ বিচাৰিছে৷ শিশু পর্ন’গ্রাফী নির্মাণৰ লেখীয়া জঘন্য অপৰাধৰ সৈতে জড়িত মালহিৰ সৈতে আপৰ কেনেধৰণৰ সম্পর্ক আছে তাক লৈও উত্তৰ বিচাৰিছে কংগ্রেছে৷ এই সন্দর্ভত আপে এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷